ETV Bharat / state

9 বজাৰ শীৰ্ষ 10টা বাতৰি

author img

By

Published : Mar 21, 2022, 9:06 AM IST

9 বজাৰ শীৰ্ষ 10টা বাতৰি

Top 10 @ 9 am
9 বজাৰ শীৰ্ষ 10টা বাতৰি

অপেক্ষাৰ অৱসান; দ্বিতীয়বাৰলৈ মণিপুৰৰ ৰাজপাটত এন বিৰেন সিং

ঘোষণা হ’ল মণিপুৰৰ পৰৱৰ্তী মুখ্যমন্ত্ৰীৰ নাম ৷ কেন্দ্ৰীয় মন্ত্ৰী নিৰ্মলা সীতাৰমণে ঘোষণা কৰিলে যে, এন বিৰেন সিঙেই হ’ব মণিপুৰৰ মুখ্যমন্ত্ৰী ৷ দ্বিতীয়বাৰলৈ মুখ্যমন্ত্ৰীৰ আসনত অধিষ্ঠিত হ’ল এন বিৰেন সিং N Biren gets second term as Manipur CM) ৷

নিলম্বিত কংগ্ৰেছ বিধায়ক শশীকান্ত দাসক সাক্ষাৎ মুখ্যমন্ত্ৰীৰ

দেওবাৰে পুৱাই ৰহা সমষ্টিৰ কংগ্ৰেছী বিধায়ক শশীকান্ত দাসৰ বাসগৃহত উপস্থিত হয় মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মা (CM meets Sashi Kanta Das)। কংগ্ৰেছী বিধায়কগৰাকীক সাক্ষাৎ কৰি মুখ্যমন্ত্ৰীয়ে ৰাজ্যসভা নিৰ্বাচনৰ দুয়োখন আসনেই বিজেপিয়ে দখল কৰাৰ দাবী কৰে ৷

মুখ্যমন্ত্রীক ক্ষুৰধাৰ সমালোচনা বিধায়ক অখিল গগৈৰ

মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কংগ্ৰেছৰ নিলম্বিত বিধায়ক শশীকান্ত দাসৰ ঘৰত উপস্থিত হোৱাক লৈ ৰাজনৈতিক মহলত ব্যাপক প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে (Himanta Biswa Sarma at Shashikant Das's residence)। এই সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে শিৱসাগৰৰ বিধায়ক অখিল গগৈয়ে ।

দুদিনত বিক্ৰী হ’ল ৪ কোটি ৭০ লাখ টকাৰ সুৰা

গুৱাহাটী মহানগৰীত সুৰা বিক্ৰীৰ পৰিমাণে গঢ়িলে ৰেকৰ্ড (Wine selling record of Guwahati)৷ ফাকুৱাৰ দুদিনত যিমান সুৰা বিক্ৰী হ’ল সেয়া অভূতপূৰ্ব ৷ আৰক্ষীৰ হাতত ব্ৰেথ এনালাইজাৰ থাকিলেও পূৰ্বৰ তুলনাত মহানগৰবাসীয়ে অধিক পৰিমাণে পান কৰিলে সুৰা ৷

ৰাজ্যসভা নিৰ্বাচনক লৈ কংগ্ৰেছ বিধায়িনী দলৰ বৈঠক

দেওবাৰে বিধানসভা চৌহদৰ কংগ্ৰেছী বিধায়িনী দলৰ সভাকক্ষত অনুষ্ঠিত হয় কংগ্ৰেছ বিধায়িনী দলৰ বৈঠক । আগন্তুক ৰাজ্যসভা নিৰ্বাচনৰ বাবে এই বৈঠকতে গঠন কৰা হয় এখনি কৌশল নিৰ্দ্ধাৰণকাৰী সমিতি (Assam rajya sabha election 2022) । সবিশেষ জানো আহক ৷

