ETV Bharat / state

5 বজাৰ দহটা শীৰ্ষ সংবাদ

author img

By

Published : Nov 15, 2021, 5:50 PM IST

top10 news
শীৰ্ষ সংবাদ

5 বজাৰ দহটা শীৰ্ষ সংবাদ...

5 বজাৰ দহটা শীৰ্ষ সংবাদ-

চাহ শ্ৰমিকৰ ঘৰত নৈশযাপনেৰে দলক বচোৱাৰ চেষ্টা ভূপেন বৰাৰ !

তিনিদিনীয়া কাৰ্যসূচীৰে মুম্বাইত প্ৰশিক্ষণ গ্ৰহণ কৰি অহা ৰাজ্যৰ বিধায়কসকলৰ বিলাসী জীৱনৰ বিপৰীতে চাহ শ্ৰমিকৰ বাসগৃহত নৈশযাপন কৰিলে APCC ৰ সভাপতি ভূপেন বৰাই ৷ ৰাজ্যৰ প্ৰধান বিৰোধী দল কংগ্ৰেছৰ অৱস্থা সম্প্ৰতি থৰক-বৰক ৷ কেইবাজনো বিধায়কৰ দলত্যাগে সম্প্ৰতি ৰাজ্যত কংগ্ৰেছৰ ভেটি যথেষ্ট দুৰ্বল কৰি তুলিছে ৷

Suspected Murder : মান্দাকাটাত অচিনাক্ত মৃতদেহ উদ্ধাৰ

মান্দাকাটাত দেওবাৰে অচিনাক্ত মৃতদেহ(Dead Body) উদ্ধাৰ ৷ নিশাৰ ভাগত কোনো লোকে হত্যা কৰি এইদৰে পেলাই থৈ যোৱাৰ সন্দেহ স্থানীয় ৰাইজৰ ৷ প্ৰায় 35 বছৰীয়া মৃত লোকজনৰ মুখমণ্ডল আৰু শৰীৰত আঘাতৰ চিন স্পষ্ট ৷

কৰিমগঞ্জৰ পাথাৰকান্দিত দলবদ্ধ আক্ৰমণ, নিহত 1

কৰিমগঞ্জৰ সলগৈত শ্ৰমিকক মৰিয়াই মৰিয়াই হত্যা কৰাক লৈ উত্তেজনা ৷ প্ৰতিবাদত ৰাজপথলৈ ওলাই আহিল সহস্ৰাধিক ৰাইজ ৷

JNU Clashes : এবিভিপি-বাওঁপন্থী ছাত্ৰ সংগঠনৰ কৰ্মীৰ মাজত সংঘৰ্ষ

দেওবাৰে ৰাজধানী চহৰ নতুন দিল্লী(New Delhi)ৰ জৱাহৰলাল নেহৰু বিশ্ববিদ্যালয়(JNU) অনুষ্ঠিত হৈছিল এখন সভা ৷ উক্ত সভাৰ মাজতে এবিভিপি(ABVP) আৰু বাঁওপন্থী দলৰ সদস্যসকল(Left student organization)ৰ মাজত সৃষ্টি হৈছিল সংঘৰ্ষৰ ৷ ঘটনাটোত আহত হৈছিল দুয়োপক্ষৰে বহুকেইগৰাকী কৰ্মী ৷

S-400 missile systems to India : ভাৰতত এছ-৪০০ মিছাইল স্থাপন প্ৰক্ৰিয়া আৰম্ভ

ভাৰতত এছ-400 ট্ৰিয়ামফ এয়াৰ ডিফেন্স ছিষ্টেম স্থাপনৰ প্ৰক্ৰিয়া আৰম্ভ কৰিছে ৰাছিয়াই ৷ ৰাছিয়াৰ ফেডাৰেল ছাৰ্ভিচ ফৰ মিলিটাৰী টেকনিকেল কো-অপাৰেচন(FSMTC)ৰ মুখ্য সঞ্চালক ডিমিত্ৰি চুগায়েভে এই কথা সংবাদ মাধ্যমৰ আগত সদৰী কৰে ৷

