ETV Bharat / bharat

S-400 missile systems to India : ভাৰতত এছ-৪০০ মিছাইল স্থাপন প্ৰক্ৰিয়া আৰম্ভ

author img

By

Published : Nov 15, 2021, 11:22 AM IST

Updated : Nov 15, 2021, 4:23 PM IST

ভাৰতত এছ-400 ট্ৰিয়ামফ এয়াৰ ডিফেন্স ছিষ্টেম স্থাপনৰ প্ৰক্ৰিয়া আৰম্ভ কৰিছে ৰাছিয়াই ৷ ৰাছিয়াৰ ফেডাৰেল ছাৰ্ভিচ ফৰ মিলিটাৰী টেকনিকেল কো-অপাৰেচন(FSMTC)ৰ মুখ্য সঞ্চালক ডিমিত্ৰি চুগায়েভে এই কথা সংবাদ মাধ্যমৰ আগত সদৰী কৰে ৷

S-400 missile systems to India
S-400 missile systems to India

নেশ্যনেল ডেস্ক, 15 নৱেম্বৰ : ভাৰতত এছ-400 ট্ৰিয়ামফ এয়াৰ ডিফেন্স ছিষ্টেম স্থাপনৰ প্ৰক্ৰিয়া আৰম্ভ কৰিছে ৰাছিয়াই ৷ এই সন্দৰ্ভত ভাৰতীয় বায়ু সেনাই কোনো তথ্য আনুষ্ঠানিকভাৱে সদৰী কৰা নাই ৷ এই অত্যাধুনিক এয়াৰ ডিফেন্স মিছাইল ছিষ্টেমৰ প্ৰথমটো গোট ভাৰতৰ ৱেষ্টাৰ্ণ ফ্ৰন্টৰ সমীপত অচিৰেই স্থাপনৰ সম্ভাৱনা আছে ৷

ৰাছিয়াৰ ফেডাৰেল ছাৰ্ভিচ ফৰ মিলিটাৰী টেকনিকেল কো-অপাৰেচন(FSMTC)ৰ মুখ্য সঞ্চালক ডিমিত্ৰি চুগায়েভে এই কথা সংবাদ মাধ্যমৰ আগত সদৰী কৰে ৷এই অত্যাধুনিক প্ৰযুক্তি সম্পন্ন ছিষ্টেম স্থাপনৰ ফলত চিৰবৈৰী পাকিস্তান আৰু চীনৰ পৰা দেশে লাভ কৰা ভাবুকিসমূহ প্ৰতিৰোধ কৰিব পৰা যাব ৷ ইতিমধ্যে জলপথৰ লগতে বায়ুপথেৰেও এই ছিষ্টেমৰ অংশসমূহ ভাৰতলৈ প্ৰেৰণ কৰা হৈছে ৷

বছৰৰ শেষৰফালে সম্পূৰ্ণকৈ আহি পাব এই ছিষ্টেমৰ প্ৰথম অংশ ৷ প্ৰথমাৱস্থাত এই ছিষ্টেম স্থাপন কৰা হ’ব দেশৰ পূৱ অংশত ৷ তদুপৰি ইয়াৰ বাবে ভাৰতীয় বায়ুসেনাৰ শীৰ্ষ বিষয়াসকলকো প্ৰশিক্ষণ প্ৰদান কৰা হ’ব ৷

ভাৰতে 2019 চনত মিছাইল প্ৰণালীৰ বাবে ৰাছিয়াক প্ৰায় 800 নিযুত আমেৰিকান ডলাৰ পৰিশোধ কৰিছিল ৷ এছ-400 ক ৰাছিয়াৰ আটাইতকৈ উন্নত দীৰ্ঘ-দূৰত্বৰ পৃষ্ঠৰ পৰা বায়ুলৈ মিছাইল প্ৰতিৰক্ষা প্ৰণালী বুলি জনা যায় ৷ এছ-400 মিছাইল প্ৰণালী ক্ৰয়ৰ ক্ষেত্ৰত তুৰ্কীৰ ওপৰত আমেৰিকা যুক্তৰাষ্ট্ৰৰ নিষেধাজ্ঞাৰ পিছত, ৱাশ্বিংটনে ভাৰতৰ ওপৰত একে ধৰণৰ শাস্তিমূলক ব্যৱস্থা আৰোপ কৰিব পাৰে বুলি আশংকা কৰা হৈছে ৷

লগতে চাওক: Indian Railways : এসপ্তাহৰ বাবে বন্ধ থাকিব টিকট ৰিজাৰ্ভেশ্যনৰ ব্যৱস্থা

Last Updated :Nov 15, 2021, 4:23 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.