ETV Bharat / state

উন্নয়ন কেৱল নামত হ’ব নে মানুহে প্ৰকৃতাৰ্থত সুবিধাও লাভ কৰিব ? - Poor railway services

author img

By ETV Bharat Assamese Team

Published : May 4, 2024, 12:16 PM IST

Poor railway services : ব্ৰহ্মপুত্ৰৰ উত্তৰ পাৰে শোচনীয় ৰে’লসেৱাৰ মান । মহাপ্ৰৱন্ধকক স্মাৰক পত্ৰ অসম জাতীয়তাবাদী যুৱ পৰিষদৰ ।

lakhimpur JYP handed over a memorandum to the General Manager to improve the quality of poor railway services
শোচনীয় ৰে’লসেৱা (ETV BHARAT ASSAM)
শোচনীয় ৰে’লসেৱাৰ মান (ETV BHARAT ASSAM)

লখিমপুৰ, ৪ মে’ : চীন-ভাৰত যুদ্ধৰ সময়ত প্ৰতিৰক্ষাৰ খাতিৰত ব্ৰহ্মপুত্ৰৰ উত্তৰ পাৰে নিৰ্মাণ কৰা হৈছিল মিটাৰগজ ৰে’লসেৱা । কেইবাদশক ধৰি মিটাৰগজ ৰে’লসেৱা অব্যাহত থকাৰ পাচত ৰাইজৰ দাবীত এই ৰে’লপথ চোৱা ব্ৰডগজলৈ উন্নত কৰা হয় । পিছে আজিও প্ৰয়োজনীয় আন্তঃগাঁথনি, পৰ্যাপ্ত ৰে’লৰ অভাৱ হৈয়েই থাকিল । যাৰ বাবে অসম জাতীয়তাবাদী যুৱ পৰিষদে উত্তৰ-পূৱ সীমান্ত ৰে’লৱেৰ মহাপ্ৰৱন্ধকক সাক্ষাৎ কৰি স্মাৰক পত্ৰ প্ৰদান কৰি সমস্যা সমাধানৰ দাবী জনায় ।

ব্ৰহ্মপুত্ৰৰ উত্তৰ পৰীয়া ৰে’লসেৱা উন্নত কৰাৰ দাবী । ৰে’লৱে মহাপ্ৰৱন্ধকক স্মাৰক পত্ৰ অসম জাতীয়তাবাদী যুৱ পৰিষদৰ । ১৯৬২ চনত চীন ভাৰত যুদ্ধৰ সময়খিনিত প্ৰতিৰক্ষাৰ খাতিৰত ব্ৰহ্মপুত্ৰৰ উত্তৰ পাৰে মিটাৰগজ ৰে’লসেৱা প্ৰৱৰ্তন কৰা হৈছিল । পৰৱৰ্তী সময়ত দেশৰ অন্যান্য অংশত ৰে’লসেৱাৰ মান উন্নত কৰা হ’ল যদিও ব্ৰহ্মপুত্ৰৰ উত্তৰ পাৰৰ মিটাৰগজ ৰে’লসেৱা কেইবাটাও দশক অব্যাহত থাকিল ।

মান্ধাতা যুগীয়া সেই ৰে’লসেৱাৰ মান উন্নত কৰিবলৈ ৰাইজে কেইবাদশক যুঁজ দিবলগীয়া হ’ল । শেহতীয়াকৈ এই মিটাৰগজ ৰে’লসেৱা ব্ৰডগজলৈ উন্নত কৰা হ’ল যদিও এতিয়াও আন্তঃগাঁথনিৰ উন্নয়ন, পৰ্যাপ্ত ৰে’লসেৱাৰ অভাৱ দূৰ হোৱা নাই । এই লৈ ৰাইজে বাৰম্বাৰ ৰে’ল বিভাগক সেৱাৰ মান উন্নত কৰিবলৈ দাবী জনাই আহিছে ।

শেহতীয়াকৈ অসম জাতীয়তাবাদী যুৱ পৰিষদে তেনে দাবীৰে পুনৰবাৰ ৰে’লৱে মহাপ্ৰৱন্ধকক স্মাৰক পত্ৰ প্ৰদান কৰে । পৰিষদৰ লখিমপুৰ আঞ্চলিক সমিতিৰ সভাপতি মনোজ কলিতা, ভাৰপ্ৰাপ্ত সাধাৰণ সম্পাদক প্ৰবীণ হাজঙে কালি উত্তৰ-পূৱ সীমান্ত ৰে’লৱেৰ মহা প্ৰৱন্ধক চেতন কুমাৰ শ্ৰীবাস্তৱক সাক্ষাৎ কৰি ব্ৰহ্মপুত্ৰৰ উত্তৰ পাৰে ৰে’লসেৱাৰ মান উন্নত কৰিবলৈ এখন স্মাৰক পত্ৰ প্ৰদান কৰে ।

পৰিষদে স্মাৰক পত্ৰখনত উল্লেখ কৰে যে যিটো সময়ত দেশত ভাৰতীয় ৰে’ল বিভাগৰ দ্ৰুত গতিত উন্নয়নৰ কথা কোৱা হৈছে সেই সময়ত কিন্তু ৰে’ল বিভাগৰ পৰা অসমবাসী ৰাইজে যেনেদৰে সা-সুবিধাসমূহ লাভ কৰিব লাগিছিল তেনেধৰণৰ সুবিধাসমূহ লাভ কৰিবলৈ সক্ষম হোৱা নাই । স্মাৰক পত্ৰখনত কেইবাটাও গুৰুত্বপূৰ্ণ দাবী উল্লেখ কৰি সমাধানৰ দাবী জনায় তেওঁলোকে ।

