ETV Bharat / state

মৃণাল শইকীয়া সন্দৰ্ভত বিষয়ববীয়াৰ সভাত সিদ্ধান্ত লোৱা হ'ব: ভৱেশ কলিতা - lok sabha election results 2024

author img

By ETV Bharat Assamese Team

Published : Jun 5, 2024, 6:00 PM IST

MLA Mrinal Saikia Controversy : নিৰ্বাচনৰ ফলাফল প্ৰকাশৰ দিনাখন খুমটাইৰ বিধায়ক মৃণাল শইকীয়াই ফেচবুকত দিয়া এটা পোষ্ট সন্দৰ্ভত এতিয়া বিজেপিৰ ভিতৰচ'ৰাত তীব্ৰ আলোড়নৰ সৃষ্টি হৈছে । যোৰহাট সমষ্টিৰ পৰা জয়লাভ কৰাৰ পিচত মৃণাল শইকীয়াই গৌৰৱ গগৈক শুভেচ্ছা জনোৱাক লৈয়ে এতিয়া বিজেপিত প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে । আনকি মুখ্যমন্ত্ৰীয়েও এই সন্দৰ্ভত প্ৰতিক্ৰিয়া ব্যক্ত কৰিছে । এইবাৰ বিজেপিৰ ৰাজ্যিক সভাপতি ভৱেশ কলিতাই এই সন্দৰ্ভত নিজৰ প্ৰতিক্ৰিয়া ব্যক্ত কৰিছে ।

MLA Mrinal Saikia Controversy
মৃণাল শইকীয়াৰ ফেচবুক পোষ্ট সন্দৰ্ভত ৰাজ্যিক বিজেপিৰ সভাপতিৰ প্ৰতিক্ৰিয়া (ETV Bharat Assam)

গুৱাহাটী, ৫ জুন : সোমবাৰে লোকসভা নিৰ্বাচনৰ ফলাফল‌ ঘোষণা কৰাৰ পিচতে ৰাজ্যৰ ৰাজনীতিত চৰ্চাৰ মাজলৈ আহিছে এগৰাকী বিধায়ক । চৰ্চিত বিধায়কগৰাকী হৈছে খুমটাই বিধানসভা সমষ্টিৰ বিজেপি বিধায়ক মৃণাল শইকীয়া ।

মৃণাল শইকীয়া সন্দৰ্ভত ভৱেশ কলিতাৰ প্ৰতিক্ৰিয়া (ETV Bharat Assam)

ফলাফল ঘোষণাৰ পিচতে বিধায়কগৰাকীয়ে সামাজিক মাধ্যমত গৌৰৱ গগৈক শুভেচ্ছা জ্ঞাপন কৰি লিখিছিল এটা পোষ্ট । ইয়াৰ পিচতে মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই এই বিষয়ত নিজৰ মন্তব্য আগবঢ়ায় । ইয়াৰ সমান্তৰালভাবে বুধবাৰে ৰাজ্যিক বিজেপিৰ সভাপতি ভৱেশ কলিতায়ো এই সম্পৰ্কত মন্তব্য আগবঢ়ায় ।

সংবাদ মাধ্যমৰ আগত বিজেপিৰ ৰাজ্যিক সভাপতিগৰাকীয়ে কয়, "মৃণাল শইকীয়া সন্দৰ্ভত বিষয়ববীয়াৰ সভাত সিদ্ধান্ত লোৱা হ'ব । মৃণাল শইকীয়াই প্ৰথমে মোদীক শুভেচ্ছা দিব লাগিছিল । আমাৰ নেতা তৃতীয়বাৰৰ বাবে প্ৰধানমন্ত্ৰী হ'বলৈ গৈ আছে । আমাৰ দলৰ আন বিজয়ী প্ৰাৰ্থীসকলক তেওঁ শুভেচ্ছা জনাব লাগিছিল । সেয়াই আমাৰ দলৰ নিয়ম ।"

লগতে পঢ়ক :গৌৰৱ গগৈক প্ৰশংসা কৰি ফেচবুকত পোষ্ট বিধায়ক মৃণাল শইকীয়াৰ ! - Mrinal Saikia Controversial Facebook Post

আনহাতে, মৃণাল শইকীয়াৰ কথাবোৰৰ ক'ৰবাত গ্ৰহণযোগ্যতা আছে নেকি বুলি সোধা এক প্ৰশ্নৰ উত্তৰত সভাপতিগৰাকীয়ে কয় যে এই সকলো কথা সূক্ষ্মভাৱে পৰ্যবেক্ষণ কৰা হ'ব । কেৱল মৃণাল শইকীয়াৰ কথাই নহয়, যোৰহাটত বিজেপি কিয় হাৰিল এই সকলো বিষয়ত আলোচনা হ'ব বুলিও তেওঁ কয় ।

ইফালে মৃণাল শইকীয়াক শ্ব'কজ কৰা হ'ব নেকি বুলি সোধাত ৰাজ্যিক বিজেপিৰ সভাপতিগৰাকীয়ে কয় যে শ্ব'কজেই সকলো সিদ্ধান্ত দিব নোৱাৰে । সেয়েহে মৃণাল শইকীয়াক শ্ব'কজ কৰা হোৱা নাই ।

লগতে পঢ়ক :শাসকীয় বিধায়কৰ সামাজিক মাধ্য়মত বিৰোধীৰ প্ৰশংসা, গৰজি উঠিল মুখ্যমন্ত্ৰী - LOK SABHA ELECTION RESULTS 2024

উল্লেখ্য যে লোকসভা নিৰ্বাচনৰ ভোটগণনা সমাপ্ত হোৱাৰ লগে লগে মঙলবাৰে সন্ধিয়া ৮ বজাত মৃণাল শইকীয়াই সামাজিক মাধ্যমত এটা পোষ্ট দিয়ে । পোষ্টটোত তেওঁ গৌৰৱ গগৈক শুভেচ্ছা জ্ঞাপন কৰি লিখে, "যোৰহাট লোকসভা সমষ্টিত অসাধাৰণ বিজয়ৰ বাবে গৌৰৱ গগৈ ডাঙৰীয়াক বিশেষভাৱে অভিনন্দন । এই ফলাফল কেইবাটাও দিশত বিশেষভাৱে গুৰুত্বপূৰ্ণ আৰু ইয়ে প্ৰমাণ কৰে যে ধন, ডাঙৰ প্ৰচাৰ অভিযান, অতিমাত্ৰাত নেতৃত্ব আৰু দম্ভালিপূৰ্ণ ভাষণে নিৰ্বাচনত জয়ী হোৱাত সদায় সহায় নকৰে । লগতে অসমৰ পৰা নিৰ্বাচিত সকলো প্ৰাৰ্থীকে আন্তৰিক অভিনন্দন তথা শুভেচ্ছা জ্ঞাপন কৰিলো ।"

লোকসভা নিৰ্বাচনৰ ফলাফলৰ অধিক বা-বাতৰিৰ বাবে ক্লিক কৰক :

https://www.etvbharat.com/en/!elections/election-2024

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.