ETV Bharat / state

পাটকাই পাহাৰত পুনৰ মৃত্যুৰ কিৰিলি : ৩ জন কয়লা শ্ৰমিক জীৱন্তে ভূগৰ্ভস্থ - PEOPLE DIE IN COAL MINES

author img

By ETV Bharat Assamese Team

Published : May 26, 2024, 12:10 PM IST

Updated : May 26, 2024, 4:27 PM IST

Illegal Coal Mine Collapse : কয়লাখনিত মৃত্যুৰ কিৰিলি ৷ এইবাৰ পাটকাই পাহাৰৰ পৰা আহিছে এই দুৰ্ঘটনাৰ খবৰ ৷ পাটকাই পাহাৰৰ এটা কয়লাখনিত ৩ জন শ্ৰমিক জীৱন্তে ভূ গৰ্ভস্থ হৈছে ৷

Illegal Coal Mine Collapse
পাটকাই পাহাৰত পুনৰ মৃত্যুৰ কিৰিলি : ৩ জন কয়লা শ্ৰমিক জীৱন্তে ভূগৰ্ভস্থ (Etv Bharat)

তিনিচুকীয়া, ২৬ মে’ : ৰাজ্যত অব্যাহত আছে চোৰাং কয়লাৰ ৰমৰমীয়া বেহা আৰু সেই চোৰাং কয়লাৰ মাফিয়াৰ তত্ত্বাৱধানত কাম কৰি মৃত্যু মুখত পৰিছে বহু শ্ৰমিক । শেহতীয়াকৈ পুনৰ পাটকাই পাহাৰৰ পৰা মৃত্যুৰ কিৰিলিৰ খবৰ আহি পৰিছে । নিজে গঢ়ি তোলা অবৈধ আণ্ডাৰ গ্ৰাউণ্ড মাইনিং বা ৰেট হ'ল মাইনিঙত কয়লা খনন কৰিবলৈ গৈ জীৱন্তে ভূগৰ্ভস্থ হ'ল তিনিজন কয়লা শ্ৰমিক ।

Workers die in illegally operated coal mine mishap in Patkai
পাটকাই পাহাৰত পুনৰ মৃত্যুৰ কিৰিলি (ETV Bharat Assam)

চৰ্চিত খবৰ অনুসৰি, লিডুৰ টিকক কলিয়ৰীৰ অন্তৰ্গত বৰগোলাই-নামদাঙৰ মাজত থকা টিকক ৱেষ্ট মাইনিঙত অবৈধভাৱে গঢ়ি তোলা এটা আণ্ডাৰ গ্ৰাউণ্ড মাইনিঙত কয়লা খনন কৰিবলৈ গৈছিল চাৰি শ্ৰমিক । ইয়াৰে তিনিজনে ভিতৰত কয়লা খনন কৰি আছিল আৰু এজনে বাহিৰত থাকি সৰবৰাহ কৰি আছিল । তেনে সময়তে ভূমিস্খলন হৈ মাইনিঙৰ পথটো বন্ধ হৈ পৰে । ফলত তাতে তিনিজন শ্ৰমিক আৱদ্ধ হৈ মৃত্যু মুখত পৰা বুলি আশংকা কৰা হৈছে ।

Workers die in illegally operated coal mine mishap in Patkai
কয়লা শ্ৰমিক জীৱন্তে ভূগৰ্ভস্থ (ETV Bharat Assam)

মাইনিঙৰ বাহিৰত কয়লা কঢ়িয়াই থকা এজন শ্ৰমিকৰ চকু সন্মুখতে এই ঘটনা সংঘটিত হয় । জীৱন্তে ভূগৰ্ভস্থ হোৱা শ্ৰমিক তিনিজনৰ এজন নেপালৰ ভূজপুৰৰ দাৱা চেৰপা আৰু আন দুজন মেঘালয়ৰ বুলি জানিব পৰা গৈছে । মেঘালয়ৰ দুজনৰ নাম জন আৰু ফিনাল বুলি গম পোৱা গৈছে ।

Workers die in illegally operated coal mine mishap in Patkai
কয়লা খনিত মৃত্যুৰ কিৰিলি (ETV Bharat Assam)

এই খবৰ বিয়পি পৰাৰ পাচতে পৰৱৰ্তী সময়ত ঘটনাস্থলীত স্থানীয় আৰক্ষী আৰু উত্তৰ পূব কয়লা ক্ষেত্ৰৰ উচ্চ পদস্থ বিষয়া উপস্থিত হৈ তিনি শ্ৰমিকক উদ্ধাৰৰ বাবে অভিযান চলায় ৷ অৱশ্যে বাতৰি প্ৰস্তুত কৰা সময়লৈকে তেওঁলোকৰ কোনো শুংসূত্ৰ পোৱা নাই । এই সমগ্ৰ ঘটনাই অঞ্চলটোত তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে ।

Workers die in illegally operated coal mine mishap in Patkai
পাটকাই পাহাৰত পুনৰ মৃত্যুৰ কিৰিলি (ETV Bharat Assam)

উল্লেখ্য যে, বিগত দিনসমূহতো এনে অবৈধ আণ্ডাৰ গ্ৰাউণ্ড মাইনিঙ বা ৰেট হ'ল মাইনিঙত কয়লা খনন কৰিবলৈ গৈ বহু শ্ৰমিকৰ মৃত্যু হোৱাৰ বাতৰি পোৱা গৈছিল ৷ শেহতীয়াকৈ মাকুমৰ প্ৰাঞ্জল মৰাণৰ মৃত্যু হোৱা ঘটনাই ৰাজ্যৰ লগতে দিল্লী পৰ্যন্ত খলকনিৰ সৃষ্টি কৰিছিল ৷ যাৰ বাবে আৰক্ষী সঞ্চালক প্ৰধানৰ নিৰ্দেশ অনুসৰি প্ৰায় তিনি মাহৰ অন্তত মৃতদেহ উদ্ধাৰ কৰিছিল ৷ প্ৰাঞ্জল মৰাণৰ পাচতো কেইবাগৰাকীও শ্ৰমিকৰ মৃত্যুৰ খবৰ আহি পৰিছিল ৷

এক কথাত ক’বলৈ গ’লে, এনেধৰণৰ অবৈধ আণ্ডাৰ গ্ৰাউণ্ড মাইনিঙ বা ৰেট হ'ল মাইনিঙত কয়লা খনন মানেই একপ্ৰকাৰে প্ৰতিটো মুহূৰ্তত মৃত্যুৰ সৈতে খেলা কৰা ৷ কিন্তু ইমানৰ পাচতো যেন শিক্ষা লোৱা নাই কয়লা মাফিয়া, আৰক্ষী কিম্বা শ্ৰমিকে ৷

লগতে পঢ়ক : ডিব্ৰু নৈৰ প্ৰৱল খহনীয়াত জাহ গ'ল কেইবাটাও বাসগৃহ - massive erosion of dibru river

Last Updated : May 26, 2024, 4:27 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.