ETV Bharat / city

ৰাজ্যসভা নিৰ্বাচনক লৈ কংগ্ৰেছ বিধায়িনী দলৰ বৈঠক

author img

By

Published : Mar 20, 2022, 10:40 PM IST

দেওবাৰে বিধানসভা চৌহদৰ কংগ্ৰেছী বিধায়িনী দলৰ সভাকক্ষত অনুষ্ঠিত হয় কংগ্ৰেছ বিধায়িনী দলৰ বৈঠক । আগন্তুক ৰাজ্যসভা নিৰ্বাচনৰ বাবে এই বৈঠকতে গঠন কৰা হয় এখনি কৌশল নিৰ্দ্ধাৰণকাৰী সমিতি (Assam rajya sabha election 2022) । সবিশেষ জানো আহক ৷

congress-lead-opposition-party-meet-before-rajya-sabha-election
ৰাজ্যসভা নিৰ্বাচনক লৈ কংগ্ৰেছ বিধায়িনী দলৰ বৈঠক

গুৱাহাটী, ২০ মাৰ্চ : কেনেকৈ অংকত আউল নলগাকৈ সুকলমে পাৰ কৰিব পাৰি ৰাজ্যসভা নিৰ্বাচন তাকে আলোচনা কৰিবলৈ দেওবাৰে সন্ধিয়া বিধানসভা চৌহদৰ কংগ্ৰেছী বিধায়িনী দলৰ সভাকক্ষত অনুষ্ঠিত হয় কংগ্ৰেছ বিধায়িনী দলৰ বৈঠক (Congress Legislature Party meet) ।

এই বৈঠকতে ৩১ মাৰ্চত অনুষ্ঠিত হ'বলগীয়া ৰাজ্যসভা নিৰ্বাচনত বিৰোধী প্ৰক্ষেপিত প্ৰাৰ্থী ৰিপুণ বৰাৰ বিজয় নিশ্চিত কৰাৰ বাবে গঠন কৰি দিয়া হয় এখনি কৌশল নিৰ্দ্ধাৰণকাৰী সমিতি ।

বিৰোধী দলপতি দেৱব্ৰত শইকীয়াক অধ্যক্ষতাত আৰু বিধায়ক ভৰত চন্দ্ৰ নৰহক আহ্বায়ক হিচাপে লৈ গঠন কৰা এই কৌশল নিৰ্দ্ধাৰণকাৰী আঠজনীয়া সমিতিখনত অন্তৰ্ভুক্ত কৰা হৈছে কংগ্ৰেছ বিধায়ক ৰকিবুল হুছেইন, এ আই ইউ ডি এফৰ বিধায়ক আমিনুল ইছলাম, হাফিজ বছিৰ আহমেদ কাছিমী, চি পি এমৰ বিধায়ক মনোৰঞ্জন তালুকদাৰ, ৰাইজৰ দলৰ বিধায়ক অখিল গগৈ আৰু বিৰোধীৰ উমৈহতীয়া প্ৰাৰ্থী ৰিপুণ বৰাক ।

প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাৰ উপস্থিতিত বিধায়িনী দলৰ এই বৈঠক অনুষ্ঠিত হোৱাৰ পিছতে কংগ্ৰেছ নেতৃত্ব আৰু বিধায়কসকল এআইউডিএফ, চিপিএম আৰু ৰাইজৰ দলৰ বিধায়ক সকলৰ সৈতেও এক সুকীয়া বৈঠকত মিলিত হয় ।

উল্লেখযোগ্য যে কাইলৈ অৰ্থাৎ সোমবাৰে দিনৰ ১১ বজাত ৰাজ্যসভা নিৰ্বাচনৰ বাবে মনোনয়ন দাখিল কৰিব ৰিপুণ বৰাই । আনহাতে, বিজেপি প্ৰাৰ্থী পবিত্ৰ মাৰ্ঘেৰিটা আৰু ইউ পি পি এলৰ প্ৰাৰ্থী ৰণগৌড়া নাৰ্জাৰীয়েও সোমবাৰে দিনৰ ১২.৩০ বজাত মনোনয়ন দাখিল কৰিব ।

মঙলবাৰে প্ৰাৰ্থী সকলৰ মনোনয়ন পৰীক্ষাৰ অন্তত তিনিওখন মনোনয়ন যদি বৈধ বুলি বিবেচিত হয় আৰু ২৫ মাৰ্চ পৰ্যন্ত যদি কোনো এজনেও মনোনয়ন প্ৰত্যাহাৰ নকৰে তেন্তে ৩১ মাৰ্চত দুয়োখন আসনৰ বাবে নিৰ্বাচন অনুষ্ঠিত হব ।

লগতে পঢ়ক : নিলম্বিত কংগ্ৰেছ বিধায়ক শশীকান্ত দাসক সাক্ষাৎ মুখ্যমন্ত্ৰীৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.