ETV Bharat / city

নগাঁৱত আৰক্ষী চকীৰ সন্মুখতে যুৱকৰ উদ্ভণ্ডালি

author img

By

Published : Mar 20, 2022, 12:25 PM IST

Youth's rampage in front of police station
নগাঁৱৰ ইটাচালি আৰক্ষী চকীৰ সন্মুখতে যুৱকৰ উদ্ভণ্ডালি

শনিবাৰে ৰাজ্যৰ বিভিন্ন প্ৰান্তত সামৰণি পৰে ফল্গুৎসৱৰ ৷ ফাকুৱাৰ অন্তিম দিনা নগাঁৱত এচাম উদণ্ড যুৱকে ইটাচালি আৰক্ষী চকীৰ সন্মুখতে কৰে আক্ৰমণ কৰে এখন তীৰ্থযাত্ৰীৰ বাহনত(Passenger vehicle attacked in front of police station) ৷ ঘটনাক কেন্দ্ৰ কৰি অঞ্চলজুৰি সৃষ্টি হয় তীব্ৰ চাঞ্চল্যৰ ৷

নগাঁও, 20 মাৰ্চ : নগাঁৱত ফাকুৱাৰ নামত এচাম উদণ্ড যুৱকে কৰা চৰম উদ্ভণ্ডালিয়ে শনিবাৰে অঞ্চলটোত ব্যাপক চাঞ্চল্যৰ সৃষ্টি কৰে ৷ নগাঁৱৰ ইটাচালি আৰক্ষী চকীৰ সন্মুখতে চৰম উদ্ভণ্ডালি কৰে উদণ্ড যুৱকৰ দলটোৱে(Angry mob goes on rampage) । ইটাচালি আৰক্ষী চকীৰ সন্মুখতে তীৰ্থযাত্ৰীৰ বাহনত আক্ৰমণ কৰে উদণ্ড যুৱককেইজনে(Passenger vehicle attacked in front of police station) ৷

নগাঁৱৰ ইটাচালি আৰক্ষী চকীৰ সন্মুখতে যুৱকৰ উদ্ভণ্ডালি

যুৱকৰ দলটোৱে থানাৰ সন্মুখতে এখন তীৰ্থযাত্ৰীৰ বাহন আৱদ্ধ কৰি বাহনখনৰ খিৰিকীৰ আইনা ভাঙি দিয়ে । যানবাহন আইন অমান্য কৰাৰ বাবে যুৱককেইজনৰ বাইক জব্দ কৰিছিল আৰক্ষীয়ে । ইয়াৰ পিচতে উদণ্ড যুৱককেইজনে একপ্ৰকাৰ তাণ্ডৱ চলায় আৰক্ষী চকীৰ সন্মুখৰ ৰাজপথত । আক্ৰমণ কৰে তীৰ্থযাত্ৰীৰ বাহনত ।

যুৱককেইজনে আৰক্ষীৰ সন্মুখতে উদ্ভণ্ডালি কৰা ভিডিঅ‘ সম্প্ৰতি ভাইৰেল হৈছে ছ’চিয়েল মিডিয়াত । ঘটনা সংক্ৰান্তত আৰক্ষীয়ে আটক কৰিছে দুজন যুৱকক । আটকাধীন যুৱকদ্বয় ক্ৰমে ৰাজু কোচ আৰু কমল হাজৰিকা বুলি জানিব পৰা হৈছে ৷ আৰক্ষীয়ে ঘটনা সন্দৰ্ভত তদন্ত অব্যাহত ৰাখিছে ৷

লগতে পঢ়ক : দৌল উৎসৱত যুৱকৰ দলৰ উদ্ভণ্ডালি

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.