ETV Bharat / entertainment

পিতৃৰ পেছাৰ প্ৰতি মোহ নাই এইগৰাকী ষ্টাৰকিডৰ! - Akshay Kumar Son Aarav

author img

By ETV Bharat Assamese Team

Published : May 21, 2024, 8:51 PM IST

Akshay Kumar Son Aarav : অক্ষয় কুমাৰৰ পুত্ৰই শ্বাহৰুখ খানকে ধৰি বলীউডৰ বহুতাৰকাৰ সন্তানৰ দৰে অভিনেতা হ'ব নিবিচাৰে। আৰৱে ২১ বছৰ বয়সত লণ্ডনত কি কৰি আছে জানি লওক-

Akshay Kumar son Aarav does not want to become an actor like SRK And Aamir Khan Kids
অক্ষয় কুমাৰৰ পুত্ৰ আৰৱ (etv bharat)

চিটাৰা ডেস্ক, 21 মে’ : বলীউডৰ ছুপাৰষ্টাৰ অক্ষয় কুমাৰ এজন অন্যতম ধনী আৰু সফল অভিনেতা । বলীউডত এবছৰত সৰ্বাধিক ছবি কৰা তাৰকা অক্ষয় কুমাৰ । অক্ষয় সদায় শ্বুটিঙতে ব্যস্ত থাকে । শ্বুটিঙৰ পৰা কিছু সময় পালে অভিনেতাজনে পৰিয়ালক সম্পূৰ্ণ সময় দিয়ে । বড়ে মিয়ান ছোটে মিয়ান ছবিখনৰ ফ্লপ হোৱাৰ পিচত এতিয়া তেওঁ জলী এল এল বি ৩ৰ শ্বুটিঙত ব্যস্ত হৈ আছে । শেহতীয়াকৈ এটা শ্ব’ত অক্ষয় কুমাৰে নিজৰ পুত্ৰ আৰৱ ভাটিয়াক লৈ এটা তথ্য ফাদিল কৰিছে ।

অক্ষয় কুমাৰৰ পুত্ৰ আৰৱ ভাটিয়াই শ্বাহৰুখ খান, আমিৰ খান আৰু ছৈফ আলী খানৰ পুত্ৰৰ দৰে অভিনেতা হোৱাৰ সপোন দেখা নাই । অক্ষয়ে কয় যে তেওঁৰ ল’ৰাটো অতি সহজ-সৰল আৰু অক্ষয়ে নিবিচাৰে যে তেওঁৰ ল’ৰাটো বিদেশলৈ যাওক । ক্ৰিকেটাৰ শিখৰ ধৱনৰ নতুন টক শ্ব’ ধৱন কাৰেংগেত এই কথা প্ৰকাশ কৰিছে অক্ষয় কুমাৰে ।

১৫ বছৰ বয়সতে এৰিলে ঘৰ

এই শ্ব’টোত অক্ষয়ে কৈছে যে তেওঁৰ পুত্ৰই ১৫ বছৰ বয়সতে ঘৰ এৰি থৈ গৈছিল আৰু এতিয়া লণ্ডনত পঢ়ি আছে । অক্ষয় কয়, ‘মোৰ ল’ৰা আৰৱ অলপ বেলেগ, সি পঢ়ি ভাল পায় আৰু পৃথক হৈ থাকিবলৈ ভাল পায় ৷ আৰৱে বাহিৰত পঢ়া-শুনা কৰি আছে আৰু এইটো তাৰ সিদ্ধান্ত ৷ যদিও মোৰ ইচ্ছা নাছিল, কিন্তু মই তাক বাধা দিব নোৱাৰিলোঁ, বলীউডলৈ আহিবলৈয়ো মন নাই তাৰ ।

অক্ষয় কুমাৰে লগতে কয়, ‘মোৰ ল’ৰাই লণ্ডনত থাকি নিজৰ কাপোৰ নিজে ধোৱে ৷ নিজৰ খানাও নিজে ৰান্ধে । আনকি বাচনো সি নিজে ধোৱে । তাতোকৈ ডাঙৰ কথা যে দামী কাপোৰ কিনাতকৈ চেকেণ্ড হেণ্ড ষ্ট’ৰলৈ গৈ কাপোৰ কিনে, কাৰণ সি টকাৰ অপচয় ভাল নাপায় ।

বলীউডৰ ছুপাৰষ্টাৰ শ্বাহৰুখ খান, ছৈফ আলী খান, আমিৰ খানৰ সন্তানে বলীউডত অভিষেক ঘটাবলৈ প্ৰস্তুতি চলাই আছে । ছৈফৰ পুত্ৰ ইব্ৰাহিম আলী খান, শ্বাহৰুখ খানৰ সন্তান সুহানা খান আৰু আৰিয়ান খান, আমিৰ খানৰ পুত্ৰ জুনেইদ খানক অতি সোনকালে ৰূপালী পৰ্দাত দেখিবলৈ পোৱা যাব ।

লগতে পঢ়ক : বিনা প্ৰতিদ্বন্দ্বিতা-ঈৰ্ষা বিনে একেটা পেছাতে এজনে আনজনক প্ৰশংসা কৰাটো সম্ভৱ জানো ? - bollywood celebrities catfight

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.