ETV Bharat / state

বজাৰত মূল্যবৃদ্ধিৰ জুই; যোগান বিভাগত তলা লগাবলৈ চৰকাৰক আহ্বান আছুৰ সভাপতিৰ - Price hike in Assam

author img

By ETV Bharat Assamese Team

Published : May 15, 2024, 8:43 PM IST

Widespread price hike: মূল্যবৃদ্ধিত জুৰুলা ৰাজ্যৰ জনতা । খাদ্য সামগ্ৰীৰ পৰা জীৱনদায়িনী ঔষধলৈকে অবাধ হাৰত হোৱা মূল্যবৃদ্ধিয়ে বিপাঙত পেলাইছে ৰাইজক । মূল্যবৃদ্ধি প্ৰসংগত প্ৰতিক্ৰিয়া প্ৰকাশ কৰে আছুৰ সভাপতি উৎপল শৰ্মাৰ লগতে কেবাগৰাকীও সাধাৰণ নাগৰিকে ।

People of Guwahati and AASU President reaction on price hike
মূল্যবৃদ্ধিত জুৰুলা ৰাজ্যৰ জনতা (ETV Bharat Assam)

মূল্যবৃদ্ধি সন্দৰ্ভত প্ৰতিক্ৰিয়া (ETV Bharat Assam)

গুৱাহাটী,১৫ মে': আকাশলংঘী মূল্যবৃদ্ধিয়ে জুৰুলা কৰিছে ৰাজ্যবাসীক । বজাৰত অত্যাৱশ্যকীয় সামগ্ৰীৰ দাম শুনি মূৰে-কঁপালে হাত দিছে সাধাৰণ জনতাই । পাইকাৰী বজাৰতকৈ খুচুৰা বজাৰত দুগুণ বৃদ্ধি পাইছে খাদ্যসামগ্ৰীৰ মূল্য । শাক-পাচলি, আলু-পিয়াঁজৰ সমান্তৰালকৈ বৃদ্ধি পাইছে মাংস, কণীৰো মূল্য । একাংশৰ আকৌ অভিযোগ নিৰ্বাচন পাছতে বৃদ্ধি হৈছে খাদ্য সামগ্রীৰ মূল্য । মূল্যবৃদ্ধিৰ ফলত বিপদ পৰিছে গৃহিনীসকলো ।

নিৰ্বাচনৰ পূৰ্বে প্ৰতি প্লেট কণীৰ মূল্য আছিল ১৫০টকা, আৰু এতিয়া প্ৰতি প্লেট কণীৰ মূল্য ২০০-২১০ টকা । প্ৰতিটো কণীৰ মূল্য ২ টকাকৈ বৃদ্ধি হৈছে । আনহাতে নিৰ্বাচনৰ পিছত গোটা ব্ৰয়লাৰ দাম হৈছে ১৬০-১৮০ টকা আৰু কটা ব্ৰয়লাৰ দাম ৩০০ টকালৈ বৃদ্ধি পাইছে । ঠিক তেনেদৰে বৃদ্ধি হৈছে আলু-পিয়াঁজৰ মূল্য । প্ৰতি কিলো আলু-পিয়াঁজৰ মূল্য বৃদ্ধি পাইছে ৫-৭ টকালৈ ।

মূল্যবৃদ্ধি সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ কৰে সদৌ অসম ছাত্ৰ সন্থাৰ সভাপতি উৎপল শৰ্মাই । চৰকাৰক তীব্ৰ সমালোচনা কৰি মূল্যবৃদ্ধি ৰোধ কৰিব নোৱাৰিলে যোগান বিভাগত তলা মাৰি থ'ব লাগে বুলি কটাক্ষ কৰে আছুৰ কেন্দ্ৰীয় সভাপতিগৰাকীয়ে । আঁচনি দিয়াৰ প্ৰলোভন, লাখপতি বনোৱাৰ প্ৰলোভন দিয়াৰ সময়ত চৰকাৰে মূল্যবৃদ্ধি ৰোধৰ কথা নাভাবিলে বুলি তেওঁ উল্লেখ কৰে ।

লগতে সভাপতি শৰ্মাই কয়, ‘‘নিৰ্বাচন শেষ হোৱাৰ পিছতে চৰকাৰে মূল্যবৃদ্ধি কৰি ৰাইজক ৰাম টাঙোন শোধাইছে । খাদ্য সামগ্ৰী, জীৱনদায়িনী ঔষধ, স্মাৰ্ট মিটাৰ তথা ইন্ধনজাত সামগ্ৰীৰ মূল্যবৃদ্ধি কৰি ৰাইজক টেটু চেঁপা দিছে ।’’ তেওঁ আৰু কয়, "চৰকাৰৰ ইমানেই বেয়া দিন আহি পৰিছে যে, ৰাজহ আদায় কৰিবলৈ সুৰা বিক্ৰী কৰিবলগীয়া হৈছে ।"

লগতে পঢ়ক: নিত্য ব্যৱহাৰ্য সামগ্ৰীৰ মূল্যবৃদ্ধিৰ বিৰুদ্ধে ৰাজ্য়জুৰি আছুৰ বিক্ষোভ - AASU Protest Against Price Hike

অ’ চৰকাৰ আৰু কিমান জলা-কলা খুৱাব... আপৰ মৌন প্ৰতিবাদ - Medicine Price Hike

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.