ETV Bharat / entertainment

আলিয়া ভাটৰ লগতে মেট গালা ২০২৪ ত উপস্থিত হ’ল ‘লাপাতা লেডিজ’ৰ এইগৰাকী অভিনেত্ৰী - Met Gala 2024

author img

By ETV Bharat Assamese Team

Published : May 8, 2024, 12:37 PM IST

Met Gala 2024: বিশ্বৰ সৰ্ববৃহৎ ফেশ্বন ইভেণ্ট মেট গালা ২০২৪ ইতিমধ্যে আৰম্ভ হৈছে । ইয়াৰ মাজতে বগা শাৰী পিন্ধি ভাৰতক প্ৰতিনিধিত্ব কৰে আলিয়া ভাটে । সকলোৱে তেওঁৰ লুকৰ প্ৰশংসা কৰিছে । কিন্তু আপুনি জানেনে যে, মেট গালা ২০২৪ ত ভাৰতক প্ৰতিনিধিত্ব কৰা আলিয়া ভাটেই একমাত্ৰ অভিনেত্ৰী নাছিল । ‘লাপাতা লেডিজ’ এইগৰাকী অভিনেত্ৰীয়েও তেওঁৰ সৈতে মেট গালা অনুষ্ঠানত উপস্থিত হয় । কিন্তু ইয়াত আছে এটা টুইষ্ট ।

After Alia Bhatt, this 'Laapataa Ladies' actress reached Met Gala 2024. Know the truth of the photo
আলিয়া ভাটৰ লগতে মেট গালা ২০২৪ত উপস্থিত হ’ল ‘লাপাতা লেডিজ’ৰ এইগৰাকী অভিনেত্ৰী (SOURCE: INSTAGRAM)

চিটাৰা ডেস্ক, 8 মে’: ৮ মে’ ৰ পৰা আৰম্ভ হৈছে মেট গালা ২০২৪ ইভেণ্ট ৷ ইয়াৰ মাজতে বিখ্যাত চেলিব্ৰিটি ডিজাইনাৰ সব্যসাচীয়ে ডিজাইন কৰা শাৰী পিন্ধি আহি উপস্থিত হয় আলিয়া ভাট ৷ তেওঁৰ বহু ফটো ইতিমধ্যে ইনষ্টাগ্ৰামত শ্বেয়াৰ কৰিছে ৷ ইনষ্টাগ্ৰামত অনুষ্ঠানৰ ফটো শ্বেয়াৰ কৰাৰ সময়ত আলিয়া ভাটেও এই শাৰীখনৰ বিশেষত্বৰ কথা কয় ৷

অনুষ্ঠানৰ পিছৰে পৰা তেওঁৰ ছবি ছ’চিয়েল মিডিয়াত ট্ৰেণ্ডিং হৈ পৰিছে ৷ এতিয়ালৈকে সকলোৰে ধাৰণা আছিল যে আলিয়া ভাট ভাৰতৰ পৰা অকলে মেট গালাত উপস্থিত হৈছে ৷ পিছে এতিয়া ‘লাপাতা লেডিজৰ’ অভিনেত্ৰী নিতাঞ্চী গোয়লৰ ফটোও পোহৰলৈ আহিছে যদিও এই ফটোখন সম্পাদিত ৷

বহুতে লিখিছে যে ‘লাপাতা লেডিজ’ ছবিৰে বলীউডত অভিষেক ঘটোৱা নিতাঞ্চী গোয়লেও মেট গালা ২০২৪ ত অংশ লৈছিল ৷ কিন্তু তেওঁ দৰাচলতে সেই স্থানত স্বয়ং উপস্থিত হোৱা নাছিল, বৰঞ্চ তেওঁক লৈহে যোৱা হৈছিল ৷

