ETV Bharat / bharat

JNU Clashes : এবিভিপি-বাওঁপন্থী ছাত্ৰ সংগঠনৰ কৰ্মীৰ মাজত সংঘৰ্ষ

author img

By

Published : Nov 15, 2021, 12:24 PM IST

দেওবাৰে ৰাজধানী চহৰ নতুন দিল্লী(New Delhi)ৰ জৱাহৰলাল নেহৰু বিশ্ববিদ্যালয়(JNU) অনুষ্ঠিত হৈছিল এখন সভা ৷ উক্ত সভাৰ মাজতে এবিভিপি(ABVP) আৰু বাঁওপন্থী দলৰ সদস্যসকল(Left student organization)ৰ মাজত সৃষ্টি হৈছিল সংঘৰ্ষৰ ৷ ঘটনাটোত আহত হৈছিল দুয়োপক্ষৰে বহুকেইগৰাকী কৰ্মী ৷

JNU Clashes
এবিভিপি-বাওঁপন্থী ছাত্ৰ সংগঠনৰ কৰ্মীৰ মাজত সংঘৰ্ষ

নেশ্যনেল ডেস্ক, 15 নৱেম্বৰ : দেওবাৰে ৰাজধানী চহৰ নতুন দিল্লী(New Delhi)ৰ জৱাহৰলাল নেহৰু বিশ্ববিদ্যালয়(Jawaharlal University)ত অনুষ্ঠিত হৈছিল এখন সভা ৷ উক্ত সভাৰ মাজতে এবিভিপি(ABVP) আৰু বাঁওপন্থী দল(Left student organization)ৰ সদস্যসকলৰ মাজত সৃষ্টি হৈছিল সংঘৰ্ষৰ ৷ ঘটনাটোত আহত হৈছিল দুয়োপক্ষৰে বহুকেইগৰাকী কৰ্মী ৷ জৱাহৰলাল নেহৰু বিশ্ববিদ্যালয়ৰ ছাত্ৰ একতা সভাৰ সদস্যসকলে তেওঁলোকক বাওঁপন্থী দলৰ সদস্যই আক্ৰমণ কৰা বুলি দাবী কৰে ৷

বিশ্ববিদ্যালয়খনৰ এবিভিপি গোটৰ সভাপতি শিৱম চৌৰাছিয়াই আক্ৰমণৰ ঘটনা সন্দৰ্ভত কয় যে, দেওবাৰে বিশ্ববিদ্যালয়ত এখন সভা অনুষ্ঠিত হৈছিল ৷ সভাৰ মাজতে বাওঁপন্থী ছাত্ৰ সংগঠনৰ সদস্যসকলে বিপৰীত পক্ষক উদ্দেশ্যি অশ্লীল বাক্যবাণ প্ৰয়োগ কৰে ৷ তদুপৰি বাওঁপন্থী ছাত্ৰ-ছাত্ৰীসকলে দিব্যাংগ আৰু মহিলা কৰ্মীসকলকো আক্ৰমণ কৰে, য'ত তেওঁলোক গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হোৱাত ততাতৈয়াকৈ চিকিৎসালয়লৈ প্ৰেৰণ কৰা হয় ৷

ইয়াৰ বিপৰীতে জেএনইউ ছাত্ৰ সন্থা (JNU Student Union)ৰ সভাপতি আই চি ঘোষে এবিভিপিৰ কৰ্মীসকলে ভাৰতীয় ছাত্ৰ ফেডাৰেচন (SFI)ৰ কৰ্মীসকলক আক্ৰমণ কৰা বুলি দাবী কৰে ৷

আনহাতে, দেওবাৰৰ এই হিংসাত্মক ঘটনাৰ পিছতে আই চি ঘোষে টুইটযোগে বিশ্ববিদ্যালয় চৌহদত এবিভিপিৰ কৰ্মীসকলে বাৰে বাৰে হিংসাত্মক ঘটনা সংঘটিত কৰি গণতন্ত্ৰ ব্যাহত কৰা বুলি প্ৰকাশ কৰে ৷ লগতে এই ঘটনাৰ পাছতো জেএনইউ প্ৰশাসন নীৰৱ হৈ থাকিব নেকি বুলি প্ৰশ্ন উত্থাপন কৰে ৷ এই কৰ্মীসকলৰ ওপৰত কোনো ব্যৱস্থা লোৱা নহ'ব নেকি বুলিও ঘোষে প্ৰশ্ন কৰে ৷

ইতিমধ্যে সমগ্ৰ বিষয় সন্দৰ্ভত বসন্তকুঞ্জ থানাত এবিভিপিৰ সদস্যসকলে এক গোচৰ ৰুজু কৰিছে ৷ আনহাতে, বাওঁপন্থী ছাত্ৰ সন্থা (Left Student Union)ৰ সদস্যসকলে গোচৰটোৰ বিৰুদ্ধে গংগা ধাবাৰ পৰা সাবৰমতীলৈ সোমবাৰে সন্ধিয়া এক পদযাত্ৰাযোগে প্ৰতিবাদ সাব্যস্ত কৰিব ৷

লগতে চাওক: Tripura violence : কৰিমগঞ্জ আৰক্ষীয়ে আটক কৰিলে দুই মহিলা সাংবাদিকক

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.