চিকিৎসকৰ পৰামৰ্শ অবিহনে ওজন কম কৰা ঔষধ গ্ৰহণ কৰে নেকি ? - Weight Loss
Weight Loss Medicines: কম সময়ৰ ভিতৰতে ওজন কমাবলৈ উপকাৰী বুলি দাবী কৰা বহুতো বড়ি সম্প্ৰতি বজাৰত উপলব্ধ । ইয়াৰে কিছুমান ফলপ্ৰসূ । কিন্তু বিশেষজ্ঞসকলৰ মতে, ওজন কমাবলৈ বজাৰত উপলব্ধ বেছিভাগ ঔষধেই কেৱল সাময়িক প্ৰভাৱহে দেখুৱায় । অৰ্থাৎ ইয়াৰ ব্যৱহাৰ বন্ধ কৰাৰ পিচত পুনৰ ওজন বাঢ়িবলৈ আৰম্ভ কৰে । একে সময়তে সেই ঔষধবোৰৰ বেছিভাগেই সকলোৰে বাবে নিৰাপদ নহ’বও পাৰে ৷ কাৰণ ইয়াৰ ফলত স্বাস্থ্যৰ ওপৰত বহুতো নেতিবাচক প্ৰভাৱে দেখা দিয়ে । আজি এইবিষয়ে মুম্বাইৰ খাদ্য বিশেষজ্ঞ তথা পুষ্টিবিদ ৰুশ্বেল জৰ্জৰ পৰা জানো আহক-

Published : June 12, 2024 at 10:15 AM IST
|Updated : June 12, 2024 at 10:41 AM IST
বিশেষ প্ৰতিবেদন, 12 জুন: অতিৰিক্ত ওজন সমগ্ৰ বিশ্বতে এটা ডাঙৰ সমস্যা বুলি গণ্য কৰা হয় ৷ কাৰণ ইয়াৰ ফলত বহু ধৰণৰ স্বাস্থ্যজনিত সমস্যা আৰু ৰোগৰ সৃষ্টি হ’ব পাৰে ৷ শাৰীৰিক সৌন্দৰ্য হ্ৰাসৰো ই এক অন্যতম কাৰণ ৷ সেইবাবেই স্বাস্থ্য আৰু সৌন্দৰ্যৰ প্ৰতি অধিক সক্ৰিয় আৰু সচেতন লোকসকলে বিভিন্ন ধৰণেৰে ওজন কমাবলৈ চেষ্টা কৰে ৷
বৰ্তমানৰ ব্যস্ত জীৱনত বহুলোকে আন প্ৰতিটো কামৰ দৰে ওজন কমাবলৈ সহজ আৰু ক্ষীপ্ৰ সমাধান বিচাৰে ৷ ওজন কমাব পৰা বড়িৰ প্ৰতি এনে লোকৰ মাজত সহজ আকৰ্ষণ দেখা যায় ৷ যাক সেৱন কৰিলে কোনো কষ্ট নকৰাকৈ কম সময়ৰ ভিতৰতে ওজন কমাব পাৰি ৷

কিন্তু চিকিৎসকে এই ঔষধসমূহ প্ৰেছক্ৰিপচন অবিহনে ব্যৱহাৰ নকৰিবলৈ পৰামৰ্শ দিয়ে ৷ কাৰণ ইয়াৰে কিছুমানৰ পাৰ্শ্বক্ৰিয়া থাকে ৷ একে সময়তে শৰীৰৰ আন কিছুমান গুৰুত্বপূৰ্ণ কামত এই ঔষধৰ প্ৰভাৱৰ বাবে কিছু স্বাস্থ্যজনিত সমস্যা বৃদ্ধি হোৱাৰ আশংকাই দেখা দিব পাৰে ৷
বড়িয়ে কেৱল সাময়িক উপশম দিয়ে:
মুম্বাইৰ খাদ্য বিশেষজ্ঞ তথা পুষ্টিবিদ ৰুশ্বেল জৰ্জে কয় যে, শেহতীয়া বিজ্ঞাপন আৰু ছ’চিয়েল মিডিয়াৰ ধাৰাসমূহৰ বাবে মানুহৰ মাজত ওজন কমাব পৰা বড়িৰ প্ৰতি কৌতুহল বৃদ্ধি পাইছে ৷ যদিও ওজন কমাবলৈ সহায়ক বড়ি বহুদিনৰ পৰা বজাৰত আছে আৰু বিদেশতো ইয়াৰ ব্যৱহাৰ প্ৰচলিত, কিন্তু ভাৰতত ৰাইজৰ মাজত ইয়াৰ বিষয়ে বিশেষ তথ্য নাছিল ৷
তেওঁ কৈছে যে, ওজন কমাব পৰা বড়িয়ে ভোক কমোৱা, বিপাকীয় ক্ৰিয়া বৃদ্ধি আৰু চৰ্বী হ্ৰাসত সহায় কৰে ৷ এই বড়িবোৰ সেৱন কৰাটো সহজ আৰু নিয়মীয়া ব্যায়াম বা ডায়েটিং কৰাৰো প্ৰয়োজন নাই ৷ যিসকল লোকৰ হাতত সময় কম, তেওঁলোকৰ বাবে ই উপযোগী হ’ব পাৰে ৷ কিন্তু ইহঁতৰ প্ৰভাৱ বেছিভাগেই সাময়িক ৷ যদি এই ঔষধবোৰ গ্ৰহণ কৰাৰ সময়ত জীৱনশৈলীৰ পৰিৱৰ্তন অৰ্থাৎ খাদ্যভ্যাস, ব্যায়াম আৰু অন্যান্য বিষয়ৰ যত্ন লোৱা নহয়, তেন্তে হঠাৎ ঔষধ বন্ধ কৰাৰ পিচত পুনৰ ওজন বৃদ্ধি হ’বলৈ আৰম্ভ কৰে ৷
লগতে পঢ়ক: খোজকঢ়া বনাম চিৰি বগোৱা - ওজন হ্ৰাস কৰাৰ বাবে কোনটো ভাল বিকল্প ! - Walking Vs Climbing Stairs
পাৰ্শ্বক্ৰিয়া
তেওঁ কয় যে, ওজন কমাব পৰা বড়িবোৰ দ্ৰুত আৰু সহজ সমাধান যেন লাগিব পাৰে ৷ কিন্তু ইয়াৰ পাৰ্শ্বক্ৰিয়া আছে । ওজন কমাবলৈ ব্যৱহাৰ কৰা ঔষধৰ পাৰ্শ্বক্ৰিয়া, ঔষধৰ প্ৰকাৰ আৰু ঔষধৰ কামৰ ধৰণৰ ওপৰত নিৰ্ভৰ কৰি ভিন ভিন হ’ব পাৰে ।

