ETV Bharat / state

ক্ষীপ্ৰ গতিত চলিছে লামডিং-শিলচৰ পাহাৰ লাইনৰ কাম - lumding to silchar Train

author img

By ETV Bharat Assamese Team

Published : May 10, 2024, 10:11 AM IST

Train Services Resume : শীঘ্ৰে আৰম্ভ হ’ব লামডিং-শিলচৰ ব্ৰডগজ ৰে'লপথেৰে ৰে'লৰ চলাচল ৷ তীব্ৰ গতিত চলিছে নিৰ্মাণ কাৰ্য ৷

lumding to silchar Train Services Resume shortly
ক্ষীপ্ৰ গতিত চলিছে লামডিং-শিলচৰ পাহাৰ লাইনৰ কাম (ETV Bharat Assam)

ক্ষীপ্ৰ গতিত চলিছে লামডিং-শিলচৰ পাহাৰ লাইনৰ কাম (ETV Bharat Assam)

হাফলং, 10 মে’ : লামডিং-শিলচৰ ব্ৰডগজ ৰে'লপথেৰে শীঘ্ৰে আৰম্ভ হ’ব ৰে'লৰ চলাচল ৷ বিগত 26 এপ্ৰিলৰ দিনা লামডিং-শিলচৰ পাহাৰ লাইনৰ হাৰেংগাঝাও আৰু জাতিংগা লামপুৰ ষ্টেচনৰ মাজৰ 110/7 কিলোমিটাৰ এলেকাত ৰে’ল লাইনৰ তলৰ মাটি বহি যোৱাৰ বাবে এখন মালবাহী ৰে’লৰ চকা লাইনচ্যুত হয় । যাৰ ফলত লামডিং-শিলচৰ পাহাৰ লাইনটোত ৰে’ল চলাচল কিছু পৰিমাণে বিপৰ্যস্ত হৈ পৰিছে ।

পাহাৰ লাইনত এতিয়া যাত্ৰীবাহী ৰে’ল গাড়ী চলাচল কৰিছে যদিও যথেষ্ট কমকৈ কৰিছে । বৰ্তমানেও ৰে’ল চলাচল স্বাভাৱিক হোৱা নাই । পাহাৰ লাইনত ৰে’ল চলাচল স্বাভাৱিক হোৱাৰ ক্ষেত্ৰত আৰু কিছু সময় লাগিব বুলি মন্তব্য কৰে ডি আৰ এম প্ৰেমৰঞ্জন কুমাৰে ।

কুমাৰে কয়, "পাহাৰীয়া এই জিলাখনৰ হাৰেংগাজাও আৰু জাতিংগা অংশত বৰ্তমান মালবাহী ৰে’লৰ চলাচল বন্ধ হৈ আছে । কিন্তু কিছু যাত্ৰীবাহী ৰে’লক পাৰ কৰোৱা হৈছে জাতিংগা লামপুৰ ধচ বিধস্ত এলেকাৰে । লামডিং-শিলচৰ ব্ৰডগজ ৰে’লপথত পুনৰ ৰে’ল পৰিসেৱা সুচল কৰাৰ বাবে সকলোৰে লগত কথা পাতি সমস্যাৰ সমাধান কৰা উচিত ।’’

তেওঁ কয়, ‘‘আজিৰ পৰা মালবাহী ৰে’ল চলাচল আৰম্ভ হৈছে । উত্তৰ-পূব সীমান্ত ৰে’লৰ লামডিং ডিভিচনৰ অধীনত থকা পাহাৰ লাইন কেতিয়া পুনৰ স্বাভাৱিক হ’ব সেই সন্দৰ্ভত ৰে’ল বিভাগ এতিয়াও অনিশ্চিত ।"

ডি আৰ এম প্ৰেমৰঞ্জন কুমাৰে দুৰ্ঘটনা সন্দৰ্ভত কয়, "হাৰেংগাজাও জাতিংগা লামপুৰ ষ্টেচনৰ 110/7 কিলোমিটাৰ অংশত যোৱা 26 এপ্ৰিলৰ দিনা ৰে’ললাইন বহি যোৱাৰ ফলত এখন মালবাহী ৰে’ল দুৰ্ঘটনাগ্ৰস্ত হয় । ইয়াৰ পিচতে ৰেল পৰিসেৱা সম্পূৰ্ণৰূপে বিপৰ্যস্ত হৈ পৰিছে । জাতিংগা লামপুৰ অংশৰ মাটি অত্যন্ত দুৰ্বল আৰু ভূমিস্খলন হোৱাৰ সম্ভাৱনা প্ৰৱল ।’’

তেওঁ আৰু কয়, ‘‘লগতে এই মাটিৰ বহন ক্ষমতা কম । মালবাহী ৰে’লগাড়ীৰ ওজন বেছি, যাৰ বাবে মালবাহী এখন ৰে’লগাড়ী পাৰ হৈ যোৱাৰ পিচতে মাটিৰ বহন ক্ষমতা অধিক হ্ৰাস পায় । বৰ্তমান মালবাহী ৰে’ল চলোৱা নহয় । অধিক যাত্ৰীবাহী ৰেলগাড়ী চলোৱা হ’ব । কিন্তু লাহে-ধীৰে মালবাহী ট্ৰেন চলোৱাৰ কথা চিন্তা কৰা হ’ব ।’’

আনহাতে, ৰে’ল বিভাগৰ কাম কাজক লৈ ক্ষোভ প্ৰকাশ কৰিছে স্থানীয় ৰাইজে ।

লগতে পঢ়ক: লামডিং-শিলচৰ লাইনত দিনৰ ভাগত চলিব যাত্ৰীবাহী ৰে’ল - NF Railway

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.