জন্মস্থানত মহাপুৰুষ শ্ৰীশ্ৰীমাধৱদেৱৰ ৫৩৬ সংখ্যক আবিৰ্ভাৱ তিথি পালন - Madhabdev Birth Anniversary

By ETV Bharat Assamese Team

Published : May 24, 2024, 7:40 PM IST

thumbnail
মহাপুৰুষ শ্ৰীশ্ৰীমাধৱদেৱৰ ৫৩৬ সংখ্যক আবিৰ্ভাৱ তিথি (ETV BHARAT ASSAM)

বিহপুৰীয়া, ২৪ মে' : আজি মহাপুৰুষ শ্ৰীশ্ৰীমাধৱদেৱৰ ৫৩৬ সংখ্যক আবিৰ্ভাৱ তিথি । ৰাজ্যৰ ভিন্ন প্ৰান্তৰ সমান্তৰালকৈ শ্ৰীশ্ৰীমাধৱদেৱৰ জন্মস্থান লেটেকুপুখুৰীত দিনজোৰা বৰ্ণাঢ্য কাৰ্যসূচীৰে উদযাপন কৰা হৈছে আবিৰ্ভাৱ তিথি । ইয়াৰ সৈতে সংগতি ৰাখি পুৱা উষা কীৰ্তন,পৰিৱেশ নিকাকৰণ,ধৰ্মধ্বজা উত্তোলনৰ পিছতে কীৰ্তন গৃহত আৰম্ভ হয় নাম প্ৰসংগ ।

শুকুৰবাৰে পুৱাই হৰি নামৰ ধ্বনিত দ্বিতীয় বৈকুণ্ঠপুৰীলৈ পৰ্যৱসিত হয় লেটেকুপুখুৰী । আজি ৰাজ্য়ৰ বিভিন্ন ঠাইত পুৱাৰে পৰা ভকতসকল ব্যস্ত হৈ পৰে নাম প্ৰসংগৰ উপৰিও ভাগৱত পাঠ আদিত । হৰিনামৰ ধ্বনিৰে মুখৰিত হৈ পৰিছে ৰাজ্যৰ সত্ৰ,নামঘৰসমূহ । সকলোৱে গুণানুকীৰ্তন কৰিছে তেওঁৰ সৃষ্টিৰাজিৰ । ১৪৮৯ত লখিমপুৰৰ নাৰায়ণপুৰৰ লেতেকুপুখুৰীত জন্মগ্ৰহণ কৰা শ্ৰীশ্ৰীমাধৱদেৱৰ পিতৃ গোবিন্দগিৰি ভূঞা আৰু মাতৃৰ নাম আছিল মনোৰমা ।  

 

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.