ETV Bharat / state

দুদিনত বিক্ৰী হ’ল ৪ কোটি ৭০ লাখ টকাৰ সুৰা

author img

By

Published : Mar 20, 2022, 9:30 PM IST

গুৱাহাটী মহানগৰীত সুৰা বিক্ৰীৰ পৰিমাণে গঢ়িলে ৰেকৰ্ড (Wine selling record of Guwahati)৷ ফাকুৱাৰ দুদিনত যিমান সুৰা বিক্ৰী হ’ল সেয়া অভূতপূৰ্ব ৷ আৰক্ষীৰ হাতত ব্ৰেথ এনালাইজাৰ থাকিলেও পূৰ্বৰ তুলনাত মহানগৰবাসীয়ে অধিক পৰিমাণে পান কৰিলে সুৰা ৷

Wine selling record of Guwahati
দুদিনত বিক্ৰী হ’ল ৪ কোটি ৭০ লাখ টকাৰ সুৰা

গুৱাহাটী, ২০ মাৰ্চ: দেশবাসীৰ লগতে ৰাজ্যবাসীয়েও উদযাপন কৰিলে ৰঙৰ উৎসৱ ফাকুৱা । ফাকুৱাত কামৰূপ মহানগৰৰ আবকাৰী বিভাগৰ তথ্য অনুসৰি সুৰা বিক্ৰীৰে অভিলেখ মহানগৰীৰ৷ ১৮ আৰু ১৯ মাৰ্চত মহানগৰীত বিক্ৰী হ’ল ৪ কোটি ৭০ লাখ টকাৰ সুৰা (Wine selling record of Guwahati)।

উৎসৱ মানেই যেন এতিয়া একাংশক প্ৰয়োজন হয় সুৰা ৷ ৰাজ্যত দুৰ্ঘটনা হ্ৰাস কৰা উদ্দেশ্যে মুখ্যমন্ত্ৰীয়ে দিছিল কঠোৰ নিৰ্দেশনা৷ মুখ্যমন্ত্ৰীৰ নিৰ্দেশনাৰ পাছতে ৰাজপথত পৰিবহণ বিভাগ, যান-বাহন আৰক্ষীৰ চলিছিল ব্যাপক অভিযান ৷ হাতত বেথ এনালাইজাৰ লৈ আৰক্ষীৰ ফু-মন্ত্ৰ । আৰক্ষীৰ মন্ত্ৰত বহুতৰে খালী হৈছিল পকেটৰ ধন । জব্দ হৈছিল বাহন আৰু অনুজ্ঞাপত্ৰ ।

কিন্তু তাৰ পিছতো মহানগৰীৰ সুৰা বিপনীয়ে গঢ়িলে অভিলেখ ৷ দুদিনতে বিক্ৰী হৈছিল ৪ কোটিৰো অধিক টকাৰ সুৰা ৷ বৃদ্ধি পালে মহানগৰীত পূৰ্বৰ তুলনাত বৃদ্ধি সুৰা বিক্ৰীৰ পৰিমাণ ৷

উল্লেখ্য যে, পৰিবহণ আৰু আৰক্ষী বিভাগে ফাকুৱাৰ দুদিন ৰাজপথত সুৰাপায়ী চালকৰ বিৰুদ্ধে চলোৱা অভিযানৰ সময়ত জৰিমনা ঠিকেই বিহিল কিন্তু ৰোধ কৰিব নোৱাৰিলে দুৰ্ঘটনা ৷ আৰক্ষীৰ অভিযানৰ মাজতে ৰাজ্যৰ কেবাটাও স্থানত সংঘটিত হ’ল দুৰ্ঘটনা ।

লগতে পঢ়ক: কাজিৰঙাৰ উন্নয়নমূলক কামত অভিভূত অক্ষয় কুমাৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.