কিৰণ ৰাওৱে জানে দৰ্শকে কি বিচাৰে... - laapataa ladies director Kiron Rao
laapataa ladies director Kiron Rao: শেহতীয়াকৈ বহুলভাৱে চৰ্চাত আছে এখন চিনেমা ‘লাপতা লেডীজ’ ৷ ছবিখনৰ সফলতাৰ পিচত চলচ্চিত্ৰ নিৰ্মাতা কিৰণ ৰাওৱে চলচ্চিত্ৰ নিৰ্মাতাসকলক উদ্দেশ্যি কি ক’লে জানো আহকচোন-

By ETV Bharat Entertainment Team
Published : May 17, 2024 at 10:55 AM IST
চিটাৰা ডেস্ক, 17 মে’ : এতিয়া চাৰিওফালে লাপতা লেডীজ লৈ চৰ্চা ৷ ছ’চিয়েল মিডিয়াত দৰ্শকৰ লগতে সমালোচকৰ পৰাও প্ৰশংসা লাভ কৰিছে ছবিখনে ৷ ছবিখনৰ সফলতাত ছবিখনৰ নিৰ্মাতাৰ পৰা আৰম্ভ কৰি ছবিখনৰ সৈতে জড়িত প্ৰতিজন কলা-কুশলী সুখী ৷ বহুলভাৱে চৰ্চা হোৱাৰ পাচত কিৰণ ৰাওৱে এতিয়া নিৰ্মাতাসকললৈ বুলি এটা পৰামৰ্শ আগবঢ়াইছে ৷
লাপতা লেডীজ ছবিখনত প্ৰতিভা ৰান্তা, নিতাংশী গোয়েল, স্পৰ্শ শ্ৰীবাস্তৱ, ৰবি কিষানে মুখ্য চৰিত্ৰত অভিনয় কৰিছে । ২০২৪ চনৰ ১ মাৰ্চত মুক্তি পাইছিল ছবিখন ।
সাংঘাতিক কিবা এটা ছবিখনত দৰ্শকৰ হৃদয় চুই যাব পৰাকৈ ৷ সম্পূৰ্ণ গাঁৱলীয়া পৰিৱেশৰ মাজত দৰ্শক বিলীন হৈ যাব পৰাকৈ নিৰ্মাণ কৰা হৈছে ছবিখন ৷ ছবিখনৰ কাহিনী, চিত্ৰনাট্য, সংলাপ সকলো সাধাৰণ মানুহে সহজতে বুজিব পৰাকৈ নিৰ্মাণ কৰা হৈছে ৷ তেনেই সাধাৰণৰূপত দৰ্শকৰ ওচৰলৈ এটা যোগাত্মক বাৰ্তা প্ৰেৰণ কৰিলে কিৰণ ৰাওৱে ৷
নিৰ্মাতালৈ কিৰণ ৰাওৰ উপদেশ
শেহতীয়াকৈ এটা অনুষ্ঠানত ভাষণ দি কিৰণ ৰাওৱে কয়, ‘‘মই সদায় অনুভৱ কৰো যে কিছুমান ছবি আছে যিয়ে ভাল প্ৰদৰ্শন কৰে আৰু কিছুমান ছবিয়ে ভাল প্ৰদৰ্শন নকৰে । এটা ভাল কাহিনী থকাৰ উপৰিও দৰ্শকৰ হৃদয় চুই যোৱা কিবা এটাও নিৰ্মাতাই সৃষ্টি কৰিব লাগিব । ৰাওৰ মতে ভাল কাহিনী সেইটো যাৰ সৈতে আপুনি সংযোগ স্থাপন কৰিব পাৰে, যি বিষয়ত কথা পাতিবলৈ আপোনাৰ মন যায় ৷ অৰ্থাৎ প্ৰথমে চিনেমাখন আপুনি ভাল পাব লাগিব ৷’’
দৰ্শক সন্দৰ্ভত কিৰণে কয়, ‘‘মানুহৰ হাতত এতিয়া বহু বিকল্প আছে, তেওঁলোকৰ বাবে বিভিন্ন ধৰণৰ কন্টেন্ট লাভ কৰাটো সহজ হৈ পৰিছে । এজন চলচ্চিত্ৰ নিৰ্মাতা হিচাপে মই অনুভৱ কৰো যে আপুনি আপোনাৰ পেছাৰ শীৰ্ষত থকাটো প্ৰয়োজন । যদি আপুনি ভাল আৰু আকৰ্ষণীয় কাহিনী সৃষ্টি কৰে, তেতিয়া আপুনি এজন ভাল গল্পকাৰ হ’ব পাৰিব । লাগিলে আপুনি OTT প্লেটফৰ্মৰ বাবে কাম কৰক বা ছবি নিৰ্মাণেই কৰক ।’’
প্ৰাক্তন স্বামী আমিৰ খানক প্ৰশংসা
আমিৰ খানক "লাপতা লেডীজ"ৰ বাবে প্ৰশংসা কৰি ৰাওৱে কয়, "আমিৰ খানৰ দৰে চলচ্চিত্ৰ নিৰ্মাতাইহে এনে এখন ছবি নিৰ্মাণ কৰিব পাৰে ।" চলচ্চিত্ৰখনৰ কাষ্টিং সম্পৰ্কে কথা পাতি ৰাওৱে কয়, "আমিৰে উপলব্ধি কৰিছিল যে এই ছবিখনে সাধাৰণ অভিনেতাসকলৰ সৈতে সৰ্বশ্ৰেষ্ঠ কাম কৰিব । খুব কম সংখ্যক প্ৰযোজকেহে এইটো উপলব্ধি কৰিব আৰু আপোনাক তেনে ধৰণৰ সমৰ্থন দিব । আমিৰ হৈছে সেইজন ব্যক্তি যিয়ে এই কাহিনীটো বিচাৰি পাইছিল, তেওঁৰ অবিহনে চিনেমাখন নিৰ্মাণ কৰিব পৰা নগ’লহেঁতেন ।"
লগতে পঢ়ক : আলিয়া ভাটৰ লগতে মেট গালা ২০২৪ ত উপস্থিত হ’ল ‘লাপাতা লেডিজ’ৰ এইগৰাকী অভিনেত্ৰী - Met Gala 2024

