চোৰে লুটিলে ৩০ লক্ষাধিক টকাৰ সোণৰ আ-অলংকাৰ - Theft Incident In Guwahati

By ETV Bharat Assamese Team

Published : May 26, 2024, 7:18 PM IST

thumbnail
মহানগৰীৰ বৰাগাঁৱত চুৰিকাণ্ডৰ ঘটনা (ETV BHARAT ASSAM)

গুৱাহাটী, 26 মে’ : মহানগৰীৰ বৰাগাঁৱত শনিবাৰে নিশা সংঘটিত হয় চুৰিকাণ্ডৰ ঘটনা ৷ চোৰে লুটিলে 30 লক্ষাধিক টকাৰ সোণৰ আ-অলংকাৰৰ লগতে নগদ প্ৰায় 30 হাজাৰ টকা ৷ বৰাগাঁও ৰংপুৰ পথৰ গৃহ নং 12ত সংঘটিত হয় এই চুৰিকাণ্ড ৷  

ঘটনাৰ বিৱৰণি মতে ঘৰৰ স্বত্বাধিকাৰী জয়ন্ত কুমাৰ নাথ আৰু পৰিয়ালৰ লোক গৈছিল বঙাইগাঁৱলৈ ৷ উল্লেখ্য যে জয়ন্ত কুমাৰ নাথ বঙাইগাঁও ৰিফানেৰীৰ এগৰাকী বিষয়া আছিল ৷ যিহেতু নাথে দুমাহ পূৰ্বে অৱসৰ গ্ৰহণ কৰিছিল, সেয়েহে বঙাইগাঁৱত থকা সা-সামগ্ৰীবোৰ বৰাগাঁৱত থকা বাসগৃহলৈ আনিবলৈ গৈছিল ৷ তেনে সময়তে ঘৰত কোনো নথকাৰ সুযোগ লৈ শনিবাৰে নিশা চোৰে প্ৰৱেশ কৰে ঘৰটোত ৷

দুৱাৰৰ তলা ভাঙি ঘৰটোত চোৰে প্ৰৱেশ কৰে ৷ চোৰে ঘৰৰ প্ৰতিটো আলমাৰি ভাঙি মূল্যবান আ-অলংকাৰ লুটি নিয়াৰ লগতে লণ্ড-ভণ্ড কৰি থৈ যায় ঘৰটোৰ আচবাব আৰু আন সা-সামগ্ৰী ৷ এই ঘটনাৰ পিচতে গড়চুক আৰক্ষীৰ লগতে আৰক্ষীৰ শীৰ্ষ পৰ্যায়ৰ বিষয়া, ক্ৰাইম ব্ৰাঞ্চৰ আৰক্ষী অধীক্ষক ঘটনাস্থলীত উপস্থিত হৈ আৰম্ভ কৰিছে তদন্ত ৷

লগতে পঢ়ক : বেলতলাত পদপথত দোকান দিয়াক লৈ কিয় সংঘৰ্ষ হৈছিল ? - Clash In Beltola

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.