ETV Bharat / state

জাৱৰৰ দমত বহিছে Pathsala Weekly Market

author img

By

Published : Nov 15, 2021, 12:32 PM IST

the-dustbin-next-to-the-pathsala-weekly-market-has-upset-the-people-of-pathsala
জাৱৰৰ দমত বহিছে Pathsala Weekly Market

বজালী জিলাৰ সদৰ পাঠশালাৰ এটি বৃহৎ জাৱৰৰ দমে সচেতন লোকৰ মাজত সৃষ্টি কৰিছে বিৰূপ প্ৰতিক্ৰিয়াৰ ৷ পাঠশালাৰ সাপ্তাহিক বজাৰ(Pathsala Weekly Market)ৰ কাষতে থকা জাৱৰৰ দমৰ দুৰ্গন্ধই অতিষ্ঠ কৰি তুলিছে ক্ৰেতা-বিক্ৰেতাক ৷

পাঠশালা, 15 নৱেম্বৰ : জাৱৰৰ দমৰ ওপৰতে চলি আছে এখন সাপ্তাহিক বজাৰ(Weekly Market) ৷ ঠাইৰ অভাৱৰ বাবে জাৱৰৰ দমত বহিয়েই বিক্ৰেতাই বিক্ৰী কৰিবলগীয়া হৈছে তেওঁলোকৰ খাদ্য সামগ্ৰী ৷ এই দৃশ্য পৰিলক্ষিত হৈছে বজালী জিলাৰ সদৰ পাঠশালাৰ সাপ্তাহিক বজাৰ(Pathsala Weekly Market)ত ৷

জাৱৰৰ দমত বহিছে Pathsala Weekly Market

পাঠশালাৰ দৈনিক বজাৰৰ সমীপত থকা পানী যোগান আঁচনিৰ কাষতে থকা জাৱৰৰ দমে এতিয়া অতিষ্ঠ কৰি তুলিছে গ্ৰাহক আৰু বিক্ৰেতাসকলক ৷ জাৱৰৰ দমৰ গেলা দুৰ্গন্ধই সামগ্ৰী ক্ৰয় কৰাত অসুবিধাত পেলাইছে গ্ৰাহকসকলক ৷ বিক্ৰেতাই জনোৱা মতে, জাৱৰ দমৰ পৰা ওলোৱা দুৰ্গন্ধৰ বাবে ক্ৰেতাই বস্তু ক্ৰয় নকৰে, যাৰ ফলস্বৰূপে লোকচানৰ সম্মুখীন হৈছে বিক্ৰেতাসকল ।

সেয়েহে শীঘ্ৰেই জাৱৰৰ দমটো বজাৰৰ কাষৰ পৰা আঁতৰাবলৈ পাঠশালা পৌৰসভাক আহ্বান জনায় বিক্ৰেতাসকলে ৷ অতি পৰিতাপৰ বিষয় যে, দেশত স্বচ্ছতাৰ ন ন আঁচনি ৰূপায়ণ কৰি চৰকাৰে পৰিৱশ সুস্থ কৰাৰ সিদ্ধান্ত লোৱাৰ সময়তে পাঠশালাত পৌৰসভা(Pathsala Municipality)ৰ দৰে এটা বিভাগ থকাৰ পাচতো স্বচ্ছতাৰ প্ৰতি আওকাণ কৰা হৈছে ৷

পৌৰসভাৰ এনেবোৰ কাণ্ডই এতিয়া চকু কপালত তুলিছে পাঠশালাবাসীৰ ৷ পাঠশালা পৌৰসভাই বিভিন্ন সময়ত বিভিন্ন ধৰণে ৰাইজৰ পৰা কৰ সংগ্ৰহ কৰি আহিছে । কিন্তু এনেবোৰ সমস্যা বিভাগীয় কৰ্তৃপক্ষৰ চকুত কেতিয়া পৰিব, সেয়া ৰাইজৰ বাবে হৈ পৰিছে এক ডাঙৰ প্ৰশ্ন ৷

লগতে পঢ়ক : Rural development : গাঁঠিৰ ধন ভাঙি পঞ্চায়তৰ সভানেত্ৰীয়ে নিৰ্মাণ কৰিলে দলং

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.