ETV Bharat / entertainment

ছ’চিয়েল মিডিয়াৰ পৰা আঁতৰি থকাৰ কাৰণ প্ৰকাশ কৰিলে জয়া বচ্চনে

Jaya Bachchan On Social Media: জয়া বচ্চনে নাতিনীয়েক নব্য নভেলী নন্দৰ শ্ব’ত প্ৰকাশ কৰে ছ’চিয়েল মিডিয়াত সক্ৰিয় হৈ নথকাৰ কাৰণ ৷

Why does Jaya Bachchan stay away from social media? here is the reason
ছ’চিয়েল মিডিয়াৰ পৰা আঁতৰি থকাৰ কাৰণ প্ৰকাশ কৰিলে জয়া বচ্চনে
author img

By ETV Bharat Assamese Team

Published : March 7, 2024 at 12:03 PM IST

2 Min Read
Choose ETV Bharat

চিটাৰা ডেস্ক, ৭ মাৰ্চ: জয়া বচ্চনৰ বাহিৰে বচ্চন পৰিয়ালৰ প্ৰতিগৰাকী সদস্য ছ’চিয়েল মিডিয়াত অতি সক্ৰিয় । কিন্তু ছ’চিয়েল মিডিয়াৰ পৰা দূৰত্ব বজাই ৰাখে জয়া বচ্চনে । অৱশ্যে ছ’চিয়েল মিডিয়াৰ পৰা দূৰত্ব বজাই ৰাখিলেও অভিনেত্ৰীগৰাকীৰ বক্তব্যৰ বাবেই প্ৰায়ে বাতৰিৰ শিৰোনামত থাকে । অভিনেত্ৰীগৰাকীয়ে কোনো কথা কোৱাৰ আগতে নাভাবে, যাৰ বাবে কেতিয়াবা যদি প্ৰশংসিত হয়, আন কেতিয়াবা আকৌ ব্যাপক ট্ৰ’লৰ সন্মুখীনো হয় ৷ এতিয়া জয়া বচ্চনে প্ৰকাশ কৰিছে ছ’চিয়েল মিডিয়াত নথকাৰ কাৰণ। এই কথা তেওঁৰ নাতিনীয়েক নব্য নভেলী নন্দৰ শ্ব’ত প্ৰকাশ কৰিছে । নব্যৰ এই শ্ব’টোত জয়া বচ্চন, কন্যা শ্বেতা বচ্চন আৰু নাতিনীয়েক নব্যই বহু বিষয়ত মুকলিকৈ মতামত প্ৰকাশ কৰা দেখা যায় ।

নব্যৰ প’ডকাষ্ট শ্ব' What the Hell Navya ৰ এটা নতুন খণ্ড অতি শীঘ্ৰেই মুক্তি পাব । এতিয়া শ্ব’টোৰ প্ৰ’ম’ প্ৰকাশ পাইছে ৷ য’ত জয়া বচ্চনে ছ’চিয়েল মিডিয়াৰ কথা কোৱা দেখা গৈছে । জয়া বচ্চনে ক’লে, ‘‘আমাৰ বিষয়ে পৃথিৱীয়ে সকলো জানে । গতিকে ইনষ্টাগ্ৰামত নতুনকৈ শ্বেয়াৰ কৰাৰ কোনো প্ৰয়োজন নাই ।’’

টেকন’লজিৰ কথা কওঁতে জয়া বচ্চনে কয়, ‘‘সৰুতে আমি ফোন বুক কৰিব লগা হৈছিল । দুই প্ৰকাৰৰ ফোন আহিছিল । এটা সাধাৰণ আৰু আনটো জৰুৰীকালীন । যদি প্ৰেমিকৰ লগত কথা পতাৰ প্ৰয়োজন হৈছিল তেন্তে সেয়া আছিল জৰুৰীকালীন ফোন ।’’

ইয়াৰ পাচত শ্বেতাই ইণ্টাৰনেটৰ বিষয়ে কয়, ‘‘আমি যেতিয়া ডাঙৰ হ’বলৈ ধৰিছিলো তেতিয়া ইণ্টাৰনেট ব্যৱস্থা থাকিব লাগিছিল, কাৰণ ইয়াৰ দ্বাৰা হোমৱৰ্ক আৰু অন্যান্য কামবোৰ সহজ হৈ পৰিলহেঁতেন ।’’

ভিডিঅ’টোত নব্যৰ সৈতে ধেমালি কৰি শ্বেতা বচ্চনে ক’লে, ‘‘নব্য, তুমি ইণ্টাৰনেটত সকলো শ্বেয়াৰ কৰা, মই এই ফুলটো মূৰত পিন্ধিছো ।’’ এই কথা শুনি নব্যই থতমত খাই কয়,‘‘মই কেতিয়া মূৰত ফুল লগাইছিলো ?’’

লগতে পঢ়ক: আল্লু অৰ্জুনৰ পুষ্পা-২ত দেখা যাব বলীউডৰ এইগৰাকী ছুপাৰষ্টাৰক