ETV Bharat / bharat

Indian Railways : এসপ্তাহৰ বাবে বন্ধ থাকিব টিকট ৰিজাৰ্ভেশ্যনৰ ব্যৱস্থা

author img

By

Published : Nov 15, 2021, 10:17 AM IST

ৰে'ল টিকট ৰিজাৰ্ভেশ্যন কৰাৰ কথা ভাৱিছে নেকি ? এসপ্তাহৰ বাবে বন্ধ থাকিব ৰে'ল যাত্ৰী সংৰক্ষণ প্ৰণালী । জানি লওক এইসমূহ নিয়ম...

Railways Passenger Reservation System to remain shut for 6 hours
Railways Passenger Reservation System to remain shut for 6 hours

নেশ্যনেল ডেস্ক, ১৫ নৱেম্বৰ : যাত্ৰীক স্বাভাৱিকভাৱে সেৱা আগবঢ়াবলৈ কেতবোৰ তথ্য আপডেট কৰাটো প্ৰয়োজনীয় হৈ পৰিছে ৰে'ল(Railway) বিভাগৰ বাবে । সেয়ে, কাম-কাজ সুচাৰুৰূপে পৰিচালনা কৰিবলৈ এসপ্তাহৰ বাবে দৈনিক ৬ ঘণ্টাকৈ ৰে'ল যাত্ৰী সংৰক্ষণ প্ৰণালী(Railways Passenger Reservation System) বন্ধ ৰখাৰ সিদ্ধান্ত লৈছে বিভাগটোৱে ।

দক্ষিণ পশ্চিম ৰে'লৱে(South Western Railway)ই প্ৰকাশ কৰা প্ৰেছ বিজ্ঞপ্তি অনুসৰি, এই সময়ছোৱাত ছিষ্টেম ডাটাৰ আপ-গ্ৰেডেচন আৰু নতুন ৰে'ল নম্বৰ আপডেট কৰা আদি কামবোৰ সম্পন্ন কৰা হ'ব । যিহেতু সকলো মেইল/এক্সপ্ৰেছ ৰে'লত পুৰণি ৰে'ল নম্বৰ আৰু বৰ্তমানৰ যাত্ৰী বুকিং তথ্য আপডেট কৰিব লাগিব ।

সেয়ে, দৈনিক কিছু সময়ৰ বাবে পি আৰ এছ(PRS) সেৱা বন্ধ কৰি কামবোৰ কৰাৰ পৰিকল্পনা কৰা হৈছে । টিকটৰ সেৱাৰ ওপৰত যাতে বিশেষ প্ৰভাৱ নপৰে, তাৰ বাবে নিশা পি আৰ এছ সেৱা বন্ধ ৰখাৰ সিদ্ধান্ত লোৱা হৈছে । প্ৰেছ বিজ্ঞপ্তিখনত উল্লেখ থকা মতে, ১৪ নৱেম্বৰৰ মাজনিশাৰ পৰা ২০ নৱেম্বৰৰ মাজনিশালৈকে এই কামবোৰ সম্পন্ন কৰা হ'ব ।

এই ৬ ঘণ্টাত টিকট সংৰক্ষণ(Ticket Reservation), তাৎক্ষণিক বুকিং, বাতিলকৰণ, অনুসন্ধান সেৱা আদি যাত্ৰীৰ বাবে উপলব্ধ নহ'ব । এই সময়ছোৱাত চলিবলগীয়া ৰে'লসমূহৰ বাবে ৰে'ল কৰ্মীসকলে আগতীয়াকৈ সকলো ব্যৱস্থা নিশ্চিত কৰিব । পি আৰ এছ সেৱাৰ বাহিৰে ১৩৯ টা সেৱাকে ধৰি আন সকলো অনুসন্ধান সেৱা নিৰৱচ্ছিন্নভাৱে অব্যাহত থাকিব বুলি বিবৃতিত উল্লেখ কৰা হৈছে । ৰে'ল মন্ত্ৰালয়ে সেৱা উন্নীত কৰাৰ এই প্ৰচেষ্টাত মন্ত্ৰালয়ক সমৰ্থন কৰিবলৈ যাত্ৰীসকলক আহ্বান জনাইছে ।

লগতে পঢ়ক:কংগনা ৰাণাৱটৰ বিৰুদ্ধে ৰাষ্ট্ৰপতিলৈ পত্ৰ দিল্লী মহিলা আয়োগৰ অধ্যক্ষৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.