ETV Bharat / state

Suspected Murder : মান্দাকাটাত অচিনাক্ত মৃতদেহ উদ্ধাৰ

author img

By

Published : Nov 15, 2021, 1:59 PM IST

Updated : Nov 15, 2021, 2:55 PM IST

মান্দাকাটাত দেওবাৰে অচিনাক্ত মৃতদেহ(Dead Body) উদ্ধাৰ ৷ নিশাৰ ভাগত কোনো লোকে হত্যা কৰি এইদৰে পেলাই থৈ যোৱাৰ সন্দেহ স্থানীয় ৰাইজৰ ৷ প্ৰায় 35 বছৰীয়া মৃত লোকজনৰ মুখমণ্ডল আৰু শৰীৰত আঘাতৰ চিন স্পষ্ট ৷

unidentified-dead-body-recovered-at-mandakata
মান্দাকাটাত অচিনাক্ত মৃতদেহ উদ্ধাৰ

বাইহাটা, 15 নৱেম্বৰ : কামৰূপ (গ্ৰাম্য) জিলাৰ মান্দাকাটাত দেওবাৰে উদ্ধাৰ হৈছে এটা অচিনাক্ত মৃতদেহ(Dead Body) ৷ প্ৰায় 35 বছৰীয়া এজন লোকৰ মৃতদেহটোৰ মুখমণ্ডল আৰু শৰীৰত আছে আঘাতৰ চিন । নিশাৰ ভাগত কোনোৱে হত্যা কৰি পাহাৰৰ দাঁতিকাষৰীয়া পথত পেলাই থৈ যোৱাৰ সন্দেহ প্ৰকাশ কৰিছে স্থানীয় ৰাইজে ।

unidentified-dead-body-recovered-at-mandakata
মান্দাকাটাত অচিনাক্ত মৃতদেহ উদ্ধাৰ

ঘটনাস্থলীত বাইহাটা আৰক্ষী(Baihata Police) উপস্থিত হৈ উদ্ধাৰ কৰে মৃতদেহটো । ইয়াৰ পূৰ্বেও প্ৰাকৃতিক পৰিৱেশেৰে ভৰপূৰ নিৰ্জন অঞ্চলটোত সঘনাই অপৰাধ সংঘটিত হোৱাৰ ফলত নিশা 10 বজালৈ আৰক্ষীৰ পহৰাৰ ব্যৱস্থা কৰা হৈছিল । এই নিৰ্জন ঠাইখিনিত অপৰাধজনিত ঘটনা ৰোধৰ বাবে এটি আৰক্ষী চকী স্থাপনৰ দাবী জনাইছে স্থানীয় ৰাইজে ।

মান্দাকাটাত অসম আৰক্ষী(Assam Police)ৰ কমাণ্ডো প্ৰশিক্ষণ কেন্দ্ৰ এটি আছে যদিও, কেন্দ্ৰটিৰ নাই কোনো সক্ৰিয়তা । আনহাতে, উত্তৰ-গুৱাহাটী সংযোগী মান্দাকাটা পাহাৰৰ প্ৰাকৃতিক সৌন্দৰ্য উপভোগ কৰিবলৈ উক্ত ঠাইৰে অহা-যোৱা পথচাৰীৰ লগতে অন্য ঠাইৰপৰা অহা পৰ্যটকসকল এনে ঘটনাৰ বাবে শংকিত হৈ পৰাৰ সম্ভাৱনাও নুই কৰিব নোৱাৰি ।

unidentified-dead-body-recovered-at-mandakata
মান্দাকাটাত অচিনাক্ত মৃতদেহ উদ্ধাৰ

সেয়েহে পৰ্যটনৰ সম্ভাৱনাৰ হেতু মান্দাকাটাত পথচাৰীৰ লগতে পৰ্যটকৰ সুৰক্ষাৰ অৰ্থে সময় থাকোতেই ব্যৱস্থা ল’বলৈ মুখ্যমন্ত্ৰী তথা কামৰূপ জিলা প্ৰশাসন(Kamrup District Administration)ক আহ্বান জনাইছে অঞ্চলবাসীয়ে । কিয়নো ক্ৰমান্বয়ে মৃত্যু উপত্যকাত পৰিণত হৈছে মান্দাকাটা ।

লগতে পঢ়ক : জাৱৰৰ দমত বহিছে Pathsala Weekly Market

Last Updated : Nov 15, 2021, 2:55 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.