অত্যাৱশ্যকীয় সামগ্ৰীৰ আকাশলংঘী দাম বৃদ্ধিৰ বিৰুদ্ধে সৰুপথাৰত আছুৰ প্ৰতিক্ৰিয়া - Price Hike In Assam

By ETV Bharat Assamese Team

Published : May 16, 2024, 9:11 PM IST

thumbnail
মূল্যবৃদ্ধিক লৈ প্ৰতিক্ৰিয়া (ETV Bharat Assam)

সৰুপথাৰ,১৬ মে': লোকসভা নিৰ্বাচন সমাপ্তিৰ দিশে আগবঢ়াৰ পিছতেই ৰাজ্যত অত্যাৱশ্যকীয় সামগ্ৰীৰ দাম বৃদ্ধি হৈছে । দৈনন্দিন ব্যৱহৃত সামগ্ৰীসমূহৰ দাম বৃদ্ধিয়ে কোঙা কৰিছে সৰ্বসাধাৰণ জনতাক । আলু, পিয়াঁজ, নহৰু, কণীকে ধৰি প্ৰায়বোৰ অত্যাৱশ্যকীয় সামগ্ৰীৰ দাম বৃদ্ধিয়ে চিন্তিত কৰিছে সৰ্বসাধাৰণক । নিৰ্বাচনৰ পূৰ্বে জীৱনদায়িনী ঔষধৰ দাম বৃদ্ধিয়ে তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছিল । ঔষধৰ দাম বৃদ্ধিয়ে জনসাধাৰণক মাধমাৰ শোধাইছিল ।  

যাক লৈ দল-সংগঠনৰ লগতে জনসাধাৰণে প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছিল । সামাজিক মাধ্যমতো চৰ্চিত হৈছিল যে চিকিৎসকেও ঔষধৰ নাম লিখিবলৈ কুণ্ঠাবোধ কৰিছিল । পুনৰ নিৰ্বাচন সমাপ্ত হোৱাৰ পিছতেই নিত্য ব্যৱহাৰ্য সামগ্ৰীৰ দাম বৃদ্ধিৰ ফলত ৰাজ্যত প্ৰতিবাদ সাব্যস্ত কৰিছে সংগঠনসমূহে । নিৰ্বাচনৰ ফলাফলৰ পিছত পেট্ৰ’ল, ডিজেলকে ধৰি ৰন্ধন গেছকে ধৰি অন্যান্য সামগ্ৰীৰ আকাশলংঘী দাম বৃদ্ধিৰ আশংকা কৰিছে দল-সংগঠনসমূহে । যাক লৈ প্ৰতিক্ৰিয়া প্ৰকাশ কৰে সৰুপথাৰ ছাত্ৰ সন্থাৰ সম্পাদকগৰাকীয়ে ।

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.