ETV Bharat / state

লামডিং-শিলচৰ লাইনত দিনৰ ভাগত চলিব যাত্ৰীবাহী ৰে’ল - NF Railway

author img

By ETV Bharat Assamese Team

Published : May 4, 2024, 4:10 PM IST

RAINFALL IN DIMA HASAO
লামডিং-শিলচৰ লাইনত দিনৰ ভাগত চলিব যাত্ৰীবাহী ৰে’ল(ETV BHARAT ASSAM)

9 খন ৰে’লৰ সময় পুনৰ নিৰ্ধাৰণ কৰা হৈছে ৷ বৰষুণ নহ’লে তিনি-চাৰি দিনৰ ভিতৰতে বাতিল হোৱা ৰে’লসমূহ চলোৱা হ’ব ৷ লামডিং ডিভিচনৰ ডি আৰ এম প্ৰেমৰঞ্জন কুমাৰৰ সংবাদমেল ৷

লামডিং ডিভিচনৰ ডি আৰ এম প্ৰেমৰঞ্জন কুমাৰৰ সংবাদমেল (ETV BHARAT ASSAM)

হাফলং, 4 মে’ : লামডিং-শিলচৰ লাইনত দিনৰ ভাগত চলিব যাত্ৰীবাহী ৰে’ল ৷ এই কথা জানিবলৈ দিয়ে লামডিং ডিভিচনৰ ডি আৰ এম প্ৰেমৰঞ্জন কুমাৰে ৷ শনিবাৰে নিউ হাফলং ষ্টেচনত এখন সংবাদমেল সম্বোধন কৰি ডি আৰ এম প্ৰেমৰঞ্জন কুমাৰে কয় যে, 25 এপ্ৰিলত প্ৰচণ্ড বৰষুণৰ বাবে জাতিংগা, লামপুৰ আৰু নিউহাৰেংগাজাও ষ্টেচনৰ মধ্যৱৰ্তী 110/7 কিলোমিটাৰত ৰে’ল লাইন বহি যোৱাৰ ফলত এখন মালবাহী ৰে’লৰ ইঞ্জিন লাইনচ্যুত হয় ৷ ইয়াৰ পিচতে ঘটনাস্থলীত বিভাগীয় কৰ্তৃপক্ষ উপস্থিত হৈ ৰে’ল লাইন মেৰামতি কৰি 2 খন যাত্ৰীবাহী ৰে’ল সফলতাৰে পাৰ কৰোৱা হয় ৷

তেওঁ কয় যে, 26 এপ্ৰিলত উত্তৰ পূব সীমান্ত ৰে’লৱেৰ জেনেৰেল মেনেজাৰ চেতন কুমাৰ শ্ৰীবাস্তব ঘটনাস্থলীত উপস্থিত হয় আৰু তেওঁৰ তত্ত্বাৱধানত ৰে’ল লাইন মেৰামতিৰ কাম চলে ৷ লামডিং ডিভিজনৰ অধীনত কিছু স্থানীয় যাত্ৰীবাহী ৰে’ল বাতিল কৰা হয় ৷ কিন্তু দূৰৱৰ্তী যাত্ৰীবাহী ৰে’ল চলাচল অব্যাহত থাকে ৷ তেওঁ জানিবলৈ দিয়ে যে, এই লাইনত মুঠ 21 খন যাত্ৰীবাহী ৰে’ল চলাচল কৰে ৷ ইয়াৰে বৰ্তমান 17 খন যাত্ৰীবাহী ৰে’ল চলাচল কৰি আছে ৷ চাৰিখন যাত্ৰীবাহী ৰে’লৰ চলাচল বাতিল কৰা হৈছে ৷ এই ৰে’লকেইখন হৈছে 15615/15616 শিলচৰ গুৱাহাটী-শিলচৰ বিশেষ যাত্ৰীবাহী ৰে’ল, 15888/15887 গুৱাহাটী-বদৰপুৰৰ মাজত চলাচল কৰা বিশেষ টুৰিষ্ট ৰে’ল, 15617/15618 গুৱাহাটী-দুল্লভচ’ৰা এক্সপ্ৰেছ আৰু 05638/05638 শিলচৰ-নাহৰলগুন বিশেষ এক্সপ্ৰেছ ৰে’ল ৷

বিষয়াগৰাকীয়ে জানিবলৈ দিয়ে যে, দূৰৱৰ্তী 17 খন ৰে’লৰ 9 খন ৰে’লৰ সময় পুনৰ নিৰ্ধাৰণ কৰা হৈছে আৰু 8 খন ৰে’ল কিছু ষ্টেচনত নিয়ন্ত্ৰণ কৰি ৰখা হৈছে ৷ যাত্ৰী সুৰক্ষাৰ কথা চিন্তা কৰি এটা কনভয়ৰ জৰিয়তে পুৱা 5 বজাৰ পৰা 9 বজালৈকে আৰু বিয়লি 3 বজাৰ পৰা 6 বজালৈকে এই ৰে’ল সমূহ পাৰ কৰোৱা হৈছে ৷ ৰে’ল বিভাগে যাত্ৰী সকলৰ সুৰক্ষাৰ ক্ষেত্ৰত কোনো ধৰণৰ আপোচ নকৰে বুলি জানিবলৈ দি ডি আৰ এমে কয় যে, এই 7 ঘণ্টা যাত্ৰীবাহী ৰে’ল চলোৱা হয় আৰু বাকী সময়ত যুদ্ধকালীন তৎপতাৰে ৰে’ল লাইন মেৰামতিৰ কাম কৰি থকা হৈছে ৷

তেওঁ কয় যে, বৰষুণ নহ’লে তিনি-চাৰি দিনৰ ভিতৰতে এই বাতিল হোৱা ৰে’ল সমূহ চলোৱা হ’ব ৷ কিন্তু যাত্ৰী সকলৰ সুৰক্ষাৰ কথা চিন্তা কৰি দিনৰ ভাগত ৰে’ল সমূহ চলোৱা হ’ব ৷ বৰ্তমান মালবাহী ৰে’ল বন্ধ ৰখা হৈছে, আগন্তুক তিনি-চাৰি দিনৰ ভিতৰতে নিশাৰ সময়ত মালবাহী ৰে’ল চলোৱাৰ চিন্তা কৰা হৈছে বুলি জানিবলৈ দিয়ে ডি আৰ এম প্ৰেমৰঞ্জন কুমাৰে ৷

লগতে পঢ়ক : উন্নয়ন কেৱল নামত হ’ব নে মানুহে প্ৰকৃতাৰ্থত সুবিধাও লাভ কৰিব ? - Poor Railway Services

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.