বিশেষকৈ কিছুমান স্বাস্থ্যজনিত অৱস্থাত ইয়াৰ ব্যৱহাৰে আপোনাৰ গুৰুতৰ ক্ষতি কৰিব পাৰে । ইয়াৰ বাহিৰেও এই বড়িবোৰ দীৰ্ঘদিন ধৰি সেৱন কৰিলে শৰীৰৰ চৰ্বী শোষণ ক্ষমতাত প্ৰভাৱ পৰিবলৈ আৰম্ভ কৰে, যাৰ ফলত শৰীৰত পুষ্টিকৰ উপাদান বিশেষকৈ ভিটামিনৰ অভাৱ ঘটিব পাৰে ।
বিভিন্ন ধৰণৰ ওজন কমাব পৰা ঔষধত ব্যৱহৃত উপাদান বা নিমখৰ প্ৰভাৱৰ ওপৰত নিৰ্ভৰ কৰি ইয়াৰ অবিৰত বা দীৰ্ঘদিন ব্যৱহাৰৰ ফলত বিভিন্ন পাৰ্শ্বক্ৰিয়া বা সমস্যাৰ সৃষ্টি হ’ব পাৰে । যেনে: হৃদস্পন্দন বৃদ্ধি, উচ্চ ৰক্তচাপ বৃদ্ধি, অনিদ্ৰা, অস্থিৰতা, কম হিম’গ্লবিন, ড্ৰাগছৰ ব্যৱহাৰজনিত সমস্যা, পেশীৰ দুৰ্বলতা, ছাল আৰু চুলিৰ সমস্যা, মূৰৰ বিষ, মুখ শুকান পৰা, মূৰ ঘূৰোৱা, বমি ভাৱ, কোষ্ঠকাঠিন্য আৰু অন্যান্য মলৰ সমস্যা, পেট পকোৱাৰ সমস্যা আৰু কিছুমান এলাৰ্জীৰ দৰে সমস্যাই দেখা দিব পাৰে ।
চিকিৎসকৰ পৰামৰ্শৰ প্ৰয়োজন
তেওঁ কয় যে, বহুতে বিজ্ঞাপনৰ দ্বাৰা প্ৰভাৱিত হৈ প্ৰয়োজনীয় তথ্য গ্ৰহণ নকৰাকৈয়ে এই বড়িবোৰ খাবলৈ আৰম্ভ কৰে, যিটো একেবাৰে ভুল কাম । চিকিৎসকৰ পৰামৰ্শ আৰু নিৰ্দেশনা অবিহনে এই বড়ি সেৱন কৰিলে কম-বেছি পৰিমাণে গুৰুতৰ স্বাস্থ্যজনিত সমস্যাৰ সৃষ্টি হ’ব পাৰে ।

একে সময়তে আমি চিকিৎসকৰ পৰামৰ্শ লওঁতে আমাৰ শৰীৰৰ অৱস্থা, ঔষধৰ প্ৰয়োজনীয়তা, যিকোনো ৰোগৰ সম্ভাৱনা আৰু বিশেষ উপাদানৰ প্ৰতি শৰীৰৰ সংবেদনশীলতা পৰীক্ষা কৰাৰ পিচতহে চিকিৎসকে কোনো ঔষধ প্ৰেছক্ৰাইব কৰে । এনে পৰিস্থিতিত ইয়াৰ দ্বাৰা সৃষ্টি হোৱা সমস্যাৰ আশংকা কমি যায় ।
ৰুশ্বেল জৰ্জে কয় যে, ওজন কমোৱাতো এটা দীঘলীয়া প্ৰক্ৰিয়া ৷ বেছিভাগ ক্ষেত্ৰতে যিকোনো অস্ত্ৰোপচাৰবিহীন শ্ব’ৰ্টকাট দীৰ্ঘম্যাদীভাৱে ফলপ্ৰসূ নহয় । ওজন কমাবলৈ আটাইতকৈ আদৰ্শ উপায় হ’ল স্বাস্থ্যসন্মত খাদ্য, নিয়মীয়া ব্যায়াম আৰু ইতিবাচক জীৱনশৈলী গ্ৰহণ কৰা । যিটোৱে ওজন কমাবলৈ আটাইতকৈ নিৰাপদ আৰু ফলপ্ৰসূ উপায় ।
লগতে পঢ়ক: মাখনৰ দৰে গলিব চৰ্বি : খাদ্য তালিকাত অন্তৰ্ভুক্ত কৰক এই ১০বিধ খাদ্য - Weight Loss

