মাধ্যমিক বিদ্যালয় কাৰ্যালয় সহায়ক সংস্থাৰ 19 সংখ্যক দ্বি-বাৰ্ষিক অধিৱেশনৰ আদৰণি সমিতি গঠন - Biennial Conference - BIENNIAL CONFERENCE
🎬 Watch Now: Feature Video


Published : May 25, 2024 at 7:44 PM IST
জোনাই, 25 মে’ : সদৌ অসম মাধ্যমিক বিদ্যালয় কাৰ্যালয় সহায়ক সংস্থাৰ 19 সংখ্যক দ্বি-বাৰ্ষিক অধিৱেশনৰ যো-জা ৷ ডিচেম্বৰ মাহত ধেমাজি জিলাৰ চিলাপথাৰত অনুষ্ঠিত হ’ব সদৌ অসম মাধ্যমিক বিদ্যালয় কাৰ্যালয় সহায়ক সংস্থাৰ কেন্দ্ৰীয় সমিতিৰ এই অধিবেশন ৷
সদৌ অসম মাধ্যমিক বিদ্যালয় কাৰ্যালয় সহায়ক সংস্থাৰ 19 সংখ্যক দ্বি-বাৰ্ষিক অধিৱেশনৰ আদৰণি সমিতি গঠন সন্দৰ্ভত শুকুৰবাৰে চিলাপথাৰত এক ৰাজহুৱা সভা অনুষ্ঠিত হয় ৷ 19 সংখ্যক দ্বি -বাৰ্ষিক অধিৱেশনৰ আদৰণি সমিতিত সভাপতি হিচাবে জোনাই সমষ্টিৰ বিধায়ক ভুৱন পেগু, ৰাজ্যৰ শিক্ষামন্ত্ৰী ডাঃ ৰণোজ পেগু আৰু সাংসদ প্ৰদান বৰুৱাক মুখ্য পৃষ্ঠপোষকৰ লগতে বিদ্যালয় পৰিদৰ্শকসকলক মুখ্য উপদেষ্টা হিচাপে লৈ কেন্দ্ৰীয় সমিতিৰ উপস্থিতিত আজি আদৰণি সমিতি গঠন কৰা হয় ৷
লগতে পঢ়ক : সত্ৰীয়া সংস্কৃতিৰ সাধক জিতেন্দ্ৰ নাথ প্ৰধানীলৈ মাধৱদেৱ বঁটা - Madhavdev Award 2023 24