ETV Bharat / state

Tripura violence : কৰিমগঞ্জ আৰক্ষীয়ে আটক কৰিলে দুই মহিলা সাংবাদিকক

author img

By

Published : Nov 15, 2021, 9:13 AM IST

TWO FEMALE JOURNALIST DETAINED BY KARIMGANJ POLICE AS10036
Tripura violence : কৰিমগঞ্জ আৰক্ষীয়ে আটক কৰিলে দুই মহিলা সাংবাদিকক

দেওবাৰে নিশা কৰিমঞ্জৰ নিলামবজাৰ আৰক্ষীয়ে আটক কৰিলে দিল্লীৰ দুই মহিলা সাংবাদিকক ৷ ত্ৰিপুৰা সংঘৰ্ষৰ ওপৰত বাতৰি পৰিৱেশনৰ বাবে ত্ৰিপুৰালৈ আহিছিল দিল্লীৰ দুয়োগৰাকী সাংবাদিক ৷

কৰিমগঞ্জ, 15 নৱেম্বৰ : কৰিমগঞ্জৰ নিলামবজাৰ আৰক্ষীয়ে আটক কৰিলে দিল্লীৰ দুই মহিলা সাংবাদিকক ৷ ত্ৰিপুৰা আৰক্ষীৰ খবৰৰ ভিত্তিত আটক কৰা হয় দুয়োগৰাকী সাংবাদিকক ৷ দিল্লীৰ এটা নিউজ পৰ্টেলৰ সাংবাদিক সমৰিদ্ধি সকুনিয়া আৰু স্বৰ্ণা ঝাই ত্ৰিপুৰালৈ গৈ ত্ৰিপুৰা সংঘৰ্ষৰ ওপৰত বাতৰি পৰিৱেশন কৰিছিল ৷

দুই মহিলা সাংবাদিক ভাষ্য

এই দুয়োগৰাকী সাংবাদিকৰ বিৰুদ্ধে গোচৰ ৰুজু কৰে বিশ্ব হিন্দু পৰিষদে ৷ তেওঁলোকে সম্প্ৰীতি বিনষ্ট কৰি বাতৰি পৰৱেশন কৰা বুলি অভিযোগ উত্থাপন কৰিছিল বিশ্ব হিন্দু পৰিষদে ৷ প্ৰথমাৱস্থাত দুয়োকে ত্ৰিপুৰাত আটক কৰা হৈছিল যদিও জামিন প্ৰদান কৰা হয় ৷ ইয়াৰ পিছতে শিলচৰ বিমানবন্দৰৰ পৰা দিল্লীলৈ ওভতাৰ সময়তেই পুনৰ আটক কৰা হয় দুয়োকে ৷

সাংবাদিক দুগৰাকীক আটক কৰাৰ বাবে কৰিমগঞ্জৰ নিলামবজাৰ আৰক্ষীৰ সহায় লয় ত্ৰিপুৰা আৰক্ষীয়ে ৷ আটক হোৱাৰ পিছত দুয়োগৰাকী সাংবাদিকে আৰক্ষীৰ বিৰুদ্ধে উত্থাপন কৰিছে অভিযোগ ৷

ছিদ্দিক আহমেদৰ ভাষ্য

দুয়োগৰাকী সাংবাদিকক নিলামবাজৰ আৰক্ষীয়ে আটক কৰাৰ পিছতে ত্ৰিপুৰা আৰক্ষীৰ দল কৰিমগঞ্জত উপস্থিত হয় ৷ কিন্তু দক্ষিণ কৰিমগঞ্জৰ বিধায়ক ছিদ্দিক আহমেদৰ নেতৃত্বত অহা এটা দলে দুয়োগৰাকী সাংবাদিককে নিশাৰ ভাগত ত্ৰিপুৰা লৈ যোৱাৰ ক্ষেত্ৰত বাধা আৰোপ কৰে ।

অৱশেষত দুয়োগৰাকী সাংবাদিকক নিলামবজাৰ এলেকাৰ উজ্জলা হোম'ত মহিলা আৰক্ষীৰ সুৰক্ষাৰে প্ৰেৰণ কৰা হয় ৷ প্ৰাপ্ত তথ্য অনুসৰি সোমবাৰে দুয়োগৰাকী সাংবাদিকক চমজি ল’ব ত্ৰিপুৰা আৰক্ষীৰ এটা বিশেষ দলে ৷

লগতে পঢ়ক : দিছপুৰ বিপদত : বছৰি দুহেজাৰ কোটিকৈ হ্ৰাস পাইছে ৰাজহ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.