ETV Bharat / state

ডিব্ৰু নৈৰ প্ৰৱল খহনীয়াত জাহ গ'ল কেইবাটাও বাসগৃহ - massive erosion of dibru river

Erosion in Tinsukia : নৈপৰীয়া ৰাইজৰ আৰ্তনাদ । শুৱ পৰা নাই গুইজান খামটি গোৱালী কয়লা পথাৰৰ নৈপৰীয়া ৰাইজে । গুইজান খামটি গোৱালী কয়লা পথাৰ গাঁৱত এতিয়া খহনীয়াই সৃষ্টি কৰিছে তাণ্ডৱ ।

Water rises in Dibru river in Guijan
গুইজানত ডিব্ৰু নৈৰ পানী বৃদ্ধি
author img

By ETV Bharat Assamese Team

Published : March 26, 2024 at 1:39 PM IST

2 Min Read
Choose ETV Bharat
গুইজানত ডিব্ৰু নৈৰ পানী বৃদ্ধি

তিনিচুকীয়া, ২৬ মাৰ্চ: তিনিচুকীয়া জিলাৰ গুইজানত ডিব্ৰু নৈৰ পানী হঠাৎ বৃদ্ধি পাবলৈ ধৰিছে । ডিব্ৰু নৈৰ বাঢ়নী পানীৰ ফলত বান-গৰাখহনীয়াই কাল ৰূপ ধাৰণ কৰিছে গুইজান খামটি গোৱালী কয়লা পথাৰ গাঁৱত । ২০০৪ চনৰ পৰা বসবাস কৰি থকা কয়লা পথাৰ গাঁৱৰ নৈপৰীয়া গঞা ৰাইজক কিছুদিনাৰ পৰা হোৱা প্ৰৱল গৰাখহনীয়াই নিদ্ৰাহৰণ কৰিছে । বৰ্তমানলৈকে কেইবাটাও বাসগৃহ ডিব্ৰু নৈত জাহ গৈছে ।

গৰাখহনীয়াই কাল ৰূপ ধাৰণ কৰাত বৰ্তমান ৰাইজৰ মাজত হাহাকাৰময় পৰিৱেশৰ সৃষ্টি হৈছে । ভুক্তভোগী ৰাইজে দুখত ভাগি পৰি সংবাদমাধ্যমৰ আগত ক্ষোভেৰে কয়," আমাক গুলীয়াই মাৰক।" নিৰ্বাচন আহিলে ভোটৰ সময়ত জনপ্ৰতিনিধিয়ে বিচাৰি আহে বুলি উল্লেখ কৰি কয়," ভোটৰ সময়ত আমাক লাগে, তাৰ পিছত আমাক নালাগে ৷ নিৰ্বাচনত জয়ী হৈ গাদীত বহাৰ পাছত আমাক পাহৰি যায় ৷"

উল্লেখযোগ্য যে কয়লা পথাৰ গাঁৱৰ ৰাইজে গাওঁপ্ৰধানক জনোৱাত তেওঁ ভোক্তভোগী ৰাইজৰ কাষত উপস্থিত হয় যদিও কোনো পৰামৰ্শ নিদিয়াৰ গুৰুতৰ অভিযোগ উত্থাপন কৰিছে ভুক্তভোগী ৰাইজে । নিৰ্বাচনৰ গৰম বতাহ বলি থকাৰ সময়তেই পূৰ্বৰ দৰে খামটি গোৱালী কয়লা পথাৰ গাঁৱৰ ৰাইজে গৰাখহনীয়াত ঘৰ-মাটি হেৰুৱাবলগীয়া হৈছে । এই সময়ত ৰাজনৈতিক নেতাসকলে ভুক্তভোগী ৰাইজৰ মাজত সকাহ দিবলৈ থিয় হয় নে নহয় সেয়া লক্ষণীয় বিষয় ।

ডিব্ৰু নদীৰ প্ৰৱল গৰাখহনীয়াত বিগত বৰ্ষৰ পৰা কেইবাটাও পৰিয়ালৰ ঘৰ-মাটি উটুৱাই নিয়াৰ পিছত হাহাকাৰ অৱস্থাৰ সৃষ্টি হৈছে । ভুক্তভোগী ৰাইজে গুইজান খামটি গোৱালী কয়লা পথাৰ গাঁৱত হোৱা এই খহনীয়া প্ৰতিৰোধৰ বাবে শীঘ্ৰে ব্য়ৱস্থা গ্ৰহণ কৰিবলৈ দাবী জনাইছে । অন্য়থা ইয়াৰ প্ৰত্য়ুত্তৰ লোকসভা নিৰ্বাচনৰ সময়ত দিব বুলি সকীয়াই দিছে গাঁওবাসীয়ে।

লগে পঢ়ক:আবতৰীয়া বান আৰু গড়াখহনীয়াৰ কবলত ধলাবাসী, আটছাৰ প্ৰতিবাদ