শক্তিপীঠ কামাখ্যা ধাম দৰ্শন অনন্ত আম্বানীৰ - ANANT AMBANI IN KAMAKHYA TEMPLE

By ETV Bharat Assamese Team

Published : Apr 16, 2024, 5:27 PM IST

thumbnail

গুৱাহাটী, ১৬ এপ্ৰিল: নীলাচল পাহাৰত উপস্থিত অনন্ত আম্বানী । গুৱাহাটীত উপস্থিত হৈয়েই মঙলবাৰে মা কামাখ্যাৰ আশীষ বিচাৰি কামাখ্যা ধামত উপস্থিত হয় অনন্ত আম্বানী । মা কামাখ্যা মন্দিৰত বিশেষ পূজা আগবঢ়াই অনন্ত আম্বানীয়ে । প্ৰাক বিবাহ অনুষ্ঠানৰ পিচত প্ৰথমবাৰৰ বাবে কামাখ্যা ধামত উপস্থিত হয় মুকেশ আম্বানীৰ কণিষ্ঠ পুত্ৰ অনন্তই ৷ কটকটীয়া নিৰাপত্তা বেষ্টনীৰ মাজত দেৱী দর্শন কৰে অনন্তই । কামাখ্যা মন্দিৰ চৌহদত কেইবাটাও ছাগলী এৰি দিয়াৰ লগতে পাৰ চৰাই এৰি দিয়ে অনন্তই । 

মঙলবাৰে পুৱাই লোকপ্ৰিয় গোপীনাথ বৰদলৈ বিমান বন্দৰত উপস্থিত হৈ তাৰ পৰা পোনে পোনে মা কামাখ্যা মন্দিৰলৈ যায় অনন্ত ৷ উল্লেখ্য যে শক্তিপীঠ কামাখ্যাত মন্দিৰ দৰ্শনৰ বাবে প্ৰতিদিনে দেশ বিদেশৰ হাজাৰ হাজাৰ ভক্তৰ সমাগম হয় । বিগত সময়ত মা কামাখ্যা মন্দিৰত তাৰকাসকল উপস্থিত হৈ মা কামাখ্যাক পূজা-অৰ্চনা কৰা পৰিলক্ষিত হয় ।

লগতে পঢ়ক: আম্বানীৰ অনুষ্ঠানৰ শ্বাহৰুখ, ছলমান, আমিৰে সঁচাকৈয়ে ধন লৈছিল নে ? আঁৰৰ সত্যতা জানি লওক

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.