দিল্লীত পুনৰ ধৰ্ষণৰ বলি উত্তৰ-পূৱ ভাৰতৰ মহিলা

পুনৰ উত্তৰ-পূৱৰ মহিলাৰ ধৰ্ষণৰ ঘটনা সংঘটিত হ’ল ৰাজধানী চহৰ দিল্লীত ৷ ৰেষ্টুৰেন্টত কৰ্মৰত এগৰাকী মহিলাক ধৰ্ষণ কৰাৰ অভিযোগ এবছৰৰ চিনাকি সহকৰ্মীৰ বিৰুদ্ধে (Northeast woman raped in Delhi restaurant) ৷

Russia Ukraine War : ৰাছিয়ান সেনাৰ দখলত ইউক্ৰেইনৰ মাৰিয়াপ’ল চহৰ

ইউক্ৰেইনৰ মাৰিয়াপ’ল চহৰত ৰাছিয়াৰ ভয়ংকৰ আক্ৰমণ (Russia attacks on Mariupol city of Ukraine)। চহৰখন এক প্ৰকাৰ দখল কৰিছে ৰাছিয়াৰ সেনাই । যাৰ বাবে চহৰখনৰ বহু লোকে পলায়ন কৰিছে । প্ৰায় ৬,৬২৩ গৰাকী লোকক আন স্থানলৈ প্ৰেৰণ কৰা হৈছে । বহু লোকক উত্তৰ-পশ্চিমৰ জাপোৰিজজিয়ালৈ লৈ যোৱা হৈছে ।

ত্ৰিপুৰাৰ প্ৰভাৱশালী খিলঞ্জীয়া মহিলা নেত্ৰী পাতাল কন্যা জামাতিয়াৰ বিজেপিত যোগদান

ত্ৰিপুৰাৰ ৰাজনৈতিক ক্ষেত্ৰৰ এক শেহতীয়া তথ্য অনুসৰি দেওবাৰে ত্ৰিপুৰা পিপলছ ফ্ৰণ্টৰ (টিপিএফ) মুৰব্বী, প্ৰভাৱশালী খিলঞ্জীয়া মহিলা নেত্ৰী পাতাল কন্যা জামাতিয়াই আগৰতলাত তেওঁৰ দলৰ নেতা, সমৰ্থক আৰু কৰ্মীসকলৰ সৈতে আনুষ্ঠানিকভাৱে বিজেপিত যোগদান কৰে (Patal Kanya Jamatia joins BJP) ।

কাজিৰঙাৰ উন্নয়নমূলক কামত অভিভূত অক্ষয় কুমাৰ

অক্ষয় কুমাৰে কাজিৰঙাৰ বন্যপ্ৰাণী সুৰক্ষাৰ বাবে দান দিয়া এক কোটি টকাৰে কৰা কাম দেখি অভিভূত অভিনেতাগৰাকী (Akshay Kumar pleased to see construction in Kaziranga)। অসমৰ কাজিৰঙাৰ বন্যপ্ৰাণী সুৰক্ষাৰ বাবে বলীউডৰ অভিনেতা অক্ষয় কুমাৰে এক কোটি টকা প্ৰদান কৰিছিল মুখ্যমন্ত্ৰীৰ সাহায্য পুঁজিলৈ । এই এক কোটি টকাৰে কাজিৰঙা কৰ্তৃপক্ষই কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ বন্যপ্ৰানী উদ্ধাৰৰ অভিনেতাগৰাকীৰ প্ৰচেষ্টাৰ প্ৰতি সন্মান জনাই কৰিছে কেইবাটাও কাম ।

পেঞ্চন নাপাই আত্মহত্যাৰ পথ বাছি ল'লে মঙলদৈৰ এজন ব্যক্তিয়ে

পেঞ্চন লাভ নকৰাৰ বাবেই চৰম পথ বাছি ল'লে মঙলদৈৰ এজন ব্যক্তিয়ে (Mangaldai man committed suicide) । বিগত ৪ বছৰ ধৰি অফিচত বাতকুৰি বাইও পাবলৈ সক্ষম নহ'ল প্ৰাপ্য ধন ।

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.