ETV Bharat / bharat

অপেক্ষাৰ অৱসান; দ্বিতীয়বাৰলৈ মণিপুৰৰ ৰাজপাটত এন বিৰেন সিং

author img

By

Published : Mar 21, 2022, 7:27 AM IST

ঘোষণা হ’ল মণিপুৰৰ পৰৱৰ্তী মুখ্যমন্ত্ৰীৰ নাম ৷ কেন্দ্ৰীয় মন্ত্ৰী নিৰ্মলা সীতাৰমণে ঘোষণা কৰিলে যে, এন বিৰেন সিঙেই হ’ব মণিপুৰৰ মুখ্যমন্ত্ৰী ৷ দ্বিতীয়বাৰলৈ মুখ্যমন্ত্ৰীৰ আসনত অধিষ্ঠিত হ’ল এন বিৰেন সিং N Biren gets second term as Manipur CM) ৷

N Biren to continue as Manipur CM, says Nirmala Sitharaman
N Biren to continue as Manipur CM, says Nirmala Sitharaman

নিউজ ডেস্ক, 21 মাৰ্চ : প্ৰতীক্ষাৰ অন্ত পৰিল ৷ অৱশেষত বিজেপি নেতৃত্বই ঘোষণা কৰিলে মণিপুৰৰ মুখ্যমন্ত্ৰীৰ নাম (New CM of Manipur)৷ সকলো জল্পনা-কল্পনাৰ ওৰ পেলাই বিজেপি নেতৃত্বই পুনৰ এন বিৰেন সিঙকে বাচনি কৰিলে মুখ্যমন্ত্ৰী পদৰ বাবে (N Biren gets second term as Manipur CM) ৷ যোৱা 10 মাৰ্চত ঘোষণা কৰা মণিপুৰ বিধানসভাৰ নিৰ্বাচনৰ ফলাফলত (Manipur assembly election result) 32 খন আসন জয়েৰে একক সংখ্যা গৰিষ্ঠতা লাভ কৰিছিল বিজেপি দলে ৷ তাৰ পাচৰে পৰা মুখ্যমন্ত্ৰী কোন হ’ব ইয়াকে লৈ ব্যাপক জল্পনা-কল্পনা চলি আছিল ৷ মুখ্যমন্ত্ৰীৰ দৌৰত এন বিৰেন সিঙৰ লগতে আছিল বিশ্বজিৎ সিং আৰু য়ুমনাম খেমচান্দ ৷ অৱশেষত বিজেপিৰ অন্যতম কেন্দ্ৰীয় পৰ্যবেক্ষক তথা বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে ঘোষণা কৰিলে এন বিৰেন সিঙৰ নাম ৷

নিৰ্মলা সীতাৰমণে কয় যে, ‘‘এইটো সকলোৱে সৰ্বসন্মতভাৱে লোৱা এটা ভাল সিদ্ধান্ত ৷ ই নিশ্চিত কৰিছে যে মণিপুৰত এখন স্থায়ী আৰু দায়িত্বশীল চৰকাৰ হ’ব, যাক আৰু অধিক শক্তিশালী কৰি গঢ়ি তুলিব ৷ কিয়নো প্ৰধানমন্ত্ৰী মোডীৰ নেতৃত্বত কেন্দ্ৰই আজি উত্তৰ-পূৰ্বাঞ্চলৰ ৰাজ্যসমূহক বিশেষ মনোযোগ দিয়ে’’ ৷ মণিপুৰৰ চৰকাৰ গঠন সন্দৰ্ভত আলোচনা কৰিবৰ বাবে দেওবাৰে ইম্ফলত উপস্থিত হৈছিল কেন্দ্ৰীয় মন্ত্ৰী নিৰ্মলা সীতাৰমণ, কিৰেণ ৰিজিজু আৰু বিজেপি নেতা ভূপেন্দ্ৰ যাদৱ ৷

এন বিৰেন সিং কোন ?

১৯৬১ চনৰ ১ জানুৱাৰীত মণিপুৰৰ ইম্ফলত জন্মগ্ৰহণ কৰা এন নংথমবাম বিৰেন সিং মণিপুৰৰ ১২ সংখ্যক মুখ্যমন্ত্ৰী । এক ৰাজনৈতিক আৰু সশস্ত্ৰ সংগ্ৰামৰ সামাজিক সংঘাতৰ পটভূমিত অতি জটিল সময় অতিবাহিত কৰা মণিপুৰৰ মাটিত বিৰেন সিঙৰ ৰাজনৈতিক উত্থান (Political rise of N Biren Singh) আছিল অতি চমকপ্ৰদ ৷ আশীৰ দশকত এজন ফুটবল খেলুৱৈ হিচাপে নিজৰ কেৰিয়াৰ আৰম্ভ কৰা বিৰেন সিঙে তেওঁৰ ক্ৰীড়া প্ৰতিভাৰ বাবে চাকৰি পাইছিল সীমান্ত সুৰক্ষা বাহিনীত (BSF) ।

