ETV Bharat / state

পেঞ্চন নাপাই আত্মহত্যাৰ পথ বাছি ল'লে মঙলদৈৰ এজন ব্যক্তিয়ে

author img

By

Published : Mar 20, 2022, 10:29 PM IST

পেঞ্চন লাভ নকৰাৰ বাবেই চৰম পথ বাছি ল'লে মঙলদৈৰ এজন ব্যক্তিয়ে (Mangaldai man committed suicide) । বিগত ৪ বছৰ ধৰি অফিচত বাতকুৰি বাইও পাবলৈ সক্ষম নহ'ল প্ৰাপ্য ধন ।

one-man-of-mangaldoi-committed-suicide
পেঞ্চন নাপাই আত্মহত্যাৰ পথ বাছি ল'লে মঙ্গলদৈৰ এজন ব্যক্তিয়ে

দৰং, 20 মাৰ্চ : পেঞ্চন নাপাই আত্মহত্যাৰ দৰে চৰম পথ বাছি ল'লে মঙলদৈৰ এজন ব্যক্তিয়ে (Mangaldai man committed suicide failing to get pension) । উল্লেখ্য যে, ২০১৭ চনতেই মঙ্গলদৈৰ নিকটবৰ্তী ডাহী বনিয়াপাৰাৰ সুৰেন্দ্ৰ বনিয়া নামৰ লোকজনে মঙ্গলদৈৰ DRDAৰ পৰা চাকৰিৰ পৰা অৱসৰ গ্ৰহণ কৰিছিল । গাড়ী চালক হিচাপে কৰ্মৰত সুৰেন্দ্ৰ বনিয়াই বিগত ৪ বছৰ ধৰি অফিচত বাতকুৰি বাইও পাবলৈ সক্ষম নহ'ল প্ৰাপ্য ধন (Man fails to get pension commits suicide ) ।

পেঞ্চন নাপাই আত্মহত্যাৰ পথ বাছি ল'লে মঙ্গলদৈৰ এজন ব্যক্তিয়ে

পেঞ্চন নাপাই আৰ্থিক সংকটত ভোগা সুৰেন্দ্ৰ বনিয়াৰ লগতে পৰিয়ালটিয়ে অৱশেষত দিন হাজিৰা কৰি জীৱন নিৰ্বাহৰ পথ বাছি ল'বলগীয়া হ'ল । তাৰ মাজতে ভূতৰ ওপৰত দানৱ পৰাদি অৱশেষত কৰণাই আৰ্থিকভাৱে জুৰুলা কৰিছিল পৰিয়ালটোক । এফালে পেঞ্চন আনফালে দিনহাজিৰা নোপোৱাত সুৰেন্দ্ৰ বনিয়াই পৰিয়াল চলাব নোৱাৰি আত্মজাহৰ দৰে ঘটনা সংঘটিত কৰে বুলি মন্তব্য কৰে পৰিয়ালৰ লোকে ।

একাংশ বিভাগীয় বিষয়া কৰ্মচাৰীৰ চূড়ান্ত গাফিলতিৰ ৰাজ্যত প্ৰায়েই এনেধৰণৰ কৰুণ ঘটনা সংঘটিত হৈ অহাৰ অভিযোগ উত্থাপিত হৈ আহিছে ৷ যদি শীঘ্ৰেই চৰকাৰে এই ক্ষেত্ৰত পদক্ষেপ গ্ৰহণ নকৰিলে হয়তো অনাগত আন এজন সুৰেন্দ্ৰ বনিয়াই চৰম পথ বাছি ল'বলৈ বাধ্য হ'ব ৷

লগতে পঢ়ক : দিল্লীত পুনৰ ধৰ্ষণৰ বলি উত্তৰ-পূৱ ভাৰতৰ মহিলা

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.