ETV Bharat / state

কৰিমগঞ্জৰ পাথাৰকান্দিত দলবদ্ধ আক্ৰমণ, নিহত 1

author img

By

Published : Nov 15, 2021, 2:21 PM IST

কৰিমগঞ্জৰ সলগৈত শ্ৰমিকক মৰিয়াই মৰিয়াই হত্যা কৰাক লৈ উত্তেজনা ৷ প্ৰতিবাদত ৰাজপথলৈ ওলাই আহিল সহস্ৰাধিক ৰাইজ ৷

a-heated-situation-has-taken-in-salgay-area-of-karimganj
কৰিমগঞ্জৰ পাথাৰকান্দিত দলবদ্ধ আক্ৰমণ : নিহত এজন

কৰিমগঞ্জ, 15 নৱেম্বৰ : কৰিমগঞ্জৰ পাথাৰকান্দি সমষ্টিৰ সলগৈ এলেকাত সৃষ্টি হৈছে এক উত্তপ্ত পৰিস্থিতি । শ্ৰমিকক মৰিয়াই মৰিয়াই হত্যা কৰাৰ অভিযোগত সৃষ্টি হৈছে এই উত্তেজনা । ফলত ৰাজপথত ওলাই আহিল সহস্ৰাধিক উত্তেজিত ৰাইজ ৷

জানিব পৰা মতে ঘটনাৰ এদিন পূৰ্বে ৰাজকুমাৰ গোৱালা নামৰ লোকজন বাইকৰে যোৱাৰ সময়ত ডেংগাৰবন্দ এলেকাত চাইকেলেৰে আহি থকা কুৰমান আলী নামৰ এজন ব্যক্তিক খুন্দা মাৰে ৷ ফলত কুৰমান সামান্য পৰিমাণে আহত হয় । এই ঘটনাৰ পাচতে কুৰমান আলীৰ পৰিয়ালৰ লোকসহ স্থানীয় কেইজনমান লোকে ৰাজকুমাৰৰ ওপৰত দলবদ্ধ আক্ৰমণ চলায় ৷

কৰিমগঞ্জৰ পাথাৰকান্দিত দলবদ্ধ আক্ৰমণ : নিহত এজন

গুৰুতৰভাৱে আহত অৱস্থাত ৰাজকুমাৰক SMCH ত ভৰ্তি কৰোৱা হয় ৷ দেওবাৰে পুৱাৰ ভাগতে SMCH ত মৃত্যু হয় ৰাজকুমাৰৰ ৷ ইয়াকে লৈ উক্ত অঞ্চলটোত ব্যাপক উত্তেজনাৰ সৃষ্টি হয় ৷

ক্ষোভিত ৰাইজে এই ঘটনাৰ লগত জড়িত থকা লোক কেইজনৰ ঘৰত প্ৰৱেশ কৰি বস্তু-বাহিনী ভাঙি নষ্ট কৰে ৷ এই ঘটনাত ক্ষোভিত হৈ পৰা ৰাইজে অসম-ত্ৰিপুৰা ৰাষ্ট্ৰীয় ঘাইপথ অৱৰোধ কৰিে । পুনৰায় উত্তেজনা বৃদ্ধি পোৱাৰ আশংকা কৰি পৰিস্থিতি নিয়ন্ত্ৰণৰ বাবে ঘটনাস্থলীত আৰক্ষী আৰু অৰ্ধসামৰিক বাহিনী মতায়েন কৰা হয় ।

লগতে পঢ়ক: S-400 missile systems to India : ভাৰতত এছ-৪০০ মিছাইল স্থাপন প্ৰক্ৰিয়া আৰম্ভ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.