ETV Bharat / entertainment

মাতৃৰ সৈতে কামাখ্যা দৰ্শন বলীউডৰ অভিনেত্ৰী শিল্পা ছেট্টীৰ - Shilpa Shetty

author img

By ETV Bharat Assamese Team

Published : May 8, 2024, 10:19 AM IST

Updated : May 8, 2024, 11:37 AM IST

Shilpa Shetty visits Kamakhya temple : গুৱাহাটীত উপস্থিত বলীউডৰ অভিনেত্ৰী শিল্পা ছেট্টী । মাতৃৰ সৈতে কামাখ্যা মন্দিৰ দৰ্শন কৰে অভিনেত্ৰীগৰাকীয়ে ।

Shilpa Shetty visits Kamakhya temple
মাতৃৰ সৈতে কামাখ্যা দৰ্শন বলীউডৰ অভিনেত্ৰী শিল্পা ছেট্টীৰ (Shilpa shettry instagram)

গুৱাহাটী, 8 মে’ : বলীউডৰ আইকন শিল্পা ছেট্টীয়ে তেওঁৰ মাতৃ সুনন্দা ছেট্টীৰ সৈতে সোমবাৰে উপস্থিত হয় গুৱাহাটীত ৷ গুৱাহাটীত উপস্থিত হৈয়ে মাতৃৰ সৈতে কামাখ্যা মন্দিৰ দৰ্শন কৰাৰ পৰিকল্পনা কৰে অভিনেত্ৰীগৰাকীয়ে । শক্তিপীঠ মা কামাখ্যা ধামত উপস্থিত হৈ দেৱীমাৰ শ্ৰীচৰণত পূজা, হৱন যজ্ঞ আৰু কুমাৰী পূজা সম্পন্ন কৰে বলীউডৰ মোহময়ী অভিনেত্ৰী গৰাকীয়ে ৷

দেওবাৰে মাতৃৰ সৈতে গুৱাহাটীত উপস্থিত হয় অভিনেত্ৰীগৰাকী । দেওবাৰে নিশাটো গুৱাহাটীতে কটাই সোমবাৰে পুৱা শক্তিপীঠ দৰ্শন কৰে বলীউডৰ অভিনেত্ৰী গৰাকীয়ে ।

শক্তিপীঠ কামাখ্যাত মন্দিৰ দৰ্শনৰ বাবে প্ৰতিদিনে দেশ-বিদেশৰ হাজাৰ হাজাৰ ভক্তৰ সমাগম হয় । ইয়াৰ পূৰ্বেও অনন্ত আম্বানী, উৰ্বশী ৰৌতেলাকে ধৰি বহুকেইগৰাকী জনপ্ৰিয় তাৰকাই দৰ্শন কৰে কামাখ্যা মন্দিৰ ৷ মা কামাখ্যাৰ চৰণত আশীষ লৈ অসমৰ নৈসৰ্গিক পৰিৱেশ উপভোগ কৰি ৰাজ্যখনৰ প্ৰশংসাত পঞ্চমুখ হৈ পৰিছিল বহুকেইগৰাকী তাৰকা ৷

কামাখ্যা মন্দিৰ

কামাখ্যা মন্দিৰ হৈছে অসমৰ গুৱাহাটীৰ নীলাচল পাহাৰত অৱস্থিত হিন্দু ধৰ্মৰ এক প্ৰাচীন মন্দিৰ । ভাৰতৰ 51 খন দেৱীপীঠৰ মাজৰ অন্যতম গুৰুত্বপূৰ্ণ পীঠ এই কামাখ্যা মন্দিৰ ৷ নীলাচল পাহাৰৰ বুকুত অৱস্থিত কামাখ্যা দেৱীৰ এই মন্দিৰক অসমৰ সবাতোকৈ প্ৰসিদ্ধ আৰু প্ৰাচীন মন্দিৰ বুলি পৰিগণিত কৰা হয় ।

প্ৰাচীন কালৰে পৰাই অসমৰ ইতিহাসৰ ৰাজনৈতিক আৰু ধাৰ্মিক দুয়ো দিশতে শক্তি উপাসনাৰ কেন্দ্ৰস্থল ৰূপে পৰিগণিত হৈ আহিছে মা কামাখ্যা শক্তিপীঠ ৷ প্ৰবাদ অনুসৰি নৰকাসুৰ আৰু ইতিহাস অনুসৰি কোঁচ নৃপতি মহাৰাজ বিশ্বসিংহ, তেওঁৰ পুত্ৰ নৰনাৰায়ণ আৰু চিলাৰায়ে এই মন্দিৰটো নিৰ্মাণ কৰাইছিল । মন্দিৰটোৰ শেষৰ অংশ (নৃত্য-মণ্ডপ) আহোম স্বৰ্গদেউ ৰাজেশ্বৰ সিংহৰ দিনত সংযোজন কৰা হয় । উল্লেখ্য যে, বুৰঞ্জীত লিপিবদ্ধ থকা মেখেল উজোৱা খটখটীও এই নীলাচলৰ বুকুতে আছে ৷

লগতে পঢ়ক: শক্তিপীঠ কামাখ্যা ধাম দৰ্শন অনন্ত আম্বানীৰ - ANANT AMBANI IN KAMAKHYA TEMPLE

Last Updated : May 8, 2024, 11:37 AM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.