নামবৰ দৈগ্ৰোং বনাঞ্চলত মৃত্যুৰে যুঁজিছে গজৰাজে

By

Published : Feb 3, 2022, 11:07 AM IST

thumbnail

নামবৰ দৈগ্ৰোং বনাঞ্চল(Nambor Doigrung Wildlife Sanctuary)ৰ অটব্য অৰণ্যৰ মাজত মৃত্যুৰে যুঁজিছে এটা প্ৰকাণ্ড দঁতাল হাতীয়ে ৷ 39 নং ৰাষ্ট্ৰীয় ঘাইপথৰ পৰা প্ৰায় 18 কিলোমিটাৰ অৰণ্যৰ মাজত ডিহাইট্ৰেছন (Dehydration) আৰু আভ্যন্তৰীণ আঘাতৰ ফলত মৃত্যুৰ সৈতে যুঁজিছে হাতীটোৱে(Elephant Fight To Survive at Golaghat) । বন বিভাগ, চিকিৎসক আৰু এটা সাংবাদিকৰ দলৰ সন্ধানত উদ্ধাৰ হয় অসুস্থ হাতীটো । মানুহ দেখিলেই চোঁচা লৈ অহা প্ৰকাণ্ড হাতীটোৱে মৃত্যুৰ সৈতে যুঁজি মাটি ঢলি পৰা দৃশ্যই চকু সেমেকাই তুলিছে সকলোৰে । বিশ বছৰীয়া প্ৰকাণ্ড হাতীটোক চিকিৎসকৰ দলটোৱে বেজি, চেলাইন আদি দি চিকিৎসা প্ৰদান কৰি আছে ।

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.