কিন্তু স্বাধীনভাৱে কিবা এটা কৰাৰ তাগিদাত থকা বিৰেন সিঙে অতি লক্ষণীয়ভাৱে বি এছ এফৰ চাকৰি বাদ দি জড়িত হৈ পৰে সাংবাদিকতাৰ লগত । ১৯৯২ চনত তেওঁ নাহাৰোলংগি থাউডাং নামে এখন স্থানীয় ভাষাৰ দৈনিক বাতৰি কাকত প্ৰকাশ কৰি সম্পাদকৰ দায়িত্ব লয় । সাংবাদিকতাৰ কোনো অভিজ্ঞতা বা আনুষ্ঠানিক শিক্ষা গ্ৰহণ নকৰাকৈয়ে তেওঁ অতি সফলতাৰে কাকতখন প্ৰকাশ কৰিবলৈ সক্ষম হয় (N Biren Singh as journalist)।বিৰেন সিঙৰ আনুষ্ঠানিক শিক্ষা হ'ল মণিপুৰ বিশ্ববিদ্যালয়ৰ স্নাতক ।‌ লক্ষণীয়ভাৱে ২০০১ চনত কাকতখনৰ সম্পাদকৰ দায়িত্ব এৰি‌ তেওঁ চনত সক্ৰিয় ৰাজনীতিত জড়িত হৈ পৰে ।‌ তেওঁ যোগ দিয়ে ডেমক্ৰেটিক ৰিভল্যুচনাৰী পিপলছ পাৰ্টিত ।

২০০২ চনৰ নিৰ্বাচনত তেওঁ হেইগেং বিধানসভাৰ সমষ্টিৰ পৰা নিৰ্বাচিত হয় । কিন্তু ইয়াৰ পিছৰ বছৰতে তেওঁ ভাৰতীয় জাতীয় কংগ্ৰেছত যোগ দি ৰাজ্যৰ ভিজিলেন্স বিভাগৰ‌ ৰাজ্যিক মন্ত্ৰীৰ দায়িত্ব লাভ কৰে । এই ৰাজনৈতিক সিদ্ধান্ত বিৰেন সিঙৰ বাবে কেৰিয়াৰৰ টাৰ্ণিং পইণ্ট আছিল । ২০০৭ চনৰ বিধানসভাৰ নিৰ্বাচনতো তেওঁ বিপুল ভোটত জয় লাভ কৰি জলসিঞ্চন, বান নিয়ন্ত্ৰণ, যুৱ বিকাশ‌ আদি কেইবাটাও বিভাগৰ মন্ত্ৰীত্ব লাভ কৰে ।কিন্তু ২০১৬ চনত তেওঁ মুখ্যমন্ত্ৰী অ’ক্ৰাম ইব’বি সিঙৰ বিৰুদ্ধে বিদ্ৰোহ ঘোষণা কৰি মন্ত্ৰীত্বৰ পৰা পদত্যাগ কৰে আৰু সেই চনৰে ১৭ অক্টোবৰত ভাৰতীয় জনতা পাৰ্টিত যোগ দিয়ে । বিজেপিৰ মজিয়াৰ পৰাও বিজয়ৰ ধাৰা অব্যাহত ৰাখি ২০১৭ চনৰ নিৰ্বাচনত পুনৰ একেটা সমষ্টিৰ জয় লাভ‌ কৰি‌ বিধানসভাৰ মজিয়াত দলৰ বিধায়িনী দলৰ নেতা নিৰ্বাচিত হৈ ১৫ মাৰ্চত মণিপুৰৰ মুখ্যমন্ত্ৰীৰ আসনত অধিষ্ঠিত হয় ।

কেৱল সেয়ে নহয়, ২০২০ চনত ১৭ জুনত সাত গৰাকী বিধায়কে তেওঁৰ চৰকাৰৰ বিৰুদ্ধে অনাস্থা প্ৰস্তাৱ আনি সমৰ্থন প্ৰত্যাহাৰ কৰাৰ হুংকাৰ দিছিল যদিও ঘটনাক্ৰমে কংগ্ৰেছৰ আটাইকেইগৰাকী বিধায়কে বিজেপি চৰকাৰলৈ সমৰ্থন আগবঢ়োৱাত ৰাজনৈতিক পৰিস্থিতি বিৰেন সিঙৰ পক্ষলৈহে যায় । এই ঘটনাই ৰাজ্য ৰাজনীতিত বিৰেন সিঙৰ স্থিতি অধিক মজবুত কৰিবলৈ সক্ষম হয় । বিজেপিৰ কেন্দ্ৰীয় নেতৃত্ব ৰ অতি আপোন হৈ পৰা সিঙে আজি ঘোষিত নিৰ্বাচনী ফলেৰে তেওঁৰ ৰাজনৈতিক কেৰিয়াক আৰু এক মাত্ৰা দিবলৈ সক্ষম হ’ল ।‌

লগতে পঢ়ক : এন বীৰেন সিঙেই হ’ব মণিপুৰৰ পৰৱৰ্তী মুখ্যমন্ত্ৰী

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.