পৰিষদে স্মাৰক পত্ৰখনত উল্লেখ কৰা অনুসৰি লখিমপুৰৰ হাৰমতিৰ পৰা নাহৰলগুণলৈ ৩১.৪ কি.মি. আৰু হাৰমতিৰ পৰা মুৰ্কংচেলেকলৈ ১৮৭.৫ কি.মি. দূৰত্ব ব্যৱধান । আনহাতে নাহৰলগুণৰ পৰা হাৰমতি হৈ গুৱাহাটীলৈ ৩৪৪ কি.মি. দূৰত্বৰ ৰে’লযাত্ৰাৰ বাবে ৰে’লৱে বিভাগে তিনিখন ৰে’লগাড়ী সেৱা ক্ৰমে দঞি পল এক্সপ্ৰেছ, শতাব্দী এক্সপ্ৰেছ আৰু অৰুণাচল এচি এক্সপ্ৰেছৰ সুবিধা প্ৰদান কৰি আহিছে ।

কিন্তু অতি দুখৰ বিষয় যে, মুর্কংচেলেকৰ পৰা হাৰমতি হৈ গুৱাহাটীলৈ যোৱা ৫৩১ কি.মি. দৈঘ্য পথ হোৱাৰ পাচতো ৰে’লৱে বিভাগে কেৱল এখন লাচিত এক্সপ্ৰেছ ৰে’লগাড়ী সেৱাহে প্ৰদান কৰিছে ৷ এনে পক্ষপাতিত্বমূলক আচৰণেৰে ধেমাজি আৰু লখিমপুৰ জিলাৰ ৰাইজক প্ৰকৃত দৈনন্দিন ৰে’লসেৱাৰ পৰা বঞ্চিত কৰি আহিছে । সেয়ে পৰিষদে মূর্কংচেলেকৰ পৰা হাৰমতিহৈ গুৱাহাটী পল্টন বজাৰৰ ৰে’লৱে ষ্টেচনলৈ অতি কমেও দৈনিক দুখনকৈ দ্ৰুত বেগী ৰে’লগাড়ীৰ সেৱা ব্যৱস্থা গ্ৰহণ কৰি ধেমাজি আৰু লখিমপুৰ জিলাৰ লগতে অৰুণাচল প্ৰদেশৰ ৰাইজলৈ ৰে’লসেৱা সুবিধা প্ৰদান কৰাৰ দাবী জনায় ।

ইয়াৰোপৰি বর্তমানে সেৱা আগবঢ়াই থকা মুৰ্কংচেলেকৰ পৰা কামাখ্যা লৈ চলা লাচিত এক্সপ্ৰেছ ৰে’লগাড়ীখনত নতুনকৈ অতি কমেও তিনিটা শীততাপ নিয়ন্ত্ৰিত এচি কোঠা আৰু পাঁচটা বিশেষ শ্ৰেণীৰ শ্লিপাৰ কোঠা সংযোগ কৰি ধেমাজি আৰু লখিমপুৰ জিলাৰ ৰাইজৰ ৰে’লসেৱা সুবিধা প্ৰদান কৰা ৷ ৰে’ল গাড়ীখনত ধেমাজি আৰু গোগামুখৰ ৰে’লৱে ষ্টেচনৰ বাবে আসন সংৰক্ষণৰ সংখ্যা ২০০ লৈ বৃদ্ধি কৰা ৷

শিক্ষা, স্বাস্থ্য আৰু ব্যৱসায়িক দিশৰ লগতে বিভিন্ন কাৰণত সুবিধাৰ বাবে সপ্তাহত কমেও চাৰিদিন লখিমপুৰৰ পৰা দিল্লী সংযোগী ৰে’ল চলাচলৰ সুবিধা প্ৰদান কৰা, নতুন ট্ৰেইন প্ৰচলনৰ লগতে নতুন ষ্ট’পেজ দিয়াৰ বাবে সিদ্ধান্ত গ্ৰহণ কৰা, ষ্টেচনৰ ফুট অভাৰব্ৰীজত দিব্যাংগসকল, বয়সীয়াল লোক, বয়বস্তু লৈ অহা যাত্ৰী আদিৰ সুবিধাৰ স্বাৰ্থত ৰেম্পৰ সুবিধা দিয়া ৷

প্লেটফৰ্মৰ দৈর্ঘ, ৱেটিং ৰূম, খোৱাপানী আদিৰ ওপৰত গুৰুত্ব আৰোপ কৰি উন্নত মানৰ ব্যৱস্থালৈ পৰিৱৰ্তন কৰা, ডেকাৰগাঁও ডিব্ৰুগড় ৰে’ল পুনৰ চলোৱা, ধেমাজি, বিশ্বনাথৰ 20505/506 নম্বৰৰ ৰাজধানী ষ্ট’পেজ দিয়াৰ সিদ্ধান্ত কাৰ্যকৰী কৰা আদি দাবী জনাই অসম জাতীয়তাবাদী যুৱ পৰিষদে স্মাৰক পত্ৰখন প্ৰদান কৰে ।

লগতে পঢ়ক : প্ৰবল বৃষ্টিপাত : বৰাক-ব্ৰহ্মপুত্ৰৰ অনিৰ্দিষ্টকালীন ৰে’ল সেৱা বাতিল - Train Services Suspended

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.