ETV Bharat / bharat

ত্ৰিপুৰাৰ প্ৰভাৱশালী খিলঞ্জীয়া মহিলা নেত্ৰী পাতাল কন্যা জামাতিয়াৰ বিজেপিত যোগদান

author img

By

Published : Mar 20, 2022, 9:59 PM IST

ত্ৰিপুৰাৰ ৰাজনৈতিক ক্ষেত্ৰৰ এক শেহতীয়া তথ্য অনুসৰি দেওবাৰে ত্ৰিপুৰা পিপলছ ফ্ৰণ্টৰ (টিপিএফ) মুৰব্বী, প্ৰভাৱশালী খিলঞ্জীয়া মহিলা নেত্ৰী পাতাল কন্যা জামাতিয়াই আগৰতলাত তেওঁৰ দলৰ নেতা, সমৰ্থক আৰু কৰ্মীসকলৰ সৈতে আনুষ্ঠানিকভাৱে বিজেপিত যোগদান কৰে (Patal Kanya Jamatia joins BJP) ।

Influential women politician of Tripura Patal Kanya Jamatia joins BJP
ত্ৰিপুৰাৰ প্ৰভাৱশালী খিলঞ্জীয়া নেত্ৰী পাতাল কন্যা জামাতিয়াৰ বিজেপিত যোগদান

আগৰতলা, 20 মাৰ্চ : দেওবাৰে ত্ৰিপুৰাৰ মুখ্যমন্ত্ৰী বিপ্লব কুমাৰ দেৱ, উপ মুখ্যমন্ত্ৰী জিষ্ণু দেৱ বৰ্মা, সাংসদ ৰেবাটি ত্ৰিপুৰা, ৰাজ্যিক মন্ত্ৰী প্ৰতিমা ভৌমিক আৰু বিজেপি প্ৰধান ড৹ মানিক সাহা, সমাজ কল্যাণ মন্ত্ৰী ছাণ্টানা চাকমাৰ উপস্থিতিত আগৰতলাৰ ৰবীন্দ্ৰ শতাবৰ শিকি ভৱনৰ সন্মুখত অনুষ্ঠিত কৰা হয় এখনি যোগদান কাৰ্যসূচী(Rabindra Shatabarshiki Bhawan of Agartala) । এই অনুষ্ঠানতে ত্ৰিপুৰা পিপলছ ফ্ৰণ্টৰ (টিপিএফ) মুৰব্বী,প্ৰভাৱশালী খিলঞ্জীয়া মহিলা পাটাল কন্যা জামাতিয়াই আনুষ্ঠানিকভাৱে যোগদান কৰে বিজেপি দলত(influential indigenous woman political Patal Kanya Jamatia) ৷

ত্ৰিপুৰাৰ প্ৰভাৱশালী খিলঞ্জীয়া নেত্ৰী পাতাল কন্যা জামাতিয়াৰ বিজেপিত যোগদান

উল্লেখ্য যে, ত্ৰিপুৰাৰ ৰাজকীয় বংশধৰ তথা আঞ্চলিক দল তিপ্ৰাৰ নেতা প্ৰদ্যুত কিশোৰ মানিক্য দেব বাৰ্মা(Tripura’s Royal Scion Pradyot Kishore Manikya Debbarma)ৰ পাতাল কন্যা জামাতিয়াৰ সৈতে থকা সু-সম্পৰ্কৰ কথা সকলোৰে জ্ঞাত ৷ সৌ সিদিনালৈ প্ৰদ্যুত কিশোৰ মানিক্য দেব বাৰ্মাৰ ঘনিষ্ঠ সহযোগী হিচাপে পৰিচিত হৈ পাতাল সম্প্ৰতি তেওঁৰ সৈতে সংঘাতত লিপ্ত হোৱাৰ তথ্যও পোহৰলৈ আহিছে ।

সাংবাদিকৰ সৈতে হোৱা এক বাৰ্তালাপত পাতালে কয় যে, ৰাজ্যখনৰ খিলঞ্জীয়া লোকসকলৰ শান্তি আৰু সমৃদ্ধি তথা একতা সৃষ্টি কৰিবলৈ তেওঁ বিজেপিত যোগদান কৰে ৷

তেওঁ কয় যে, " ত্ৰিপুৰাৰ এয়া প্ৰথম মুখ্যমন্ত্ৰী যিয়ে সততা আৰু ৰাজ্যখনৰ খিলঞ্জীয়া লোকসকলৰ বিকাশৰ বাবে কাম কৰি আহিছে। আৰু বিজেপি হৈছে এক শক্তিশালী আৰু অনুশাসনমূলক দল, সেয়েহে মই খিলঞ্জীয়া লোকসকলৰ উন্নয়ন, শান্তি আৰু নিৰাপত্তাৰ বাবে দলটোত যোগদান কৰিছো "৷

পাটালে উত্থাপিত কৰা অভিযোগ অনুসৰি ,তেওঁৰ দলৰ ১৫ হাজাৰতকৈও অধিক সমৰ্থক আৰু কৰ্মী দেওবাৰে অনুষ্ঠিত দলীয় কাৰ্যসূচীত উপস্থিত থকাৰ কথা আছিল কিন্তু তিপ্ৰা(TIPRA) দলৰ সমৰ্থকসকলে সম্প্ৰতি ত্ৰিপুৰা ট্ৰাইবেল আৰেছ স্বায়ত্তশাসিত জিলা পৰিষদ (Tripura Tribal Ares Autonomous District Council)ত শাসন কৰাৰ লগতে টিপিএফ(TPF) দলৰ সমৰ্থকসকলক আক্ৰমণৰ ভাবুকি প্ৰদান কৰিছে ।

ইফালে, উপ মুখ্যমন্ত্ৰী জিষ্ণু দেৱ বৰ্মাই এই দিনটোক 'ঐতিহাসিক' বুলি অভিহিত কৰি কয় যে, খিলঞ্জীয়া লোকসকলে একত্ৰিত হৈ তিপ্ৰাচা লোকসকলৰ (খিলঞ্জীয়া লোক) বিকাশ আৰু সৱলীকৰণৰ বাবে কাম কৰিবলৈ একত্ৰিত হৈছে ।

ইপিনে, পাতালৰ এই যোগদানক সমৰ্থন কৰি মুখ্যমন্ত্ৰী বিপ্লৱ কুমাৰ দেৱেও কয় যে, "ইমান বোৰ বাধাৰ স্বত্বেও তেওঁ এক বিশাল সমাৱেশ লৈ ইয়ালৈ আহিছে । প্ৰধানমন্ত্ৰী মোদী, অমিত শ্বাহ সদায় আপোনাৰ সৈতে আছে লগতে সমগ্ৰ দেশ আপোনাৰ সৈতে আছে"।

লগতে পঢ়ক : নিলম্বিত কংগ্ৰেছ বিধায়ক শশীকান্ত দাসক সাক্ষাৎ মুখ্যমন্ত্ৰীৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.