ETV Bharat / entertainment

আল্লু অৰ্জুনৰ পুষ্পা-২ত দেখা যাব বলীউডৰ এইগৰাকী ছুপাৰষ্টাৰক

author img

By ETV Bharat Assamese Team

Published : Mar 6, 2024, 6:01 PM IST

Pushpa 2: আল্লু অৰ্জুনৰ পুষ্পা ২ শীঘ্ৰে মুক্তি পাব । ছবিখন মুক্তিৰ পূৰ্বেই এতিয়া এটা ডাঙৰ খবৰ আহিছে ৷ দৰাচলতে এইবাৰ ছবিখনত এগৰাকী বলীউডৰ তাৰকাকো দেখা যাব ।

Sanjay Dutt to do cameo role in Pushpa 2: The Rule
পুষ্পা ২ত দেখা যাব বলীউডৰ এইগৰাকী অভিনেতাক

চিটাৰা ডেস্ক, ৬ মাৰ্চ: অনুৰাগীয়ে আগ্ৰহেৰে অপেক্ষা কৰি আছে আল্লু অৰ্জুনৰ ছবি পুষ্পা ২ ৰ বাবে । ছবিখনৰ প্ৰথম খণ্ডটো ইমানেই হিট হৈছিল যে এতিয়া সকলোৱে ইয়াৰ দ্বিতীয় খণ্ডৰ বাবে অপেক্ষা কৰি আছে । ছবিখনত আল্লু অৰ্জুনৰ সৈতে মুখ্য চৰিত্ৰত দেখা যাব ৰশ্মিকা মন্দন্নাক । ইয়াৰ মাজতে এতিয়া ছবিখনৰ সন্দৰ্ভত আহিছে এটা নতুন খবৰ ৷ কোৱা হৈছে যে এই ছবিখনত এইবাৰ দেখা যাব বলীউডৰ এগৰাকী ছুপাৰষ্টাৰক । ছবিখনত বলীউডৰ এই তাৰকাগৰাকীক অন্তৰ্ভুক্ত কৰাৰ পৰিকল্পনা কৰিছে নিৰ্মাতাই । সেই তাৰকাগৰাকী আন কোনো নহয় বলীউডৰ সঞ্জু বাবা ৷ হয়, সঞ্জয় দত্তক পুষ্পা ২ ত দেখা যাব ।

সংবাদ মাধ্যমৰ প্ৰতিবেদন অনুসৰি পুষ্পা ২ ত কেমিঅ’ চৰিত্ৰত দেখা যাব সঞ্জয় দত্তক । প্ৰতিবেদন অনুসৰি সঞ্জয় দত্তৰ চৰিত্ৰটো এজন প্ৰভাৱশালী ব্যক্তিৰ চৰিত্ৰ হ’ব । যিয়ে কাহিনীভাগত এটা নতুন স্তৰ যোগ কৰিব । অৱশ্যে সঞ্জয় দত্তৰ চৰিত্ৰ সন্দৰ্ভত এতিয়াও কোনো আনুষ্ঠানিক তথ্য দিয়া নাই নিৰ্মাতাই ।

মনোজ বাজপেয়ীৰ কাষ চাপিছিল নিৰ্মাতা ?

এমাহ পূৰ্বে ইটাইমছৰ প্ৰতিবেদন অনুসৰি পুষ্পাৰ পৰিচালক সুকুমাৰে ছবিখনত বলীউডৰ এজন ডাঙৰ তাৰকাক অন্তৰ্ভুক্ত কৰাৰ সিদ্ধান্ত লৈছিল । এই প্ৰতিবেদনৰ পিচত কোৱা হৈছিল যে পুষ্পা ২ৰ বাবে মনোজ বাজপেয়ীৰ সৈতে যোগাযোগ কৰা হৈছে । কিন্তু পিচত মনোজ বাজপেয়ীয়ে নিজেই এই খবৰটো ভুল বুলি ঘোষণা কৰিছিল ।

উল্লেখ্য যে, ২০২১ চনত মুক্তি পাইছিল পুষ্পা দ্য ৰাইজ । এই ছবিখন ৰচনা কৰিছে পৰিচালক সুকুমাৰে । এই ছবিখন ব্লকবাষ্টাৰ বুলি প্ৰমাণিত হৈছিল আৰু বক্স অফিচত বহুদিন চলিছিল । এতিয়া ইয়াৰ দ্বিতীয় খণ্ডৰ প্ৰস্তুতি চলি আছে । পুষ্পা ২ৰ মুক্তিৰ তাৰিখো প্ৰকাশ পাইছে । এই ছবিখন ২০২৪ চনৰ ১৫ আগষ্টত মুক্তি পাব ।

ছবিখনৰ পৰা ভাইৰেল হৈ পৰিছে আল্লু অৰ্জুনৰ লুক

পুষ্পা ২ৰ পৰা আল্লু অৰ্জুনৰ লুক প্ৰকাশ পাইছে । ফটোখনত তেওঁক শাৰী পিন্ধা দেখা গৈছিল ৷ পুষ্পা ২ৰ পৰা ফাহাধ ফাছিলৰ লুকো প্ৰকাশ পাইছে । এতিয়া অনুৰাগীয়ে অপেক্ষা কৰি আছে ৰশ্মিকা মন্দন্নাৰ লুকলৈ । অনুৰাগীয়ে চাব বিচাৰে ছবিখনত ৰশ্মিকাক কেনেকুৱা দেখা যাব ।

লগতে পঢ়ক: হত্যাৰ ৰহস্য ফাদিল কৰিব পংকজ ত্ৰিপাঠীয়ে, মাৰ্ডাৰ মুবাৰকৰ ট্ৰেইলাৰ মুকলি

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.