ETV Bharat / state

অবৈধ পলস খননে আকৌ বিপদ মাতিছে ৰহমৰীয়ালৈ !

author img

By ETV Bharat Assamese Team

Published : Dec 27, 2023, 4:43 PM IST

Illegal sand excavation: ৰহমৰীয়াত ব্ৰহ্মপুত্ৰৰ পাৰত অবৈধ পলস-বালি খননে তীব্ৰ ভাবুকি কঢ়িয়াইছে নৈপৰীয়া ৰাইজলৈ ৷ ডিব্ৰুগড় জিলা প্ৰশাসনৰ চকুত ধুলি দি দিনে-নিশাই মাফিয়াই চলাইছে খনন ৷ চকু মুদা কুলিৰ ৰূপত ডিব্ৰুগড় জিলা প্ৰশাসন তথা স্থানীয় দল- সংগঠন ৷ প্ৰশাসনে ব্যৱস্থা নল'লে ভয়ংকৰ পৰিস্থিতি সৃষ্টি কৰাৰ হুংকাৰ স্থানীয়ৰ ৰাইজৰ ৷

Illegal sand excavation
Brahmaputra in Rohmoria

অবৈধ পলস খননে আকৌ বিপদ মাতিছে ৰহমৰীয়ালৈ

ডিব্ৰুগড়, 27 ডিব্ৰুগড়: ব্ৰহ্মপুত্ৰৰ বান আৰু খহনীয়াৰ দ্বাৰা অত্যধিক ক্ষতিগ্ৰস্ত এটা অঞ্চল হৈছে ডিব্ৰুগড়ৰ ৰহমৰীয়া ৷ প্ৰতিবছৰেই বান আৰু গৰাখহনীয়াই জুৰুলা কৰি আহিছে ৰহমৰীয়াবাসীক ৷ এতিয়া লুইতৰ বুকুত জলস্তৰ হ্ৰাস পাইছে যদিও কোনো কোনো স্থানত খহনীয়া অব্যাহত আছে ৷ তাৰ মাজতে ৰহমৰীয়াত বৰ লুইতৰ পাৰত চলিছে একাংশ মাফিয়াৰ দৌৰাত্ম ৷

ব্ৰহ্মপুত্ৰৰ পাৰৰ পৰা নিতৌ পলস আৰু বালি খান্দি অবৈধভাৱে বিক্ৰী কৰি আহিছে একাংশ বালি মাফিয়াই । ৰাইজৰ বাধাৰ পাচতো ডিব্ৰুগড়ৰ ৰহমৰীয়া থানাৰ অন্তৰ্গত অকলেণ্ড ঘাটত এতিয়া দিনে-নিশাই অবৈধভাৱে পলস খনন কাৰ্য চলাই থকা দেখা গৈছে । ৰাইজৰ অভিযোগ অনুসৰি অকলেণ্ড ঘাটৰ ব্ৰহ্মপুত্ৰৰ পাৰত নিতৌ দিনে-নিশাই ২০-৩০ খন ড্ৰাম্পাৰ আৰু ফ’কলেন ব্যৱহাৰ কৰি পলস খান্দি সেইসমূহ ডিব্ৰুগড়ৰ বিভিন্ন স্থানত বিক্ৰী কৰি থকা হৈছে ৷

শেহতীয়াকৈ অঞ্চলটোত সৃষ্টি হোৱা গৰাখহনীয়া ৰোধৰ বাবে চৰকাৰে জিঅ' বেগ স্থাপনৰ কাম সম্পূৰ্ণ কৰিছে । কিন্তু দিনে-দিশাই চলা পলস খনন চলি থকাৰ ফলত অঞ্চলটো পুনৰ খহনীয়াৰ কবলত পৰাৰ আশংকাত ভুগিছে অঞ্চলটোৰ ৰাইজে । লগতে কোনো ধৰণৰ নিবিদা নোহোৱাকৈ পলস আৰু বালি খনন কৰাৰ ফলত চৰকাৰে হেৰুৱাব লগীয়া হৈছে লাখ লাখ টকাৰ ৰাজহ ।

কিন্তু এইক্ষেত্ৰত গভীৰ নিদ্ৰাত ডিব্ৰুগড় জিলা প্ৰশাসন তথা ৰহমৰীয়া অঞ্চলৰ দল-সংগঠন । জিলা প্ৰশাসনৰ চকুত ধুলি দি বালি মাফিয়াই কিদৰে ড্ৰাম্পাৰেৰে পলস আৰু বালি কঢ়িয়াবলৈ সক্ষম হৈছে তাকে লৈ প্ৰশ্ন উত্থাপন কৰিছে অঞ্চলটোৰ ৰাইজে । স্থানীয় ৰাইজে জিলা প্ৰশাসনক বহুবাৰ অৱগত কৰিছে যদিও কোনো ব্যৱস্থা গ্ৰহণ নকৰাৰ অভিযোগ উঠিছে । মাফিয়াৰ বিৰুদ্ধে চৰকাৰ তথা জিলা প্ৰশাসনে একো ব্যৱস্থা গ্ৰহণ নকৰিলে তীব্ৰ আন্দোলন কৰাৰ হুংকাৰ প্ৰদান কৰিছে স্থানীয় ৰাইজে ।

ইফালে ৰহমৰীয়াত থকা বিভিন্ন দল-সংগঠনৰ পদক্ষেপৰ বিৰুদ্ধেও সোচ্চাৰ হৈ পৰিছে স্থানীয় একাংশ যুৱক ৷ সেই অঞ্চলত বহুকেইটা সংগঠন আছে যদিও কোনো সংগঠনেই এই বিষয়টোত গুৰুত্ব প্ৰদান কৰা নাই বুলি সংবাদ মাধ্যমৰ আগত ক্ষোভ ব্যক্ত কৰিছে কেইগৰাকীমান স্থানীয় যুৱকে ৷ সংগঠনৰ নেতৃত্বও এই অবৈধ ব্যৱসায়ৰ সৈতে জড়িত থকাৰ অভিযোগ তুলিছে তেওঁলোকে ৷

লগতে পঢ়ক: মাজুলীৰ জনাঞ্চলত নাহৰফুটুকীৰ ত্ৰাস

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.