ETV Bharat / entertainment

হত্যাৰ ৰহস্য ফাদিল কৰিব পংকজ ত্ৰিপাঠীয়ে, মাৰ্ডাৰ মুবাৰকৰ ট্ৰেইলাৰ মুকলি

author img

By ETV Bharat Assamese Team

Published : Mar 5, 2024, 5:48 PM IST

Murder Mubarak Trailer Out: মুক্তি লাভ কৰিছে Murder Mubarak ৰ ট্ৰেইলাৰ । ট্ৰেইলাৰত দেখা গৈছে ছাচপেন্স, থ্ৰিলাৰ আৰু কমেডীৰ সংমিশ্ৰণ ।

Murder Mubarak Trailer: Pankaj Tripathi Grills Murder Suspects Sara, Vijay, Others in Quirky Tale
মাৰ্ডাৰ মুবাৰকৰ ট্ৰেইলাৰ মুকলি

চিটাৰা ডেস্ক, ৫ মাৰ্চ: মুক্তি পালে নেটফ্লিক্সৰ নতুন ছবি ‘মাৰ্ডাৰ মুবাৰক’ৰ ট্ৰেইলাৰ । এই ছবিখনত অভিনয় কৰিছে কৰিশ্মা কাপুৰ, ছাৰা আলী খান, ডিম্পল কাপাডিয়া, বিজয় বৰ্মা আৰু পংকজ ত্ৰিপাঠীয়ে ৷ বহুদিনৰ মূৰত এই ছবিখনৰ জৰিয়তে পুনৰ অভিনয় কৰা দেখা যাব অভিনেত্ৰী কৰিশ্মা কাপুৰক । এই ছবিখনত দৰ্শকে পাব ছাচপেন্স-থ্ৰিলাৰৰ লগতে হাস্যৰস ৷

  • " class="align-text-top noRightClick twitterSection" data="">

আজি মুকলি হ’ল ট্ৰেইলাৰ

ট্ৰেইলাৰৰ আৰম্ভণি হয় দিল্লীৰ এটা ক্লাবৰ পৰা । এই ক্লাবত ধনী মানুহে পাৰ্টি কৰে । এই সময়ছোৱাত এটা ৰহস্যজনক হত্যাকাণ্ড সংঘটিত হয় । হত্যাকাণ্ডৰ তদন্ত এচিপি ভৱনী সিঙক দিয়া হয় । ভৱানী সিঙে সকলোকে নিজৰ নিজৰ শৈলীত জেৰা কৰি হত্যাৰ ৰহস্য ফাদিল কৰিবলৈ চেষ্টা কৰে । ছবিখনৰ ট্ৰেইলাৰত ছাচপেন্স আৰু থ্ৰিলাৰ দুয়োটা দেখা গৈছে, লগতে কমেডীৰ স্পৰ্শও দেখা গৈছে ।

ছবিখনত বহু প্ৰতিভাৱান অভিনেতা-অভিনেত্ৰীয়ে অভিনয় কৰিছে ৷ ছবিখনত অভিনয় কৰিছে ছাৰা আলী খান, ডিম্পল কাপাড়িয়া, কৰিশ্মা কাপুৰ, বিজয় বৰ্মা, সঞ্জয় কাপুৰ, টিস্কা চোপ্ৰা আৰু পংকজ ত্ৰিপাঠিৰ দৰে ডাঙৰ তাৰকাই । পংকজ ত্ৰিপাঠীয়ে আৰক্ষী বিষয়া ভৱনী সিঙৰ চৰিত্ৰত অভিনয় কৰিছে । মাৰ্ডাৰ মুবাৰক ছবিখন পৰিচালনা কৰিছে হোমী আদাজানিয়াৰে ।

কেতিয়া মুক্তি পাব ?

২০২৪ চনৰ ১৫ মাৰ্চত অ’টিটি প্লেটফৰ্ম নেটফ্লিক্সত মুক্তি পাব মাৰ্ডাৰ মুবাৰক । অনুজা চৌহানৰ ক্লাব ইউ টু ডেথ নামৰ গ্ৰন্থখনৰ আধাৰত নিৰ্মিত মাৰ্ডাৰ মুবাৰক ছবিখন । দীৰ্ঘদিন ধৰি ছবিজগতৰ পৰা আতৰি থকা কৰিশ্মা কাপুৰ মাৰ্ডাৰ মুবাৰকৰ সৈতে পুনৰ উভতি আহিছে । ছবিখনত ছাৰা আলী খানক দক্ষিণ দিল্লীৰ এগৰাকী ছোৱালীৰ চৰিত্ৰত দেখা যাব ।

লগতে পঢ়ক: দ্য কেৰালা ষ্ট’ৰীৰ পিচত এইবাৰ অদা শৰ্মাই লৈ আহিছে বস্তৰ-দ্য নক্সাল ষ্ট’ৰী

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.