দৰাচলতে আমিৰ খান প্ৰডাকচনে ইনষ্টাগ্ৰামত মেট গালা ২০২৪ ত নিতাঞ্চী গোয়লৰ এখন সম্পাদিত ফটো শ্বেয়াৰ কৰিছে ৷ ইয়াৰ অৰ্থ হৈছে নিতাঞ্চী সেই স্থানলৈ যোৱা নাছিল, ফটোশ্বপৰ জৰিয়তে নিতাঞ্চীক তালৈ লৈ যোৱা হৈছিল ৷ ফটোখন শ্বেয়াৰ কৰাৰ সময়ত লিখা আছিল, “Our Phool blossoming in the garden of time 🌼” ছবিখনত নিতাঞ্চী গোয়লৰ চৰিত্ৰটোৰ নাম ফুল আৰু মেট গালা ২০২৪ৰ থিম আছিল গাৰ্ডেন অৱ টাইম ৷

“তাত হেৰাই নাযাবা ফুল ”

নিতাঞ্চী গোয়লৰ বয়স ১৭ বছৰ ৷ লাপাতা লেডিজত তেওঁৰ অভিনয়ৰ দৰ্শকে অতিশয় শলাগ লৈছে ৷ মেট গালাৰ সম্পাদিত ফটোখনত যদি অভিনেত্ৰীগৰাকীৰ লুকৰ কথা যদি ক’বলৈ যোৱা হয়, তেন্তে তেওঁ সাধাৰণ ৰঙা শাৰী এখনৰ সৈতে একে ৰঙৰ চাদৰ এখন লৈ ফুৰিছিল আৰু ৰঙা বিন্দীৰ সৈতে প্ৰতিখন হাতত ৰঙা খাৰু পিন্ধি লুকটো সম্পূৰ্ণ কৰিছিল ৷

এই লুকটোও যেন তেওঁৰ চলচ্চিত্ৰ চৰিত্ৰৰ লগত মিলি গৈছিল ৷ তেওঁৰ ফটো দেখাৰ পিছত এতিয়া মানুহে বহুত কমেণ্ট কৰিছে ৷ এজন ব্যৱহাৰকাৰীয়ে লিখিছে, "তাত হেৰাই নাযাবা ফুল", আন এজনে লিখিছে, 'আমি আপোনাক লৈ গৌৰৱান্বিত, আমাৰ ফুল' ৷

এনেদৰে নিজৰ চৰিত্ৰৰ বাবে চলাইছিল প্ৰস্তুতি

লাপাতা লেডিজত নিতাঞ্চী গোয়লে ‘ফুল’ নামৰ এগৰাকী কইনাৰ চৰিত্ৰত অভিনয় কৰিছিল, যিগৰাকী নিৰুদ্দেশ হৈ যায় ৷ এটা সাক্ষাৎকাৰত নিজৰ চৰিত্ৰৰ কথা উল্লেখ কৰোঁতে তেওঁ ইয়াৰ বাবে কেনেকৈ প্ৰস্তুতি চলাইছিল সেই কথা বিৱৰি কয় ৷ নিতাঞ্চীয়ে কৈছিল, “মই ‘ছুই ধাগা’, ‘বালিকা ভাধু’ আৰু বহু ভোজপুৰী মহিলাৰ ভিডিঅ’ চাইছিলো যে তাত থকা মহিলাবোৰে কেনেকুৱা, কাৰণ ছবিখনৰ কাহিনী ২০০১ চনৰ আৰু মোৰ জন্ম ২০০৭ চনত ৷ সেইবাবেই সেই যুগ মই কেতিয়াও দেখা নাছিলোঁ ৷ মই বিচাৰিছিলো দৰ্শকে মোৰ শৰীৰৰ অংগী-ভংগীৰ দ্বাৰা সেই পৰিৱেশক অনুভৱ কৰক”৷

লগতে পঢ়ক: মাতৃৰ সৈতে কামাখ্যা দৰ্শন বলীউডৰ অভিনেত্ৰী শিল্পা ছেট্টীৰ - Shilpa Shetty

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.