ETV Bharat / city

ঠিকাদাৰৰ কামসমূহ প্ৰত্যক্ষভাৱে তদাৰক কৰিবলৈ অভিযন্তাক নিৰ্দেশ মন্ত্ৰী পীযুষ হাজৰিকাৰ

author img

By

Published : Feb 3, 2022, 10:57 AM IST

বিভাগীয় বিষয়া-অভিযন্তাৰে জলসম্পদ মন্ত্ৰী পীযুষ হাজৰিকাৰ বৈঠক (Minister Pijush Hazarika meets engineers and officials) । ব্ৰহ্মপুত্ৰ নদীৰ বান আৰু খহনীয়াৰ স্থায়ী সমাধানৰ বাবে বান আৰু নদী খহনীয়া ব্যৱস্থাপনা অভিকৰণে গ্ৰহণ কৰা আঁচনি সম্পৰ্কে আলোচনা । বাৰিষাৰ বাবে সকলোকে আগতীয়াকৈ সাজু হৈ থাকিবলৈ নিৰ্দেশো দিলে মন্ত্ৰী গৰাকীয়ে (Minister Pijush Hazarika alerts officials for monsoon) ।

Minister Pijush Hazarika meets engineers and officials
ঠিকাদাৰৰ কামসমূহ প্ৰত্যক্ষভাৱে তদাৰক কৰিবলৈ অভিযন্তাক নিৰ্দেশ মন্ত্ৰী পীযুষ হাজৰিকাৰ

গুৱাহাটী, ২ ফেব্ৰুৱাৰী : জলসম্পদ মন্ত্ৰী পীযুষ হাজৰিকা(Water Resources Minister Pijush Hazarika)ই আজি দিছপুৰৰ জনতা ভৱনৰ নিজা কাৰ্যালয়ৰ সভাকক্ষত বিভাগীয় বিষয়া আৰু অভিযন্তাসকলৰ সৈতে এখন গুৰুত্বপূৰ্ণ পৰ্যালোচনা বৈঠকত অংশ লয় ( Pijush Hazarika meets engineers) । অসম চৰকাৰৰ অতিৰিক্ত মুখ্য সচিব এচ আব্বাচী আৰু জলসম্পদ বিভাগৰ মুখ্য অভিযন্তাৰ উপস্থিতিত মন্ত্ৰী পীযুষ হাজৰিকাই ব্ৰহ্মপুত্ৰ উপত্যকাৰ জিলাকেইখনৰ অভিযন্তাসকলৰ পৰা ব্ৰহ্মপুত্ৰ নদীৰ বান আৰু খহনীয়া সম্পৰ্কত বুজ লয় ।

বিশেষকৈ, বৈঠকত অসমৰ বান আৰু নদী খহনীয়া ব্যৱস্থাপনা অভিকৰনৰ (ফ্ৰেমা) দ্বাৰা ব্ৰহ্মপুত্ৰ নদীৰ বান আৰু খহনীয়া নিয়ন্ত্ৰণৰ বাবে ৰূপায়ণ হ’বলগা আঁচনি(Scheme for erosion control) সমূহৰ বিষয়ে বিশদভাৱে আলোচনা কৰা হয় । মন্ত্ৰীগৰাকীয়ে বিভাগীয় বিষয়াসকলক বান আৰু নদী খহনীয়া ব্যৱস্থাপনা অভিকৰণৰ দ্বাৰা ৰূপায়িত হ’বলগা আঁচনিসমূহৰ ক্ষেত্ৰত জলসম্পদ বিভাগৰ ইতিমধ্যে থকা আঁচনিৰ সৈতে যাতে উপৰা-উপৰি নহয় সেই সংক্ৰান্তত বিশেষ মনোযোগ দিবলৈ নিৰ্দেশ দিয়ে ।

আনহাতে, বৈঠকতে মন্ত্ৰী পীযুষ হাজৰিকাই বিভাগীয় অভিযন্তাসকলক বৰ্তমানে বিভাগৰ চলি থকা কামসমূহৰ ক্ষেত্ৰত গুৰুত্ব দি ঠিকাদাৰে কৰি থকা কামসমূহ প্ৰত্যক্ষভাৱে তদাৰক কৰিবলৈ নিৰ্দেশ দিয়ে। আনহাতে বিগত বাৰিষাৰ সময়ত বিভাগীয় তৎপৰতাৰে বহুখিনি বান নিয়ন্ত্ৰণ কৰাৰ কথা উল্লেখ কৰি মন্ত্রীগৰাকীয়ে আহিব লগা বাৰিষাৰ বাবেও সকলোকে আগতীয়াকৈ সাজু হৈ থাকিবলৈ নিৰ্দেশ দিয়ে ।

বিশেষকৈ পাৰ্কুপাইন, জিঅ’ বেগ আদি জৰুৰীকালীন সময়ত প্ৰয়োজন হ’বলগা সামগ্ৰী ক্ৰয়ৰ বাবে প্ৰয়োজনীয় প্ৰশাসনীয় কাম সোনকালে সমাপ্ত কৰিবলৈ মন্ত্ৰীগৰাকীয়ে বিভাগীয় বিষয়াক নিৰ্দেশ দিয়ে। আনহাতে এপ্ৰিল মাহৰ শেষৰ সপ্তাহৰ ভিতৰত জৰুৰীকালীন সময়ত প্ৰয়োজন হ’বলগা সামগ্ৰীসমূহ জিলাসমূহলৈ বিতৰণ কৰিবৰ বাবেও নিৰ্দেশ দিয়ে মন্ত্ৰীগৰাকীয়ে ।

লগতে পঢ়ক : পুনৰ চৰ্চাত ৰাহুল গান্ধী-হিমন্ত বিশ্ব শৰ্মাৰ বহু বিতৰ্কিত বৈঠক

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.