আবতৰীয়া বান আৰু গড়াখহনীয়াৰ কবলত ধলাবাসী, আটছাৰ প্ৰতিবাদ

By ETV Bharat Assamese Team

Published : Mar 1, 2024, 12:33 PM IST

thumbnail

তিনিচুকীয়া, ১ মাৰ্চ : ব্ৰহ্মপুত্ৰৰ ভয়ংকৰ গৰাখহনীয়াৰ কবলত পৰিছে শদিয়া বিধানসভা সমষ্টিৰ ধলা অঞ্চলৰ ন বৰমূৰা পঞ্চায়তৰ অন্তৰ্গত নাওকাটা ফেলাই অঞ্চল । বিগত 25 বছৰ ধৰি অঞ্চলটোত বান আৰু গৰখহনীয়াই জুৰুলা কৰিছে ৷ পূৰ্বৰ দৰে এইবাৰো আবতৰীয়া গৰাখহনীয়াই আতংকিত কৰিছে অঞ্চলবাসীক ৷

অঞ্চলটো বান আৰু গৰাখহনীয়াত মাটি ভেটি হেৰুৱাৰ আশংকাত বৃহস্পতিবাৰে অসম চাহ জনজাতি ছাত্ৰ সন্থাৰ উদ্যোগত এক সজাগতা সভা অনুষ্ঠিত কৰা হয় । জানিব পৰা মতে, অঞ্চলটোৰ প্ৰায় 70, 90 গৰাকী কৃষকেই ৰবি শস্য, খাৰিফ শস্য কৰি জীৱিকা নিৰ্বাহ কৰি আহিছে ।

সভাত বিজেপি চৰকাৰৰ ভুৱা প্ৰতিশ্ৰুতিৰ বিৰুদ্ধে তীব্ৰ প্ৰতিবাদ জনাই আটছাই বাৰিষাৰ আগে আগে অঞ্চলটোৰ বান আৰু গৰাখহনীয়াৰ সমস্যাৰ স্থায়ী সমাধানৰ বাবে চৰকাৰক দাবী জনায় ৷

লগতে পঢ়ক: জনপ্ৰতিনিধিলৈ কিমান আৰু বাট চাব ! খহনীয়া ৰোধৰ বাবে নিজেই ওলাই আহিল ৰাইজ

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.