ETV Bharat / state

সত্ৰীয়া সংস্কৃতিৰ সাধক জিতেন্দ্ৰ নাথ প্ৰধানীলৈ মাধৱদেৱ বঁটা - madhavdev award 2023 24

author img

By ETV Bharat Assamese Team

Published : May 25, 2024, 8:58 AM IST

Madhavdev award : অসম সত্ৰ মহাসভাৰ সভাপতি, মধুপুৰ সত্ৰৰ সভাপতি, সত্ৰশালৰ ৰামৰায় কুঠি সত্ৰৰ সত্ৰাধিকাৰ জিতেন্দ্ৰ নাথ প্ৰধানীলৈ চলিত বৰ্ষৰ মাধৱদেৱ বঁটা ৷ এই বঁটা প্ৰদান কৰে সুন্দৰীদিয়া সত্ৰই ।

Jintendra nath pradhani conferred with madhavdev award by sundaridiya satra
সত্ৰীয়া সংস্কৃতিৰ সাধক জিতেন্দ্ৰ নাথ প্ৰধানীলৈ মাধৱদেৱ বঁটা (ETV BHARAT ASSAM)

বৰপেটা, 25 মে’: মহাপুৰুষ মাধৱদেৱৰ 536 সংখ্যক আবিৰ্ভাৱ মহোৎসৱৰ লগত সংগতি ৰাখি সুন্দৰীদিয়া সত্ৰৰ তৰফৰ পৰা অসমৰ সত্ৰীয়া সংস্কৃতিৰ সাধক, অসমীয়া তথা সংস্কৃত ভাষা সাহিত্যৰ বিদগ্ধ পণ্ডিত, অসম চৰকাৰৰ সাংস্কৃতিক বিষয়া অসম সত্ৰ মহাসভাৰ সভাপতি জিতেন্দ্ৰ নাথ প্ৰধানীক মাধৱদেৱ বঁটা প্ৰদান কৰা হয় । দুজনা গুৰুৱে প্ৰতিষ্ঠা কৰি থৈ যোৱা একশৰণ নামধৰ্মক প্ৰচাৰ প্ৰসাৰ কৰাৰ ক্ষেত্ৰত নিৰলসভাৱে প্ৰচেষ্টা চলায় যোৱাৰ বাবে জিতেন্দ্ৰ নাথ প্ৰধানীক এই বৰ্ষৰ মাধৱদেৱ বঁটাৰে বিভূষিত কৰে সুন্দৰীদিয়া সত্ৰ পৰিচালনা সমিতিয়ে ।

সত্ৰীয়া সংস্কৃতিৰ সাধক জিতেন্দ্ৰ নাথ প্ৰধানীলৈ মাধৱদেৱ বঁটা (ETV BHARAT ASSAM)

অসমৰ লগতে অসমৰ বাহিৰতো বিশেষকৈ পশ্চিম অসম, উত্তৰ বংগৰ কোচবিহাৰ, তুফানগঞ্জ, হৰিপুৰ, আলিপুৰ দুৱাৰ, জলপাইগুৰিত একশৰণ নামধৰ্মৰ প্ৰচাৰৰ উপৰিও সত্ৰীয়া কলা-সংস্কৃতিৰ প্ৰসাৰৰ হেতু সত্ৰ-নামঘৰ প্ৰতিষ্ঠাত ব্ৰতী হৈ ভাৰত-বাংলাদেশ সীমান্তৱৰ্তী অঞ্চলসমূহতো এতিয়ালৈকে প্ৰায় আঠখন সত্ৰ প্ৰতিষ্ঠা কৰা হৈছে জিতেন্দ্ৰ নাথ প্ৰধানীৰ নেতৃত্বত ।

দুজনা গুৰুক আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত প্ৰতিষ্ঠা কৰিবলৈ অগ্ৰণী ভূমিকা গ্ৰহণ কৰা অসম সত্ৰ মহাসভাৰ সভাপতি, মধুপুৰ সত্ৰৰ সভাপতি, সত্ৰশালৰ ৰামৰায় কুঠি সত্ৰৰ সত্ৰাধিকাৰ জিতেন্দ্ৰ নাথ প্ৰধানী বাপজনাক 2023-24 বৰ্ষৰ চতুৰ্থ সংখ্যক মাধৱদেৱ বঁটা শুকুৰবাৰে প্ৰদান কৰে সুন্দৰীদিয়া সত্ৰ পৰিচালনা সমিতিয়ে ।

Jintendra nath pradhani conferred with madhavdev award by sundaridiya satra
সত্ৰীয়া সংস্কৃতিৰ সাধক জিতেন্দ্ৰ নাথ প্ৰধানীলৈ মাধৱদেৱ বঁটা (ETV BHARAT ASSAM)

সুন্দৰীদিয়া সত্ৰই প্ৰদান কৰা মাধৱদেৱ বঁটা গ্ৰহণ কৰি অতি উৎফুল্লিত হৈ সংবাদ মাধ্যমৰ আগত নিজৰ মত ব্যক্ত কৰি প্ৰধানীয়ে কয়, "আজি মই অতিকৈ আনন্দিত । এই বঁটা লাভ কৰি দুজনা গুৰুৰ একশৰণ নামধৰ্মক আৰু আগুৱাই নিবলৈ অনুপ্ৰাণিত হ’লো । প্ৰাকৃতিক দুৰ্যোগ আৰু ৰাজনৈতিক কাৰণত বহু সত্ৰ বিলুপ্ত হৈছিল আৰু সেই সত্ৰসমূহক পুনৰ উদ্ধাৰ কৰি নতুনকৈ প্ৰতিষ্ঠা কৰাৰ বাবে যি পদক্ষেপ গ্ৰহণ কৰি আছো তাৰ বাবে আজি আৰু নতুন শক্তি লাভ কৰিলো ।"

উল্লেখ্য যে, মহাপুৰুষ মাধৱদেৱে 14 বছৰ 6 মাহ বসবাস কৰি স্থাপন কৰিছিল সুন্দৰীদিয়া সত্ৰ ৷ মহাপুৰুষ মাধৱদেৱে স্থাপন কৰা সুন্দৰীদিয়া সত্ৰত এইবেলি মহাপুৰুষজনাৰ জন্ম জয়ন্তী 23 মে’ৰ পৰা তিনিদিনীয়াকৈ পালন কৰে জন্ম জয়ন্তী উদযাপন সমিতিয়ে ৷ সুন্দৰীদিয়া সত্ৰৰ তৰফৰ পৰা 2017 চনৰ পৰা মাধৱদেৱ বঁটা প্ৰদান কৰি অহা হৈছে ৷ সত্ৰখনত মহাপুৰুষজনাৰ জন্ম জয়ন্তী উপলক্ষে অনুষ্ঠিত ধৰ্মালোচনী সভাত অসম সত্ৰ মহাসভাৰ সভাপতি জিতেন্দ্ৰ নাথ প্ৰধানীক মাধৱদেৱ বঁটা প্ৰদান কৰা হয় ।

লগতে পঢ়ক : জন্মস্থানত মহাপুৰুষ শ্ৰীশ্ৰীমাধৱদেৱৰ ৫৩৬ সংখ্যক আবিৰ্ভাৱ তিথি পালন - Madhabdev Birth Anniversary

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.