ETV Bharat / entertainment

আম্বানীৰ অনুষ্ঠানৰ শ্বাহৰুখ, ছলমান, আমিৰে সঁচাকৈয়ে ধন লৈছিল নে ? আঁৰৰ সত্যতা জানি লওক

author img

By ETV Bharat Assamese Team

Published : Mar 7, 2024, 2:09 PM IST

Did Shah Rukh, Salman and Aamir take crores of rupees from Ambani's programme? know the truth
আম্বানীৰ অনুষ্ঠানৰ বাবে তিনি খানে কিমান ধন লৈছিল

Anant-Radhika Pre Wedding: অনন্ত আৰু ৰাধিকাৰ প্ৰি-ৱেডিঙত অংশগ্ৰহণ কৰিবলৈ শ্বাহৰুখ, ছলমান আৰু আমিৰে কিমান টকা লৈছিল ? বিগত কিছুদিন ধৰি এই প্ৰশ্ন ছ’চিয়েল মিডিয়াত উত্থাপন কৰিছে নেটিজেনে ৷ গতিকে এই প্ৰতিবেদনত জানো আহক এই প্ৰশ্নৰ উত্তৰ ৷

চিটাৰা ডেস্ক, ৭ মাৰ্চ: অনন্ত আম্বানী আৰু ৰাধিকা মাৰ্চেণ্টৰ প্ৰি-ৱেডিং অনুষ্ঠানৰ বিষয়ে দেশজুৰি চৰ্চা চলিছে ৷ কেৱল ভাৰতৰ পৰাই নহয় বিদেশৰ পৰাও বহু জনপ্ৰিয় ব্যক্তিয়ে এই অনুষ্ঠানত অংশগ্ৰহণ কৰিছিল । বলীউডৰ পৰা হলিউডলৈকে তাৰকাসকলে অনন্ত-ৰাধিকাৰ প্ৰি-ৱেডিং অনুষ্ঠানত সংগীত আৰু নৃত্য পৰিৱেশন কৰে । আন্তঃৰাষ্ট্ৰীয় পপ গায়িকা ৰিহানাই প্ৰি-ৱেডিং অনুষ্ঠানত গীত পৰিৱেশনৰ বাবে ৫২ কোটি টকা লোৱা বুলি খবৰ ওলাইছিল । এনে পৰিস্থিতিত সমগ্ৰ দেশেই জানিব বিচাৰে যে বলীউড উদ্যোগটোৰ তিনি খানে প্ৰি-ৱেডিঙত অংশগ্ৰহণ কৰিবলৈ কিমান ধন লৈছিল ৷

আম্বানীৰ অনুষ্ঠানত তিনি খানে কিমান কোটি টকা লৈছিল ?

ছ’চিয়েল মিডিয়াত বহু দাবী উত্থাপন হৈছিল যে তিনি খানক আম্বানীৰ পাৰ্টিত অনুষ্ঠান পৰিৱেশন কৰিবলৈ বিপুল পৰিমাণৰ ধন দিয়া হৈছিল । কিন্তু আজি আমি এই খবৰৰ আঁৰৰ সত্য জনাম, যিটো শুনি হয়তো আপুনি আচৰিত হৈ পৰিব ৷

সত্য কি ?

আচলতে তিনি খানে অনন্ত আম্বানী আৰু ৰাধিকা মাৰ্চেণ্টৰ প্ৰি-ৱেডিঙত অংশগ্ৰহণ কৰিবলৈ এটকাও লোৱা নাছিল । টাইমছ নাওৰ প্ৰতিবেদন অনুসৰি আমিৰ খান, ছলমান খান, শ্বাহৰুখ খানে তেওঁলোকৰ নৃত্য প্ৰদৰ্শনৰ বাবে এটকাও লোৱা নাছিল । সূত্ৰৰ পৰা জানিব পৰা মতে, টকা লোৱাৰ খবৰটো মিছা । এনে খবৰ বিয়পোৱাৰ উদ্দেশ্য এটাই, সেয়া হৈছে মানুহৰ দৃষ্টি আকৰ্ষণ কৰা ।

নাটু নাটুত গীতত নৃত্য পৰিৱেশন কৰিছিল

শ্বাহৰুখ, ছলমান আৰু আমিৰে তেওঁলোকৰ নৃত্যৰে দৰ্শকক মোহিত কৰিছিল । উদ্যোগটোৰ তিনি খানক একেলগে দেখি অনুৰাগীসকলো আনন্দিত হৈ পৰিছিল । এই সুযোগ অনুৰাগীৰ বাবে কোনো উপহাৰতকৈ কম নাছিল । উল্লেখ্য যে, আৰ আৰ আৰৰ ছুপাৰহিট গীত ‘নাটু নাটু’ত তিনিগৰাকী খানে জোৰদাৰ নৃত্য আগবঢ়াইছিল । পিচত তিনিওজনে ছবিখনৰ নায়ক ৰাম চৰণক মঞ্চত মাতিছিল আৰু তেওঁৰ সৈতেও নাচিছিল ।

লগতে পঢ়ক: ছ’চিয়েল মিডিয়াৰ পৰা আঁতৰি থকাৰ কাৰণ প্ৰকাশ কৰিলে জয়া বচ্চনে

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.