ETV Bharat / entertainment

বিনা প্ৰতিদ্বন্দ্বিতা-ঈৰ্ষা বিনে একেটা পেছাতে এজনে আনজনক প্ৰশংসা কৰাটো সম্ভৱ জানো ? - bollywood celebrities catfight

author img

By ETV Bharat Assamese Team

Published : May 16, 2024, 11:58 AM IST

bollywood celebrities catfight : শেহতীয়াকৈ দুই বলীউড অভিনেত্ৰীৰ দুটা পোষ্ট চৰ্চালৈ আহিছে ৷ প্ৰীতি জিণ্টা আৰু জিনাত আমান ছ’চিয়েল মিডিয়া পোষ্টে বলীউডত বহু আগৰে পৰা চলি অহা মহিলা প্ৰতিদ্বন্দ্বিতাৰ আখ্যানক প্ৰত্যাহ্বান জনাইছে ৷ অভিনেত্ৰী মনীষা কৈৰালা আৰু ডিম্পল কাপাডিয়াৰ প্ৰতি দুই অভিনেত্ৰীয়ে প্ৰকৃত প্ৰশংসা আৰু সমৰ্থন প্ৰদৰ্শন কৰা পৰিলক্ষিত হৈছে ।

bollywood celebrities catfight
বলীউডৰ কেটফাইট (etv bharat)

চিটাৰা ডেস্ক, 16 মে’ : যিখন ছবি আমি দেখি আহিছো, সেই ছবিখনে এয়ে কয় যে হিন্দী ছবিজগতত অভিনেত্ৰীসকল সদায়ে সমুখ সমৰতহে নামে ৷ সমৰ্থনৰ ভাৱধাৰা তেওঁলোকৰ মাজত নাথাকে ৷ কেটফাইটৰ বাতৰি আৰু এখন চিনেমাৰ ছেটত দুগৰাকী শীৰ্ষস্থানৰ অভিনেত্ৰীৰ মাজত কথা-বতৰা নচলাটোৱে বলীউডৰ গৰম খবৰ ৷ এনেদৰেই পিছে বহু সময়ত উৰাবাতৰিও বিয়পে ৷ পিছে শেহতীয়াকৈ এটা যোগাত্মক বাৰ্তা দিলে বলীউডৰ দুটা বেলেগ বেলেগ সময়ৰ দুগৰাকী শীৰ্ষস্থানৰ অভিনেত্ৰীয়ে ৷ বাস্তৱতা ছবিখন প্ৰতিফলিত কৰা তেওঁলোকৰ এই ব্যৱহাৰ মচলাযুক্ত শিৰোনামবোৰৰ পৰা বহু দূৰত ।

মোহময়ী অভিনেত্ৰী প্ৰীতি জিণ্টাই ইনষ্টাগ্ৰামত অভিনেত্ৰী মনীষা কৈৰালাক প্ৰশংসা কৰে ৷ হীৰামাণ্ডী : দ্য ডায়েমণ্ড বাজাৰত কৰা অভূতপূৰ্ব অভিনয়ৰ মনীষা কৈৰালা সৰ্বব্যাপীৰূপত প্ৰশংসিত হৈছে ৷ সুযোগ এৰি নিদিলে প্ৰীতি জিণ্টাইয়ো ৷ কিন্তু একেটা পেছাতে থকা এজনে আনজনক হিয়া উজাৰি প্ৰশংসা কেতিয়া কৰিব পাৰে ? নিশ্চয়কৈ যেতিয়া প্ৰতিযোগিতামূলক মনোভাৱৰ ঠাইত সহৃদয়তা থাকে ৷ যেতিয়া সকলো সমানে আগবাঢ়ি যোৱাৰ মনোভাৱ থাকে ৷ শেহতীয়া প্ৰীতি জিণ্টাৰ পোষ্টটোৱে তাকেই সূচাইছে ৷

bollywood celebrities catfight
বলীউডত সহৃদয়তা (etv bharat)

প্ৰীতি আৰু মনীষাই বিখ্যাত দিল ছে ছবিখনত একেলগে অভিনয় কৰিছিল ৷ মনীষাক ‘প্ৰতিভাৰ পাৱাৰহাউচ’ বুলি অভিহিত কৰি এগৰাকী সুন্দৰ মনৰ ব্যক্তি বুলি উল্লেখ কৰে তেওঁ ৷ ১৯৯৮ চনৰ মণি ৰত্নমৰ চলচ্চিত্ৰৰ ছেটত তেওঁলোকৰ সময়ৰ কথা মনত পেলাই জিণ্টাই কৈৰালাৰ নিৰ্দেশনা আৰু দয়াৰ বাবে কৃতজ্ঞতা জ্ঞাপন কৰে, যিয়ে তেওঁক তেওঁৰ চলচ্চিত্ৰ যাত্ৰা ইতিবাচকভাৱে আৰম্ভ কৰাত সহায় কৰে বুলি উল্লেখ কৰে অভিনেত্ৰীগৰাকীয়ে । কৈৰালাৰ পেছাদাৰীত্বক প্ৰশংসা কৰি কয় যে সদায় হাঁহি এটা মুখত লৈ থকা কৈৰালাই সহযোগিতা আৰু পৰামৰ্শৰ বাবে সদা প্ৰস্তুত থাকে ।

পুৰণি স্মৃতিয়ে সকলোকে আমনি কৰে ৷ অলপতে জিনাত আমানে অভিনেত্ৰী ডিম্পল কাপাডিয়া, চলচ্চিত্ৰ নিৰ্মাতা জয় মুখাৰ্জীৰ সৈতে এখন ফটো পোষ্ট কৰে ৷ ছবিখনত সৌহাৰ্দ্যৰ এক স্পষ্ট মুহূৰ্ত ফুটি উঠিছে, আমান আৰু কাপাডিয়াৰ মাজত কথাৰ ভাগ-বতৰা সুন্দৰকৈ উপস্থাপন কৰিছে ।

ইনষ্টাগ্ৰামত শ্বেয়াৰ কৰা পোষ্টটোত, তেওঁ কাপাডিয়াক প্ৰশংসা কৰে আৰু আমানৰ জীৱনৰ এক কঠিন পৰ্যায়ত তেওঁৰ মানসিক শক্তিৰ ওপৰত আলোকপাত কৰে । সমালোচনা আৰু নিৰীক্ষণৰ সন্মুখীন হোৱা স্বত্বেও তেওঁ ৰাজহুৱাভাৱে তেওঁৰ কাষত থিয় দিয়াৰ বাবে কাপাডিয়াক প্ৰশংসা কৰে ।

এই পোষ্টবোৰে বলীউডৰ একাধিক তাৰকাৰ মনোযোগ আকৰ্ষণ কৰিছে । জনবিশ্বাসৰ বিপৰীতে, হিন্দী চলচ্চিত্ৰৰ অভিনেত্ৰীসকলো ইজনে সিজনৰ প্ৰতি সমৰ্থন আৰু উত্থানশীল হ'ব পাৰে বুলি প্ৰমাণ কৰিছে এই পোষ্টে ।

লগতে পঢ়ক : কেটৰিণাৰ সৈতে একেলগে অভিনয় কৰিবলগীয়া ছবিখন নকৰে প্ৰিয়ংকাই ! - Katrina Priyanka throwback picture

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.