ETV Bharat / state

নিলম্বিত কংগ্ৰেছ বিধায়ক শশীকান্ত দাসক সাক্ষাৎ মুখ্যমন্ত্ৰীৰ

author img

By

Published : Mar 20, 2022, 2:22 PM IST

দেওবাৰে পুৱাই ৰহা সমষ্টিৰ কংগ্ৰেছী বিধায়ক শশীকান্ত দাসৰ বাসগৃহত উপস্থিত হয় মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মা (CM meets Sashi Kanta Das)। কংগ্ৰেছী বিধায়কগৰাকীক সাক্ষাৎ কৰি মুখ্যমন্ত্ৰীয়ে ৰাজ্যসভা নিৰ্বাচনৰ দুয়োখন আসনেই বিজেপিয়ে দখল কৰাৰ দাবী কৰে ৷

Assam CM  visits MLA Shashikanta Das's Residence at Raha
নিলম্বিত কংগ্ৰেছ বিধায়ক শশীকান্ত দাসক সাক্ষাৎ মুখ্যমন্ত্ৰীৰ

নগাঁও, 20 মাৰ্চ : ‘‘ৰাজ্যসভা নিৰ্বাচন 2022ত বিজেপি সমৰ্থিত প্ৰাৰ্থীক ভোটদান কৰিব কংগ্ৰেছ বিধায়ক শশীকান্ত দাসে । এইমন্তব্য মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ ৷ ৰাজ্যসভা নিৰ্বাচনৰ প্ৰাকমূহুৰ্তত দেওবাৰে পুৱা হঠাৎ ৰহা সমষ্টিৰ কংগ্ৰেছী বিধায়ক শশীকান্ত দাসৰ বাসগৃহত উপস্থিত হয় মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মা(Assam CM meets Congress MLA Sashi Kanta Das) ৷ অৱশ্যে কংগ্ৰেছৰ আন এগৰাকী নিলম্বিত বিধায়ক শ্বেৰমান আলী আহমেদে কাক ভোটদান কৰিব সেয়া তেওঁ অৱগত নহয় বুলি মন্তব্য কৰে মুখ্যমন্ত্ৰীগৰাকীয়ে ৷

Assam CM  visits MLA Shashikanta Das's Residence at Raha
মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মা

ৰহাৰ জোঙাল বলহু গড়ৰ আঁচনি পৰিদৰ্শন কৰি মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মা উপস্থিত হয় ৰহাৰ বিধায়ক শশীকান্ত দাসৰ বাসগৃহত । শশীকান্ত দাসৰ ঘৰত উপস্থিত হৈ সংবাদ মাধ্যমৰ সন্মুখত মুখ্যমন্ত্ৰীয়ে কেইবাটাও গুৰুত্বপূৰ্ণ মন্তব্য কৰে ৷ তেওঁ ৰাজ্যসভা নিৰ্বাচনত হুইপৰ কোনো মূল্য নাথাকে বুলি মন্তব্য কৰি আগন্তক ৰাজ্যসভা নিৰ্বাচনৰ দুয়োখন আসনেই বিজেপিয়ে দখল কৰাটো নিশ্চিত বুলি দাবী কৰে (Himanta Biswa Sarma on Rajya Sabha election)৷

নিলম্বিত কংগ্ৰেছ বিধায়ক শশীকান্ত দাসক সাক্ষাৎ মুখ্যমন্ত্ৰীৰ

মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই কংগ্ৰেছী বিধায়ক শশীকান্ত দাসে ৰাজ্যসভা নিৰ্বাচনত বিজেপি সমৰ্থিত প্ৰাৰ্থীক ভোটদান কৰিব বুলি মন্তব্য কৰে মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই । উল্লেখযোগ্য যে বিজেপি-অগপ মিত্ৰজোঁটৰ চৰকাৰক সমৰ্থন কৰি ইতিমধ্যেই কংগ্ৰেছ দলৰ পৰা নিলম্বিত হৈছিল কংগ্ৰেছী বিধায়ক শশীকান্ত দাস । মুখ্যমন্ত্ৰীৰ এই ভ্ৰমণকালত মন্ত্ৰী পীযুষ হাজৰিকা, বিধায়ক ৰূপক শৰ্মা আৰু জয়ন্ত মল্ল বৰুৱাই সংগ দিয়ে ।

লগতে পঢ়ক : CM meets Sashi Kanta Das : ৰাজ্যসভাৰ অংকত আউল লাগিব নেকি কংগ্ৰেছৰ !

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.