ETV Bharat / bharat

দিল্লীত পুনৰ ধৰ্ষণৰ বলি উত্তৰ-পূৱ ভাৰতৰ মহিলা

author img

By

Published : Mar 20, 2022, 9:28 PM IST

পুনৰ উত্তৰ-পূৱৰ মহিলাৰ ধৰ্ষণৰ ঘটনা সংঘটিত হ’ল ৰাজধানী চহৰ দিল্লীত ৷ ৰেষ্টুৰেন্টত কৰ্মৰত এগৰাকী মহিলাক ধৰ্ষণ কৰাৰ অভিযোগ এবছৰৰ চিনাকি সহকৰ্মীৰ বিৰুদ্ধে (Northeast woman raped in Delhi restaurant) ৷

manipur woman working in a restaurant in delhi raped
দিল্লীত পুনৰ ধৰ্ষণৰ বলি উত্তৰ-পূৱ ভাৰতৰ মহিলা

নেচনেল ডেস্ক, 20 মাৰ্চ : দক্ষিণ পশ্চিম দিল্লীৰ চফদৰজং এনক্লেভ এলেকাত এগৰাকী মণিপুৰী মহিলাৰ সৈতে সংঘটিত এক ধৰ্ষণৰ ঘটনা শেহতীয়াকৈ পোহৰলৈ আহিছে ৷ এই সংক্ৰান্তত অভিযোগকাৰী মহিলাগৰাকীয়ে জানিব দিয়ে যে, তেওঁ হামায়ুপুৰৰ এক লামা পাকঘৰত(ৰেষ্টুৰেন্ট) সেৱা কৰ্মী হিচাপে কৰ্মৰত হৈ আছে । তেওঁৰ অভিযোগ মতে, ঘটনাৰ দিনা দুপৰীয়া ১:৩০ বজাত ৰেষ্টুৰেণ্টৰ ৱাছৰুমৰ পৰা ওলাই অহাৰ সময়ত সহকৰ্মী সঞ্জয়ে তেওঁৰ সৈতে অসৎ কাৰ্য চৰিত্ৰাৰ্থ কৰে (Manipur woman raped in Delhi restaurant ) ৷

এই সন্দৰ্ভত আৰক্ষীয়ে ইতিমধ্যে এটা গোচৰ ৰুজু কৰিছে ৷ এই অনুসৰি, অভিযুক্ত সঞ্জয়ক গ্ৰেপ্তাৰ কৰা হৈছে৷ পশ্চিম দিল্লীৰ উপ ডিচিপি গৌৰৱ শৰ্মাই গোচৰটোৰ বিৱৰণ দি কয় যে ১৮ মাৰ্চত চফদৰজং আৰক্ষী থানাই এই সন্দৰ্ভত খবৰ লাভ কৰে ৷ য'ত এগৰাকী ২১ বছৰীয়া মহিলাই অভিযোগ কৰিছিল যে, তেওঁ হুমায়ুপুৰৰ লামা কিচেনত সেৱা কৰ্মচাৰী হিচাপে কাম কৰে। যোৱা 16 মাৰ্চত তেওঁক তেওঁৰ সহকৰ্মীয়ে শাৰিৰীক উৎপীড়ন আৰু ধৰ্ষণ কৰাৰ অভিযোগ কৰে ৷

সম্প্ৰতি পোহৰলৈ আহিছে যে, অভিযুক্ত আৰু অভিযোগকাৰীয়ে যোৱা এবছৰ ধৰি ইজনে সিজনক চিনি পাই । ইয়াৰ পিছতো এনে ঘটনা সংঘটিত হোৱাকলৈয়ো সৃষ্টি হৈছে চাঞ্চল্য (Rape of Manipuri women in Delhi) ৷

লগতে পঢ়ক : নগাঁৱত আৰক্ষী চকীৰ সন্মুখতে যুৱকৰ উদ্ভণ্ডালি

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.