ETV Bharat / state

মুখ্যমন্ত্রীক ক্ষুৰধাৰ সমালোচনা বিধায়ক অখিল গগৈৰ

author img

By

Published : Mar 20, 2022, 10:33 PM IST

মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কংগ্ৰেছৰ নিলম্বিত বিধায়ক শশীকান্ত দাসৰ ঘৰত উপস্থিত হোৱাক লৈ ৰাজনৈতিক মহলত ব্যাপক প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে (Himanta Biswa Sarma at Shashikant Das's residence)। এই সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে শিৱসাগৰৰ বিধায়ক অখিল গগৈয়ে ।

Himanta Biswa Sarma at Shashikant Das's residence
মুখ্যমন্ত্রীক ক্ষুৰধাৰ সমালোচনা বিধায়ক অখিল গগৈৰ

গুৱাহাটী, ২০ মাৰ্চ: ৩১ মাৰ্চত অনুষ্ঠিত হ'বলগীয়া ৰাজ্যসভা নিৰ্বাচনৰ দ্বিতীয়খন আসনৰ বাবে শাসকীয় দল বিজেপি বিশেষকৈ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা তৎপৰ হৈ পৰিছে । ৰাজ্যসভাৰ নিৰ্বাচনৰ পূৰ্বে দেওবাৰে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কংগ্ৰেছৰ নিলম্বিত বিধায়ক শশীকান্ত দাসৰ ঘৰত উপস্থিত হোৱাক লৈ ৰাজনৈতিক মহলত ব্যাপক প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে (Himanta Biswa Sarma at Shashikant Das's residence)।

মুখ্যমন্ত্রীক ক্ষুৰধাৰ সমালোচনা বিধায়ক অখিল গগৈৰ

এই সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে শিৱসাগৰৰ বিধায়ক অখিল গগৈয়ে (Akhil Gogoi criticizes Himanta Biswa Sarma)। তেওঁ কয় যে, সংসদীয় ৰাজনীতিৰ কাৰনে এয়া গৰ্হিত কাৰ্য । সমস্ত মূল্যবোধক ধ্বংস কৰিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই । ৰাজ্যসভা নিৰ্বাচনৰ প্ৰাকক্ষণত এনেদৰে বিধায়কৰ বাসগৃহত উপস্থিত হোৱাটো নিশ্চয় বিধায়ক ক্ৰয়-বিক্ৰয়ৰ কথা সূচাইছে বুলি প্ৰতিক্ৰিয়া ব্যক্ত কৰে অখিল গগৈয়ে ৷ সংসদীয় ৰাজনীতিৰ কাৰণে এয়া এক গৰ্হিত কাৰ্য্য বুলি উল্লেখ কৰি তেওঁ কয় যে, মুকলি বজাৰত বিধায়ক কিনা-বেচা কৰিছে মুখ্যমন্ত্ৰীয়ে । গণতন্ত্ৰৰ সমস্ত মূল্যবোধক ধ্বংস কৰিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ।

কংগ্ৰেছৰ নিলম্বিত বিধায়ক শশীকান্ত দাসক উদ্দেশ্যে কৰি অখিল গগৈয়ে কয় যে, যিজন বিক্ৰী হয় তেওঁ মানুহ নে অইন কিবা? বিবেকবান মানুহৰ বাবে এয়া অতিকে লজ্জাজনক কাৰ্য্য বুলি উল্লেখ কৰি অখিল গগৈয়ে কয় যে, মানুহ আৰু অমানুহৰ মাজত পাৰ্থক্য নাইকিয়া কৰিছে আজিৰ একাংশ জনপ্ৰতিনিধিয়ে । কংগ্ৰেছৰ দুই পদত্যাগী বিধায়ক ৰূপজ্যোতি কুৰ্মী আৰু সুশান্ত বুঢ়াগোহাঁইৰ প্ৰসংগ উল্লেখ কৰি তেওঁ প্ৰশ্ন কৰে যে, মৰয়নি আৰু থাওৰা সমষ্টিৰ দুই বিধায়ক বিজেপিলৈ যোৱাৰ বাবে সমষ্টিটো সোণৰ হৈ গ'ল নেকি? ব্যক্তিগত লাভৰ বাবে দল সলনি কৰিছে এই বিধায়কসকলে । তেওঁ লগতে কয় যে, শাসক দলৰ নেতাই ব্লেকমেইলিঙৰ ৰাজনীতি কৰিছে । ভয়-ভাবুকিৰে একাংশক দল সলনি কৰোৱা হৈছে । এয়া গণতন্ত্ৰতৰ নীতি বিৰুদ্ধ বুলি তেওঁ কয় ।

কংগ্ৰেছ আৰু এ আই ইউ ডি এফ দলৰ মাজত হোৱা এনে দল বাগৰা ৰাজনীতিক লৈ অখিল গগৈয়ে কয় যে, এই দুটা দল প্ৰকৃততে কেনেকুৱা বুজিব নোৱাৰি । কংগ্ৰেছৰ নিজৰ মানুহ গৈ আছে অথচ ৰাখিব পৰা নাই দলটোৰ নেতাসকলে । মূল্যবোধৰ ৰাজনীতিৰ কথা কোৱা বিজেপিয়ে ধ্বংস কৰিছে মূল্যবোধৰ ৰাজনীতি । তেওঁ মন্ত্ৰী পীয়ূষ হাজৰিকাক ক্ষুৰধাৰ সমালোচনা কৰি কয় যে, পীয়ূষ হাজৰিকাৰ নতুন ধনী মানুহৰ অহংকাৰ হৈছে ।

লগতে পঢ়ক: নিলম্বিত কংগ্ৰেছ বিধায়ক শশীকান্ত দাসক সাক্ষাৎ মুখ্যমন্ত্ৰীৰ

TAGGED:

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.