ETV Bharat / state

জনপ্ৰতিনিধিলৈ কিমান আৰু বাট চাব ! খহনীয়া ৰোধৰ বাবে নিজেই ওলাই আহিল ৰাইজ

author img

By ETV Bharat Assamese Team

Published : Jan 4, 2024, 4:16 PM IST

Updated : Jan 4, 2024, 7:44 PM IST

Erosion in Kalgachia: জনপ্ৰতিনিধিক কৈ কৈ ভাগৰি গ’ল ৷ অৱশেষত গাঁওবাসী নিজেই ওলাই আহি শ্ৰমদান কৰি, গাঁঠিৰ ধন ভাঙি গৰাখহনীয়া ৰোধৰ চেষ্টা চলাইছে ৷ নিৰ্বাচনৰ সময়ত নেতাসকল পুনৰ ৰাইজৰ কাষলৈ আহিব যদিও গৰাখহনীয়াৰ সময়ত দেখাদেখি নাই ৷

Beki River Erosion
বেকী নদী গৰাখহনীয়া

কলগাছিয়াত বেকী নদীৰ খহনীয়া ৰোধৰ চেষ্টা অঞ্চলবাসীৰ

জনিয়া, 4 জানুৱাৰী: জনপ্ৰতিনিধিৰ ওপৰত ভৰসা কৰিবলৈ বাদ দি হাতে-কামে লাগিল কলগাছিয়াৰ সাওৰাচৰা গাঁওবাসী ৷ বেকী নদীৰ খহনীয়া ৰোধৰ চেষ্টাৰে গাঁওবাসীয়ে গাঁঠিৰ ধন ভাঙি বাঁহৰ পাৰ্কুপাইনৰ ব্যৱস্থা কৰিছে ।

জনিয়াৰ বিধায়ক ড৹ হাফিজ ৰফিকুল ইছলাম আৰু বৰপেটাৰ সাংসদ আব্দুল খালেকৰ বিৰুদ্ধে তীব্ৰ ক্ষোভ প্ৰকাশ কৰিছে খহনীয়াগ্ৰস্ত ৰাইজে । উল্লেখ্য যে বৰপেটা জিলাৰ কলগাছিয়া ৰাজহ চক্ৰৰ অন্তৰ্গত সাওৰাচৰা গাঁৱত বেকী নদীয়ে বিধ্বংসী গৰাখহনীয়া আৰম্ভ কৰিছে বাৰিষাৰ পূৰ্বেই ।

উক্ত গৰাখহনীয়া প্ৰতিৰোধ বাবে জনপ্ৰতিনিধিয়ে কোনোধৰণৰ ব্যৱস্থা গ্ৰহণ নকৰাত উপায়ন্তৰ হৈ গাওঁবাসীয়েই শ্ৰমদান কৰি বাঁহৰ পাৰ্কুপাইনেৰে নদীখন নিয়ন্ত্ৰণৰ চেষ্টা কৰিছে । উল্লেখযোগ্য যে উক্ত ঠাইখিনিত প্ৰতি বছৰে প্ৰলয়ংকাৰী বানৰ পিচত বেকী নদীয়ে সাওৰাচৰা গাঁৱৰ লগতে সাওৰাচৰা পথাৰ গাঁও যথেষ্ট ক্ষতি কৰে ।

ইতিমধ্যে বেকী নৈৰ বুকুত জাহ গৈছে প্ৰায় ৫ শতাধিক পৰিয়াল । যাৰ ফলত শংকিত হৈ নিজৰ ঘৰ দুৱাৰ ভাঙি নিৰাপদ স্থানলৈ ঢাপলি মেলিছে ৰাইজে । কোনোৱে যদি পথৰ দাঁতিত আশ্ৰয় লৈছে, কোনোৱে বহিঃৰাজ্যলৈ কৰ্মৰ সন্ধানত ঢাপলি মেলিছে, আন কোনোবাই বেলেগৰ মাটিত আশ্ৰয় লৈছে । কিন্তু আজিলৈকে এগৰাকীও জনপ্ৰতিনিধিৰ চকুত পৰা নাই গাঁওখন ৷ অৱশ্যে নিৰ্বাচনৰ সময়ত গাঁওখনত ভিৰ কৰে নেতাসকলে ।

উল্লেখ্য যে বেকী নদীয়ে গতিপথ সলনি কৰাৰ ফলত ৰাইজৰ শ শ বিঘা কৃষিভূমি নৈৰ বুকুত জাহ গৈছে ৷ এই সন্দৰ্ভত ৰাইজ কেবাবাৰো জনপ্ৰতিনিধিৰ কাষ চাপিছিল ৷ কিন্তু কানসাৰ নিদিয়াত বৃহস্পতিবাৰে অঞ্চলবাসী ওলাই আহি নিজাববীয়াকৈ আৰম্ভ কৰে খহনীয়া প্ৰতিৰোধৰ ব্যৱস্থা ।

অতি শীঘ্ৰে জলসম্পদ মন্ত্ৰী পীযুষ হাজৰীকাৰ লগতে অসমৰ মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাক গৰাখহনীয়া প্ৰতিৰোধৰ দাবী জনাইছে ভুক্তভোগী ৰাইজে ।

লগতে পঢ়ক: অবৈধ পলস খননে আকৌ বিপদ মাতিছে ৰহমৰীয়ালৈ !

Last Updated :Jan 4, 2024, 7:44 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.