চাহ শ্ৰমিকৰ ঘৰত নৈশযাপনেৰে দলক বচোৱাৰ চেষ্টা ভূপেন বৰাৰ !

By

Published : Nov 15, 2021, 4:04 PM IST

thumbnail

তিনিদিনীয়া কাৰ্যসূচীৰে মুম্বাইত প্ৰশিক্ষণ গ্ৰহণ কৰি অহা ৰাজ্যৰ বিধায়কসকলৰ বিলাসী জীৱনৰ বিপৰীতে চাহ শ্ৰমিকৰ বাসগৃহত নৈশযাপন কৰিলে APCC ৰ সভাপতি ভূপেন বৰাই ৷ ৰাজ্যৰ প্ৰধান বিৰোধী দল কংগ্ৰেছৰ অৱস্থা সম্প্ৰতি থৰক-বৰক ৷ কেইবাজনো বিধায়কৰ দলত্যাগে সম্প্ৰতি ৰাজ্যত কংগ্ৰেছৰ ভেটি যথেষ্ট দুৰ্বল কৰি তুলিছে ৷ হেৰুওৱা ভেটি পুনৰুদ্ধাৰৰ বাবে তৎপৰ হৈ পৰিছে দলটোৰ সভাপতি ভূপেন বৰা ৷ ডিব্ৰুগড়ৰ মোহনবাৰীৰ অন্তৰ্গত মোকালবাৰী চাহ বাগিচাৰ শ্ৰমিক সন্তোষ পাটনায়কৰ গৃহত দেওবাৰে নিশাটো থাকি তাকেই যেন বুজাব বিচাৰিলে APCC ৰ সভাপতিগৰাকীয়ে ৷ তদুপৰি চাহ শ্ৰমিকসকলৰ সুখ-দুখৰো বুজ লয় বৰাই ৷ বিলাসী হাজাৰটকীয়া প্লেটৰ খাদ্যৰ বিপৰীতে চাহ জনজাতিৰ পৰম্পৰাগত খাদ্যৰো জুতি লয় কংগ্ৰেছৰ সভাপতিগৰাকীয়ে ৷ ইয়াৰ পূৰ্বে APCC ৰ তত্বাৱধায়ক জীতেন্দ্ৰ সিঙে বৰবৰুৱা লেপেটকটা বাগিচাৰ শ্ৰমিকৰ গৃহত নৈশ যাপন কৰিছিল ৷ বিগত লোকসভা নিৰ্বাচনৰ সময়তো চাবুৱাত কংগ্ৰেছৰ যুৱৰাজ ৰাহুল গান্ধীয়ে চাহ শ্ৰমিকৰ সৈতে বহি একেলগে বহি দিনৰ আহাৰ গ্ৰহণ কৰা দেখা গৈছিল ৷

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.