পথ দুৰ্ঘটনাত নিহত কিশোৰী; তীব্ৰবেগী বাইক চালকৰ বিৰুদ্ধে ৰাইজৰ ক্ষোভ - protest over teenage girl death

By ETV Bharat Assamese Team

Published : May 16, 2024, 9:31 PM IST

Updated : May 16, 2024, 9:36 PM IST

thumbnail
পথ দুৰ্ঘটনাত কিশোৰীৰ মৃত্যুক লৈ উত্তপ্ত পৰিস্থিতি (ETV BHARAT ASSAM)

মৰাণ, 16 মে’ : পৰিবহন বিভাগে পথ দুৰ্ঘটনা ৰোধ কৰাৰ বাবে বিভিন্ন কাৰ্যসূচী গ্ৰহণ কৰিছে যদিও একাংশ উদণ্ড চালকৰ বাবে ৰাজ্যত প্ৰতিদিনে সংঘটিত হৈ আছে পথ দুৰ্ঘটনা । বৃহস্পতিবাৰে তেনে এক পথ দুৰ্ঘটনাত এগৰাকী কিশোৰীৰ মৃত্যুক লৈ উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হৈছে লাহোৱালৰ মোকালবাৰী চাহ বাগিচাত । পথ দুৰ্ঘটনাত এগৰাকী কিশোৰীৰ মৃত্যুক লৈ শতাধিক চাহ শ্ৰমিকে উলাই আহি অৱৰোধ কৰিলে পথ । 

ঘটনা অনুসৰি 15 মে’ৰ সন্ধিয়া মোকালবাৰী চাহ বাগিচাৰ নতুন লাইনত দুগৰাকী কিশোৰীৰ দোকানৰ পৰা ঘৰলৈ আহি থকা অৱস্থাত তীব্ৰবেগী এখন মটৰচাইকেলে মহতিয়াই লৈ যায় । ঘটনা সংঘটিত কৰা মটৰচাইকেলৰ সৈতে আৰোহীজন বাগৰি পৰে । 

স্থানীয় ৰাইজে মটৰচাইকেল আৰোহীকজনক প্ৰাথমিক চিকিৎসা কৰি যাবলৈ সুবিধা কৰি দিছিল যদিও মটৰচাইকেল আৰোহীজনে ৰাইজক কিশোৰী গৰাকীক খুন্দা মৰা কথা নজনালে । মটৰচাইকেল আৰোহীজন গুচি যোৱাৰ পাচতহে অঞ্চলটোৰ ৰাইজে গম পাই যে মটৰচাইকেলৰ খুন্দাত এগৰাকী কিশোৰীৰ মৃত্যু হৈছে ৷ ইয়াৰ পাচতেই ক্ষোভিত হৈ পৰে বাগিচাৰ ৰাইজ । 

ইয়াৰ পিচতেই বৃহস্পতিবাৰে দুৰ্ঘটনাক কেন্দ্ৰ কৰি উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হয় লাহোৱালৰ মোকালবাৰী চাহ বাগিচাত । পৰৱৰ্তী সময়ত স্থানীয় আৰক্ষী প্ৰশাসনে এই ঘটনাৰ উচ্চ তদন্তৰ আশ্বাস প্ৰদান কৰিছে যদিও ক্ষোভ কমা নাই ৰাইজৰ ।

লগতে পঢ়ক: লামডিং-শিলচৰ ৰে’ল পথেৰে পুনৰ আৰম্ভ যাত্ৰীবাহী ৰে’লৰ চলাচল - TRAIN SERVICES RESUME

Last Updated : May 16, 2024, 9:36 PM IST

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.