ETV Bharat / state

প্ৰবল বৃষ্টিপাত : বৰাক-ব্ৰহ্মপুত্ৰৰ অনিৰ্দিষ্টকালীন ৰে’ল সেৱা বাতিল - Train services suspended

author img

By ETV Bharat Assamese Team

Published : May 2, 2024, 3:03 PM IST

Etv Bharat
Etv Bharat

যাত্ৰীৰ সুৰক্ষা আৰু প্ৰবল বৃষ্টিপাতৰ প্ৰতি লক্ষ্য ৰাখি উত্তৰ পূৱ সীমান্ত ৰে’লৱে-ই বাতিল কৰিছে কেইবাখনো যাত্ৰীবাহী ৰে’লৰ যাত্ৰা ৷ ৰে’লপথৰ ওপৰেৰে পানী বাগৰাৰ ফলত এই সিদ্ধান্ত গ্ৰহণ কৰে ৰে’ল বিভাগে ৷ বৰষুণৰ সমান্তৰালকৈ ভূমিস্খলনৰ খবৰো পোৱা গৈছে ৷ পিছে কোন স্থানত বাতিল কৰা হৈছে ৰে’ল সেৱা, চাওক এই প্ৰতিবেদনত...

ৰে’ল সেৱা স্থগিত

শিলচৰ, 2 মে’: বিগত দুদিন ধৰি হোৱা প্ৰবল বৃষ্টিপাতৰ বাবে বৰাক উপত্যকাৰ ভালেকেইটা অংশত ভূমিস্খলন সংঘটিত হোৱাৰ খবৰ পোৱা গৈছে ৷ যিয়ে অঞ্চলসমূহৰ মাজত যাতায়াতৰ ক্ষেত্ৰত প্ৰতিবন্ধকতাৰ সৃষ্টি কৰিছে ৷ প্ৰবল বৰষুণে প্ৰভাৱ পেলাইছে ৰে’ল যাত্ৰাতো ৷

আপুনি যদি ৰে’লযোগে বৰাকৰ কোনো ঠাইলৈ যাত্ৰা কৰাৰ কথা ভাবি আছিল, তেন্তে কিছুদিনলৈ আপোনাৰ পৰিকল্পনা স্থগিত কৰক ৷ কিয়নো অনিৰ্দিষ্টকাললৈ ৰে’ল সেৱা বন্ধ হৈ পৰিছে বৰাক-ব্ৰহ্মপুত্ৰৰ মাজত ৷

ভূমিস্খলনৰ সমান্তৰালকৈ বৰষুণৰ পানী ৰে’লপথৰ ওপৰেৰে বাগৰি অহাত ক্ষতিগ্ৰস্ত হৈ পৰিছে ৰে’লপথ সমূহ ৷ সেয়েহে এই পথসমূহত চলিবলগীয়া কেইবাখনো ৰে’লৰ যাত্ৰা বাতিল কৰা হোৱা বুলি ৰে’ল বিভাগে জানিবলৈ দিছে ৷

তথ্য অনুসৰি, নিউ জাতিংগা লামপুৰ আৰু নিউ হাৰেংগাজাওৰ মধ্যৱৰ্তী 110/7 কিল’মিটাৰ অংশৰ ৰে’লপথত পাহাৰৰ পৰা খহি অহা মাটিয়ে আৱদ্ধ কৰি ৰাখিছে ৷ তদুপৰি লামডিং-শিলচৰ সংযোগী 116/117 কিল’মিটাৰ অংশ ৰে’লপথৰ ব্যাপক ক্ষতি হোৱাৰ লগতে পাহাৰীয়া পথটোৰ 14 নম্বৰ টানেলত পানী জমা হয় ৷ যাৰ বাবে সকলো প্ৰকাৰৰ যাত্ৰীবাহী ৰে’লৰ সময়সূচী অনিৰ্দিষ্টকাললৈ স্থগিত কৰিবলগীয়া হৈছে বিভাগে ৷

উল্লেখ্য যে, কিছুদিন পূৰ্বেও লামডিং-শিলচৰ ব্ৰডগজ ৰে’লপথত এখন মালবাহী ৰে'ল লাইনচ্যুত হোৱাৰ বাবে চলাচল অনিৰ্দিষ্টকাললৈ বন্ধ ৰাখিবলগীয়া হৈছিল । হাৰেংগাজাও আৰু জাতিংগা লামপুৰ ষ্টেচনৰ মাজত 110 কিল’মিটাৰ এলেকাত বদৰপুৰৰ পৰা লামডিং অভিমুখে যোৱা এখন মালবাহী ৰে'লৰ ইঞ্জিন লাইনচ্যুত হোৱাৰ ফলতে এই আহুকালৰ সন্মুখীন হৈছিল ৰে’ল যাত্ৰীসকল । উক্ত ঘটনাত আৱদ্ধ হৈ পৰিছিল প্ৰায় চাৰিখনকৈ ৰে’লৰ যাত্ৰী ৷

লগতে পঢ়ক: লামডিং-শিলচৰ ব্ৰডগজ ৰেলপথত ৰে'ল চলাচল ব্যাহত : বহুকেইখন ৰে'লৰ যাত্ৰা বাতিল - Freight Train Derailed

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.