BSF seized Ganja : ত্ৰিপুৰাত ১৬ লাখ টকাৰ গাঞ্জা জব্দ

ত্ৰিপুৰাত সীমান্ত সুৰক্ষা বাহিনী (Border Security Force) আৰু কালামচৌৰা আৰক্ষীৰ যুটীয়া অভিযানত জব্দ বহু পৰিমাণৰ গাঞ্জা আৰু চোৰাং সামগ্ৰী । জব্দকৃত গাঞ্জাখিনিৰ মূল্য ১৬ লাখ টকা । চোৰাংভাৱে সৰবৰাহ কৰা ১৪টা গৰুৰ মূৰ জব্দ হয় এই অভিযানত ।

Indian Railways : এসপ্তাহৰ বাবে বন্ধ থাকিব টিকট ৰিজাৰ্ভেশ্যনৰ ব্যৱস্থা

ৰে'ল টিকট ৰিজাৰ্ভেশ্যন কৰাৰ কথা ভাৱিছে নেকি ? এসপ্তাহৰ বাবে বন্ধ থাকিব ৰে'ল যাত্ৰী সংৰক্ষণ প্ৰণালী । জানি লওক এইসমূহ নিয়ম...

Gadchiroli encounter: ন্যায়িক তদন্তৰ দাবী মাওবাদীৰ

মহাৰাষ্ট্ৰৰ গড়চিৰোলী জিলাৰ ধানোৰা অঞ্চলত শনিবাৰে মাওবাদী বিৰোধী আৰক্ষীৰ দল আৰু মাওবাদীৰ মাজত সংঘৰ্ষ হয় ৷ এই সংঘৰ্ষত ২৬ জন মাওবাদীসহ শীৰ্ষ মাওবাদী নেতা মিলিন্দ তেলটুম্বডে নিহত হয় ৷ ইয়াৰ পাছতেই দেওবাৰে এই সংঘৰ্ষৰ ন্যায়িক তদন্তৰ দাবী জনায় ভদ্ৰাদ্ৰী কোঠাগুদেম আৰু পূৱ গোদাৱৰী জিলা মাওবাদী শাখা সমিতিয়ে ৷

Bigg Boss 15: ৰাকেশৰ পাচতেই শ্ব’ৰ পৰা বাহিৰ শমিতা ছেট্টী !

ৰাকেশ বাপত(Raqesh Bapat)ৰ পাচত চৰ্চিত প্ৰেয়সী শমিতা ছেট্টী(Shamita Shetty) বাহিৰ হ’ব নেকি ৰিয়েলিটি শ্ব’ বিগ বছ 15(Bigg Boss 15)ৰ পৰা ? ছ’চিয়েল মিডিয়াত প্ৰচাৰিত বাতৰি অনুসৰি, চিকিৎসাজনিত কাৰণত শমিতাক হাউছৰ বাহিৰলৈ লৈ যোৱা হৈছে ৷ কিন্তু পুনৰ শ্ব’লৈ তেওঁ উভতি আহিব পাৰে শমিতা ৷

Shilpa-Raj : ব্যৱসায়ীক প্ৰতাৰণা কৰাৰ অভিযোগ সন্দৰ্ভত শিল্পাৰ প্ৰতিক্ৰিয়া

অভিনেত্ৰী শিল্পা ছেট্টী(Shilpa Shetty) আৰু স্বামী ৰাজ কুন্দ্ৰা(Raj Kundra)ৰ বিৰুদ্ধে 1.51 কোটি টকাৰ প্ৰৱঞ্চনাৰ অভিযোগ । মুম্বাইৰ বান্দ্ৰা আৰক্ষী(Bandra Police)য়ে ভাৰতীয় দণ্ডবিধি আইনৰ 406, 409, 420, 506, 34 আৰু 120 (B) ধাৰাৰ অধীনত গোচৰ ৰুজু কৰি দুয়োৰে বিৰুদ্ধে আৰম্ভ কৰিছে তদন্ত ৷ প্ৰৱঞ্চনাৰ অভিযোগ সন্দৰ্ভত ছ’চিয়েল মিডিয়াযোগে এক স্পষ্টীকৰণ দাঙি ধৰিছে শিল্পাই ৷

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.