পলাশবাৰীৰ ঐতিহাসিক গোপাল মন্দিৰত চুৰিকাণ্ড - Theft Incident In Palasbari

By ETV Bharat Assamese Team

Published : May 29, 2024, 2:15 PM IST

thumbnail
ঐতিহাসিক ধৰ্মীয় মঠ-মন্দিৰ (ETV BHARAT ASSAM)

মিৰ্জা, ২৯ মে': এইবাৰ চোৰৰ লক্ষ্য় হৈছে ঐতিহাসিক ধৰ্মীয় মঠ-মন্দিৰ । কামৰূপ জিলাৰ পলাশবাৰী বিধানসভা সমষ্টিৰ অন্তৰ্গত এক নম্বৰ জীয়াকুৰৰ ঐতিহাসিক গোপাল মন্দিৰত মঙলবাৰে নিশা সংঘটিত হৈছে চুৰিকাণ্ডৰ ঘটনা । মন্দিৰৰ তলা ভাঙি চোৰে চলালে লুটপাত । চোৰে প্ৰণামীৰ প্ৰায় পোন্ধৰ হাজাৰ নগদ ধনৰ লগতে বহু সা-সামগ্ৰী লুটি নিলে । বুধবাৰে পুৱা স্থানীয় ৰাইজে এই দৃশ্য প্ৰত্যক্ষ কৰাৰ পিছতেই সমগ্ৰ ঘটনাক লৈ অঞ্চলটোত তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে ।

ৰাইজে এই দৃশ্য প্ৰত্যক্ষ কৰি পলাশবাৰী থানাৰ আৰক্ষীক খবৰ দিয়াত আৰক্ষী ঘটনাস্থলীত উপস্থিত হৈ তদন্ত আৰম্ভ কৰে । স্থানীয় ৰাইজে শীঘ্ৰেই এই কাৰ্যৰে জড়িত লোকক গ্ৰেপ্তাৰ কৰি উচিত শাস্তি প্ৰদানৰ বাবে আৰক্ষীক দাবী জনাইছে ।  

লগতে পঢ়ক:চোৰে লুটিলে ৩০ লক্ষাধিক টকাৰ সোণৰ আ-অলংকাৰ - Theft Incident In Guwahati

ৰাইজৰ ৰোষত দীৰ্ঘদিন ধৰি ত্ৰাস চলাই অহা দুই গভাইত চোৰ - Theft Incident In Sonari

 

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.